ETV Bharat / bharat

শব্দ তৰংগই ভাইৰাছ তথা বেক্টেৰিয়া দূৰ কৰিব পাৰেঃ সুদেশ বাৰ্মা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনতাক বাদ্য যন্ত্ৰ বজোৱা অথবা হাত চাপৰি মাৰিব দিয়াৰ আঁৰত কোনো বৈজ্ঞানিক যুক্তি আছে বুলি দাবী জনায় বিজেপিৰ মুখপাত্ৰ সুদেশ বাৰ্মাই ৷

সুদেশ বাৰ্মা
সুদেশ বাৰ্মা
author img

By

Published : Mar 21, 2020, 9:12 PM IST

নেশ্যলেন ডেস্ক, 21 মাৰ্চঃ দেওবাৰে সন্ধিয়া 5 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনতাক বাদ্য যন্ত্ৰ বজোৱা অথবা হাত চাপৰি মাৰিব দিয়াৰ আঁৰত কোনো বৈজ্ঞানিক যুক্তি আছে বুলি দাবী জনায় বিজেপিৰ মুখপাত্ৰ সুদেশ বাৰ্মাই ৷ তেওঁ কয় যে, শব্দ তৰংগই ভাইৰাছ তথা বেক্টেৰিয়া দূৰ কৰিব পাৰে ৷ বাৰ্মাই নিজেও শংখ বজাই থকা এটা ভিডিঅ' প্ৰকাশ কৰিছে ৷ তেওঁ সকলো নাগৰিককে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনুৰোধক অনুসৰণ কৰি যিকোনো বাদ্য যন্ত্ৰ বজাবলৈ সকলোকে আহ্বান জনাইছে ৷

শব্দ তৰংগই ভাইৰাছ তথা বেক্টেৰিয়া দূৰ কৰিব পাৰেঃ সুদেশ বাৰ্মা

আনহাতে বিজেপিৰ আন এজন মুখপাত্ৰ শ্বাহনাৱাজ হুছেইনেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'জনতাৰ সান্ধ্য আইন' কাৰ্যসূচী মানিবলৈ দেশৰ নাগৰিকক আহ্বান জনাই, অতিকৈ জৰুৰী নহ'লে ঘৰৰ পৰা বাহিৰ নোলাবলৈ আহ্বান জনাইছে ৷ "আমি সকলোৱে একেলগে কৰ'ণা ভাইৰাছৰ স'তে যুঁজ দিব লাগিব ৷ আমি আশা কৰো যে আমি ইয়াক পৰাস্ত কৰিবলৈ সক্ষম হ'ম" বুলি উল্লেখ কৰে শ্বাহনাৱাজ হুছেইনে ৷

আমি সকলোৱে একেলগে কৰ'ণা ভাইৰাছৰ স'তে যুঁজ দিব লাগিবঃ শ্বাহনাৱাজ হুছেইন

চিকিৎসা কৰ্মী, অনাময় কৰ্মী, বিমান কৰ্মী, ডেলিভাৰী কৰ্মী আৰু সংবাদ কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমৰ প্ৰতি লক্ষ্য ৰাখি মোডীয়ে, সকলোকে দেওবাৰে সন্ধিয়া 5 বজাত পাঁচ মিনিটৰ বাবে থিয় হৈ হাত চাপৰি আৰু কোনো পাত্ৰ অথবা ঘন্টা বজাই তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপনৰ আহ্বান জনায় ৷

লগতে পঢ়কঃ কোভিদ 19ঃ আতংকৰ বিপৰীতে পৰিচ্ছন্নতাৰ বাৰ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.