ETV Bharat / bharat

ধীৰুভাই আম্বানীৰ জ্যেষ্ঠ ভাতৃ ৰামনিকভাইৰ পৰলোকপ্ৰাপ্তি

ধীৰুভাই আম্বানীৰ জ্যেষ্ঠ ভাতৃ ৰামনিকভাই আম্বানীৰ সোমবাৰে পৰলোকপ্ৰাপ্তি ঘটে ৷ 95 বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত তেওঁৰ মৃত্যু হয় ৷

95 বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত ৰামনিকভাইৰ মৃত্যু
ধীৰুভাই আম্বানীৰ জ্যেষ্ঠ ভাতৃ ৰামনিকভাইৰ পৰলোকপ্ৰাপ্তি
author img

By

Published : Jul 28, 2020, 3:00 PM IST

নেশ্যনেল ডেস্ক, 28 জুলাই : ৰিলায়েন্স কোম্পানীৰ প্ৰতিষ্ঠাপক ধীৰুভাই আম্বানীৰ জ্যেষ্ঠ ভাতৃ ৰামনিকভাই আম্বানীৰ সোমবাৰে আহমেদাবাদত পৰলোকপ্ৰাপ্তি ঘটে ৷ 95 বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে,ৰামনিকভাই আম্বানীয়ে ভাতৃ ধীৰুভাই আম্বানীৰ জীৱনৰ প্ৰতিটো সময় ভালদৰে প্ৰত্যক্ষ কৰিছিল ৷ ৰিলায়েন্সৰ আৰম্ভণিত ৰামনিকভাই আম্বানীৰো অশেষ অৱদান আছে ৷ টেক্সটাইল ব্ৰেণ্ড বিমলৰ নাম ৰামনিকভাই আম্বানীৰ পুত্ৰ বিমলৰ নামেৰে নামাকৰণ কৰিছিল ধীৰুভাই আম্বানীয়ে ৷ ৰামনিকভাইৰ কন্যা ইলাৰ সৈতে গুজৰাটৰ শক্তি মন্ত্ৰী সৌৰভ পেটেলৰ বিবাহ হৈছিল ৷

পৰিয়ালৰ মতে,তেওঁ জীৱনৰ 95 বছৰত দেশৰ উত্থান-পতন নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল ৷ উল্লেখ্য যে, 1924 চনত হিৰাচন্দ আৰু জমুনাবেন আম্বানীৰ ঘৰত ৰামনিকভাই আম্বানীৰ জন্ম হৈছিল ৷ তিনিজন ভাতৃৰ তেওঁ জ্যেষ্ঠ আছিল ৷ তেওঁৰ দুই কনিষ্ঠ ভাতৃ হৈছে ধীৰুভাই আম্বানী আৰু নাতুভাই আম্বানী ৷ তেওঁৰ দুই পুত্ৰৰ নাম হৈছে ত্ৰিলোচনা বেন আৰু জছুমতি বেন ৷

লগতে পঢ়ক : কেৱল ভূখণ্ডৰ বাবেই নহয়, পূব লাডাখৰ তেল-গেছৰ বাবেও হ’ব পাৰে ভাৰত-চীনৰ সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.