ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ বায়'পিকৰ পুনৰ মুক্তিয়ে নিৰ্বাচনত প্ৰভাৱ নেপেলায়: নিৰ্বাচন আয়োগ

author img

By

Published : Nov 1, 2020, 10:11 AM IST

বিহাৰ বিধানসভা নিৰ্বাচনৰ মাজতে প্ৰধানমন্ত্ৰী জীৱনীভিত্তিক কথাছবিখনৰ পুনৰ মুক্তিয়ে নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় ৷ প্ৰধানমন্ত্ৰী বায়'পিক পুনৰ মুক্তিক লৈ উত্থাপন হোৱা এক অভিযোগৰ প্ৰত্যুত্তৰত এইদৰে কয় নিৰ্বাচন আয়োগে ৷ ইয়ে নিৰ্বাচনী বিধি উলংঘা নকৰে বুলি জনায় আয়োগে ৷

প্ৰধানমন্ত্ৰীৰ বায়'পিকৰ পুনৰ মুক্তিয়ে নিৰ্বাচনত প্ৰভাৱ নেপেলায়: নিৰ্বাচন আয়োগ
প্ৰধানমন্ত্ৰীৰ বায়'পিকৰ পুনৰ মুক্তিয়ে নিৰ্বাচনত প্ৰভাৱ নেপেলায়: নিৰ্বাচন আয়োগ

নিউজ ডেস্ক, 1 নৱেম্বৰ : বিহাৰ বিধানসভা নিৰ্বাচনৰ মাজতেই ৰাজ্যখনত মুক্তি দিয়া হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বায়'পিক ৷ এই সন্দৰ্ভত নিৰ্বাচনৰ আয়োগে লাভ কৰে এক অভিযোগ ৷ কিন্তু নিৰ্বাচনৰ আয়োগে অভিযোগৰ পিচত প্ৰদান কৰা মন্তব্যই সকলোকে ভবাই তুলিবলৈ বাধ্য কৰাইছে ৷

শেহতীয়াকৈ সমগ্ৰ দেশতে চিনেমা হ'লসমূহ মুকলি কৰিবলৈ নিৰ্দেশ দিছিলে কেন্দ্ৰই ৷ এনে অৱস্থাত বিহাৰতো মুকলি কৰা হৈছিল চিনেমা হ'লসমূহ ৷ কিন্তু বিহাৰত নিৰ্বাচন চলি থকাৰ সময়তে ৰাজ্যখনৰ চিনেমা হ'লসমূহত পুনৰ মুক্তি দিয়া হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বায়'পিক ৷

ইয়াৰ পিচতেই এগৰাকী ব্যক্তিয়ে এই সন্দৰ্ভত নিৰ্বাচনী বিধি উলংঘা হোৱা বুলি নিৰ্বাচনী আয়োগৰ কাষ চাপে ৷ বিগত বৰ্ষৰ মে' মাহত মুক্তি দিয়া কথাছবিখন যিহেতু বিহাৰত নিৰ্বাচন চলি আছে, তেনে অৱস্থাত কি কাৰণত বিহাৰত পুনৰ মুক্তি দিয়া হ'ল সেই সন্দৰ্ভত নিৰ্বাচন আয়োগক প্ৰশ্ন কৰা হৈছিল ৷ আশ্বৰ্য্যজনকভাৱে ব্যক্তিগৰাকীৰ এই অভিযোগক খণ্ডন কৰে নিৰ্বাচন আয়োগে ৷ নিৰ্বাচন আয়োগে এই সন্দৰ্ভত স্পষ্টভাৱে জনাই দিয়ে যে, বিহাৰৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰীৰ বায়'পিকে কোনো প্ৰভাৱ নেপেলায় ৷ নিৰ্বাচনৰ সৈতে ইয়াৰ পুনৰ মুক্তিৰ কোনো সংগতি নাই বুলি কৈ ইয়ে কোনোধৰণৰ নিৰ্বাচনী বিধি উলংঘা কৰা নাই বুলি জনালে ৰাজ্যিক নিৰ্বাচন আয়োগে ৷

কিন্তু বিগত বৰ্ষৰ 10 এপ্ৰিলত কেন্দ্ৰীয় নিৰ্বাচন আয়োগে দেশৰ লোকসভা নিৰ্বাচন সমাপ্ত নোহোৱালৈকে এইখন কথাছবিৰ মুক্তি বন্ধ কৰি ৰাখিবলৈ নিৰ্দেশ দিছিল ৷ তেনে অৱস্থাত বিহাৰত বিধানসভা নিৰ্বাচনৰ মাজত ইয়াৰ মুক্তিয়ে কি বুজাইছে সেয়া সকলোৱে নিশ্চয়কৈ বুজি পাইছে ৷

লগতে পঢ়ক : প্ৰাক্তন বিধায়ক ভূৱনেশ্বৰ বৰ্মনৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.