নেশ্যনেল ডেস্ক, ৫ জুনঃ উত্তৰ প্ৰদেশত শোকাৱহ পথ দুৰ্ঘটনা । শুকুৰবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনা । দুৰ্ঘটনাত নিহত হয় ৯ জন লোকৰ । উল্লেখ্য যে, লক্ষ্ণৌৰ প্ৰয়াগৰাজ ৰাষ্ট্ৰীয় ঘাইপথত পুৱা প্ৰায় ৬ বজাত এখন ট্ৰাক আৰু স্কৰপিঅ'ৰ মাজত সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা ।

দুৰ্ঘটনাত ট্ৰাক চালকজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও স্কৰপিঅ'খনৰ আটাইকেইজন আৰোহীৰ মৃত্যু হয় । দুৰ্ঘটনা সংঘটিত স্কৰপিঅ'খন ট্ৰাকখনৰ বিপৰীত দিশৰ পৰা তীব্ৰ বেগত অহাৰ ফলতেই সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা ।

আনহাতে, স্কৰপিঅ'খনত থকা যাত্ৰীসকল ৰাজস্থানত কৰ্মৰত আছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । ব্যক্তিগত বাহনেৰে আটাইকেইজনে বিহাৰৰ দিশে গৈ থকা বুলি সদৰী কৰে । দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৪ জন পুৰুষ, ২ শিশু আৰু ৩ গৰাকী মহিলা আছিল বুলি সদৰী কৰে আৰক্ষীয়ে ।