ETV Bharat / bharat

উত্তৰ প্ৰদেশত কোভিড-১৯ পৰীক্ষাৰ বাবে ব্য়ৱহাৰ কৰা হ'ব ৰেপিড এণ্টিজেন টেষ্টিং কীট

author img

By

Published : Jun 23, 2020, 8:15 PM IST

উত্তৰ প্ৰদেশৰ নয়ডা, গাজিয়াবাদ, লক্ষ্ণৌ, গোৰখপুৰ, বাৰাণসী আৰু কাণপুৰ নগৰ জিলাত প্ৰথমে ৰেপিড এণ্টিজেন টেষ্টিং কীট ব্যৱহাৰ কৰা হ'ব। ইয়াৰ বাবে স্বাস্থ্য বিভাগে ইতিমধ্যে সকলো প্ৰস্তুতি কৰিছে বুলি জানিব পৰা গৈছে।

Uttar Pradesh
Rapid Antigen testing kits to be used for COVID in Uttar Pradesh from tomorrow

নিউজ ডেস্ক, ২৩ জুনঃ ২৪ জুন অৰ্থাৎ বুধবাৰৰ পৰা উত্তৰ প্ৰদেশত কোভিড-১৯ পৰীক্ষাৰ বাবে ব্য়ৱহাৰ কৰা হ'ব ৰেপিড এণ্টিজেন টেষ্টিং কীট (Rapid Antigen testing kit)। কোভিড-১৯ পৰীক্ষাৰ ক্ষেত্ৰত বিশেষকৈ ৰাজ্যখনৰ ৬ খন জিলাত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব বুলি গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সম্পাদক আৱানিষ কে আৱাষ্ঠীয়ে প্ৰকাশ কৰে।

অতিৰিক্ত মুখ্য সম্পাদকগৰাকীয়ে উল্লেখ কৰা অনুসৰি নয়ডা, গাজিয়াবাদ, লক্ষ্ণৌ, গোৰখপুৰ, বাৰাণসী আৰু কাণপুৰ নগৰ জিলাত প্ৰথমে এই কীট ব্যৱহাৰ কৰা হ'ব। ইয়াৰ বাবে স্বাস্থ্য বিভাগে ইতিমধ্যে সকলো প্ৰস্তুতি কৰিছে বুলি জানিব পৰা গৈছে।

কাইলৈৰ পৰা উত্তৰ প্ৰদেশত কোভিড-১৯ পৰীক্ষাৰ বাবে ব্য়ৱহাৰ কৰা হ'ব ৰেপিড এণ্টিজেন টেষ্টিং কীট

ৰাজ্যখনৰ মুখ্য স্বাস্থ্য বিষয়া অমিত মোহৰ প্ৰসাদে উল্লেখ কৰা অনুসৰি কোভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ বাবে ৰাজ্যখনৰ মুঠ ২০,৭৫৩ টা অঞ্চল নিৰীক্ষণত ৰখা হৈছে । ইয়াৰ ভিতৰত ৭,১৬৪ টা কোভিড-১৯ হ'টস্পট হিচাপে আৰু ১৩,৫৮৯ টা কণ্টেইনমেণ্ট জ'ন হিচাপে চিনাক্ত কৰা হৈছে।

তদুপৰি, লক ডাউনৰ সময়ত দেশৰ বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা মুঠ ১৮,১৮,৪০৫ গৰাকী প্ৰব্ৰজনকাৰী শ্ৰমিক উত্তৰ প্ৰদেশলৈ উভতি আহিছে বুলি উল্লেখ কৰে মুখ্য স্বাস্থ্য বিষয়া অমিত মোহৰ প্ৰসাদে। আশা কৰ্মীৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ইয়াৰে ১৫২৩ গৰাকী শ্ৰমিকৰ দেহত কোভিড-১৯ৰ লক্ষণ পোৱা গৈছে। এইসকল শ্ৰমিকৰ ভিতৰত ১২০৬ গৰাকী শ্ৰমিকৰ কোভিড-১৯ৰ ফলাফল লাভ কৰা গৈছে । ফলাফল অনুসৰি মুঠ ২১২ গৰাকী প্ৰব্ৰজনকাৰী শ্ৰমিক কোভিড-১৯ত আক্ৰান্ত হৈছে আৰু বৰ্তমানেও ৯৯৪ গৰাকী শ্ৰমিকৰ ফলাফল আহিবলৈ বাকী আছে।

লগতে পঢ়ক :
তিনি দিন উকলাৰ পাছতো স্বাৱ পৰীক্ষণ নহ'ল CRPF জোৱানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.