নিউজ ডেস্ক, 13 নৱেম্বৰঃ বুধবাৰে উচ্চতম ন্যায়ালয়ে কৰ্ণাটকৰ কংগ্ৰেছ-জে ডি এচৰ 17 গৰাকী বিধায়কৰ আবেদন সন্দৰ্ভত ৰায়দান কৰে ৷ বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰৰ নিৰ্দেশনাক বাহাল ৰাখি আটাই কেইগৰাকী বিধায়কক উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ অনুমতি প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে ৷ কৰ্ণাটক বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে বিধায়ককেইগৰাকীক অযোগ্য বুলি ঘোষণা কৰিছিল ৷
বিষয়টো সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এন বি ৰবি,ন্যায়াধীশ সঞ্জীৱ খন্না আৰু ন্যায়াধীশ কৃষ্ণ মুৰাৰীৰ তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিছিল শুনানি ৷ 25 অক্টোবৰত সম্পূৰ্ণ কৰা হৈছিল শুনানি প্ৰক্ৰিয়া ৷
লগতে পঢ়কঃ মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসনৰ দ্বিতীয়টো দিন
25 অক্টোবৰত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণৰ পাচতেই সংৰক্ষণ কৰি ৰাখিছিল ৰায়দান ৷ বিধায়ক কেইজনক অযোগ্য ঘোষণা কৰাৰ পাচতেই ৰাজ্যখনত খালী হৈছিল 15 খনকৈ বিধানসভা সমষ্টিৰ আসন ৷ আটাইকেইখন আসনতে অহা 5 ডিচেম্বৰত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন ৷