ETV Bharat / bharat

পুনৰ সম্প্ৰচাৰিত হ'ব ৰামানন্দ সাগৰৰ 'ৰামায়ণ' - কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভাদেকাৰ

পুনৰ দৰ্শকে উপভোগ কৰিব পাৰিব 'ৰামায়ণ' ৷ শনিবাৰৰ পৰা দিনে দুবাৰকৈ উপভোগ কৰিব পাৰিব জনপ্ৰিয় ধাৰাবাহিকখন ৷

ৰামানন্দ সাগৰৰ 'ৰামায়ণ'
পুনৰ দৰ্শকে উপভোগ কৰিব পাৰিব 'ৰামায়ণ'
author img

By

Published : Mar 27, 2020, 1:25 PM IST

নেশ্যনেল ডেস্ক, 27 মাৰ্চ শনিবাৰৰ পৰা দূৰদৰ্শনে পুনৰ সম্প্ৰচাৰণ কৰিব পৌৰাণিক কাহিনী 'ৰামায়ণ' ৷ দৰ্শকৰ বিপুল সঁহাৰিৰ বাবেই ৰামায়ণৰ পুনৰ সম্প্ৰচাৰণ কৰা হ'ব বুলি শুকুৰবাৰে মন্তব্য় কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভাদেকাৰে ৷

বহু চ'ছিয়েল মিডিয়া প্লেটফৰ্মে 21 দিনীয়া ৰাষ্ট্ৰজোৰা ল'কডাউনৰ সময়ছোৱাত ৰামায়ণ সাগৰৰ পৰিচালনাৰ ৰামায়ণ আৰু বি. আৰ. চোপ্ৰাৰ মহাভাৰত সম্প্ৰচাৰণ কৰিবলৈ দাবী জনাইছিল ৷ এই দাবীৰ পাচতে প্ৰচাৰ ভাৰতীৰ মুখ্য় কাৰ্যবাহী বিষয়া শশী শেখৰে দুদিন আগতে মন্তব্য় কৰিছিল যে, এই সম্পৰ্কত তেওঁলোকে চিন্তা-চৰ্চা কৰি আছে ৷

এই সম্পৰ্কত শুকুৰবাৰে টুইটাৰৰ জৰিয়তে তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী প্ৰকাশ জাভাদেকাৰে কয়, "এই কথা জনাবলৈ পাই সুখী হৈছো যে, 28 মাৰ্চ, শনিবাৰৰ পৰা ৰামায়ণৰ পুনৰ সম্প্ৰচাৰণ কৰা হব ৷ এটা খণ্ড পুৱা 9 বজাৰ পৰা 10 বজালৈ আৰু আনটো খণ্ড সন্ধিয়া 9 বজাৰ পৰা 10 বজালৈ সম্প্ৰচাৰণ কৰা হব ৷"

  • Happy to announce that on public demand, we are starting retelecast of 'Ramayana' from tomorrow, Saturday March 28 in DD National, One episode in morning 9 am to 10 am, another in the evening 9 pm to 10 pm.@narendramodi
    @PIBIndia@DDNational

    — Prakash Javadekar (@PrakashJavdekar) March 27, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া শশী শেখৰে জাভাদেকাৰৰ লগতে সাগৰ পৰিয়ালক এই সম্পৰ্কত ধন্যবাদ জ্ঞাপন কৰে ৷

ভগৱান ৰামৰ জীৱনভিত্তিক ৰামায়ণৰ কাহিনী প্ৰথমবাৰ 1987 চনত দূৰদৰ্শনত সম্প্ৰচাৰ কৰা হৈছিল ৷ ৰামৰ চৰিত্ৰত অৰুণ গোভিলে অভিনয় কৰাৰ পৰিৱৰ্তে সীতাৰ চৰিত্ৰত অভিনয় কৰিছিল দিপীকা চিখালিয়াই ৷

আৰু পঢ়ক : পুনৰ চীনক জগৰীয়া ট্ৰাম্পৰ, বেইজিঙৰ পৰা COVID-19ৰ উদ্ভৱ হোৱা বুলি মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.