নিউজ ডেস্ক, 13 জুনঃ ৰাজস্থানস্থিত ছানৱালিৱা শেঠ প্ৰাইক্ত মন্দিৰে লাভ কৰিছে বৃহৎ পৰিমানৰ ধনৰাশি । দান হিচাপে লাভ কৰিছে এই ধন । এই ধনৰ পৰিমান হৈছে 1 কোটি 38 লাখ টকা । কিন্তু কোনে এই বৃহৎ ধন আগবঢ়ালে সেই বিষয়ে জ্ঞাত নহয় ।
ডিমান ড্ৰাফটৰ জৰিয়তে মন্দিৰটোলৈ প্ৰদান কৰিছে এই দান । ছানৱালিৱা শেঠ প্ৰাইক্ত মন্দিৰ মণ্ডলৰ সভাপতিয়ে নিশ্চিত কৰিছে এই কথা ।
উল্লেখ্য যে, লক ডাউনৰ বাবে আঢ়ৈ মাহৰো অধিক সময় বন্ধ হৈ আছিল মন্দিৰটো । কিন্তু বন্ধ হৈ থকা সময়তো মন্দিৰটোলৈ অগণন ভক্তই দান-দক্ষিণা আগবঢ়াই আহিছিল । লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি আৰু PM কেয়াৰ ফাণ্ডৰ পৰাও অৰ্থনৈতিক সাহায্য হিচাপে মন্দিৰ কৰ্তৃপক্ষই লাভ কৰিছে 1 কোটি 52 লাখ টকা ।
লগতে চাওকঃ পৰিস্থিতি সাপেক্ষে গুৱাহাটীত পুনৰ হ'ব পাৰে লক ডাউনঃ হিমন্ত বিশ্ব শৰ্মা