ETV Bharat / bharat

স্বামী চিন্মায়ানন্দৰ ধৰ্ষণ গোচৰ: দিল্লী ন্যায়ালয়লৈ হস্তান্তৰৰ আৱেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানি - স্বামী চিন্মায়ানন্দ

এগৰাকী আইন ছাত্ৰৰ আৱেদন মৰ্মে উত্তৰ প্ৰদেশৰ পৰা দিল্লী ন্যায়ালয়লৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্বামী চিন্মায়ানন্দৰ বিৰুদ্ধে থকা ধৰ্ষণৰ গোচৰ হস্তান্তৰৰ কৰাৰ বিষয়ত উচ্চতম ন্যায়ালয়ৰ শুনানি গ্ৰহণৰ সন্মতি প্ৰদান ৷ এই শুনানি গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ এছ এ বোৱডেয়ে ৷ ইতিমধ্যে অধিবক্তাৰ সুৰক্ষাৰ বাবে প্ৰশাসনৰ কাষ চাপিবলৈ আহ্বান ৷

SC to hear plea for transferring rape case against Swami Chinmayanand to Delhi court
স্বামী চিন্মায়ানন্দৰ ধৰ্ষণ গোচৰ: দিল্লী ন্যায়ালয়লৈ হস্তান্তৰৰ আৱেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানি গ্ৰহণ
author img

By

Published : Feb 28, 2020, 2:58 PM IST

নিউজ ডেস্ক, 28 ফেব্ৰুৱাৰীঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্বামী চিন্মায়ানন্দৰ বিৰুদ্ধে থকা ধৰ্ষণৰ গোচৰ উত্তৰ প্ৰদেশৰ পৰা দিল্লী ন্যায়ালয়লৈ হস্তান্তৰৰ কৰাৰ বিষয়ত অহা 2 মাৰ্চত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ ন্যায়ালয়ৰ এগৰাকী ছাত্ৰৰ আৱেদন মৰ্মে শুকুৰবাৰে এই সন্মতি প্ৰদান কৰে উচ্চ ন্যায়ালয়ে ৷ মুখ্য ন্যায়াধীশ এছ এ বোৱডেৰ অধ্যক্ষতাত এই শুনানি গ্ৰহণ কৰা হ’ব ৷

মুখ্য ন্যায়াধীশ এছ এ বোৱডেৰ অধ্যক্ষতাৰ বিচাৰ পীঠৰ এজন জেষ্ঠ অধিবক্তাই কৈছিল যে, ধৰ্ষিতা মহিলাগৰাকীয়ে অনুৰোধ কৰিছিল যে উত্তৰ প্ৰদেশৰ সলনি দিল্লী ন্যায়ালয়লৈ হস্তান্তৰ কৰিব লাগে এই গোচৰ প্ৰক্ৰিয়া ৷ কাৰণ উত্তৰ প্ৰদেশত মহিলাগৰাকীয়ে জীৱনৰ প্ৰতি ভাবুকি অহা বুলি উল্লেখ কৰিছে ৷

বিচাৰ পীঠৰ দলটোৱে এই সন্দৰ্ভত শুনানি গ্ৰহণৰ সহমত প্ৰকাশ কৰি অধিবক্তা সকলৰ সুৰক্ষাৰ ক্ষেত্ৰতো প্ৰশাসনৰ সৈতে মিলিত হ’বলৈ আহ্বান জনাইছে ৷ অৱশ্যে অধিবক্তা গনচেলভেছে কয় তেওঁৰ সুৰুক্ষাৰ বাবে এজন অস্ত্ৰধাৰী উত্তৰ প্ৰদেশ পুলিছে ইতিমধ্যে প্ৰদান কৰিছে ৷ ইয়াৰ পূৰ্বে চিন্ময়ানন্দক এলাহাবাদ উচ্চ ন্যায়ালয়ে জামিনত মুক্তি কৰাৰ বিৰুদ্ধেও আৱেদন দাখিল কৰা হৈছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.