ETV Bharat / bharat

'Speak Up Against Fuel Hike' অভিযানত অংশ ল'বলৈ দেশবাসীক আহ্বান ৰাহুল গান্ধীৰ - ছ'চিয়েল মিডিয়া

বিগত ২১ দিনে দেশত ধাৰাবাহিকভাৱে পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধি কৰি কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক লুটপাত চলাই আছে। সেয়ে সকলো লোকে ইয়াৰ বিৰুদ্ধে মাত মাতি চৰকাৰক এই মূল্যবৃদ্ধি হ্ৰাস কৰাৰ বাবে দাবী জনাবলৈ আহ্বান ৰাহুল গান্ধীৰ।

Rahul Gandhi
Rahul Gandhi urges people to 'Speak Up Against Fuel Hike'
author img

By

Published : Jun 29, 2020, 5:38 PM IST

নিউজ ডেস্ক, ২৯ জুনঃ কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ তথা বৰ্তমানৰ সাংসদ ৰাহুল গান্ধীয়ে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এটা অভিযান আৰম্ভ কৰিছে। সোমবাৰে কংগ্ৰেছ নেতাগৰাকীয়ে 'Speak Up Against Fuel Hike' অভিযানত অংশ লৈ জনসাধাৰণৰ হকে মাত-মতাৰ লগতে শীঘ্ৰে এই মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায় । তেখেতে মাইক্ৰ' ব্ল'গিং চাইট টুইটাৰত এটা ভিডিঅ'যোগে সমগ্ৰ দেশবাসীক 'Speak Up Against Fuel Hike' অভিযানত অংশ ল'বলৈ আহ্বান জনায় ।

বিগত ২১ দিনে দেশত ধাৰাবাহিকভাৱে পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধি কৰি কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক লুটপাত চলাই আছে বুলি ভিডিঅ'টোত উল্লেখ কৰে । সেয়ে সকলো লোককে এই আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে মাত মাতি চৰকাৰক এই মূল্যবৃদ্ধি হ্ৰাস কৰাৰ বাবে দাবী জনাবলৈ আহ্বান জনায়। তদুপৰি সকলো লোককে ছ'চিয়েল মিডিয়াত এই ভিডিঅ'টো শ্বেয়াৰ কৰি এই অভিযান অধিক ক্ষীপ্ৰতৰ কৰি তুলিবলৈ অনুৰোধ জনায় ৰাহুল গান্ধীয়ে।

উল্লেখ্য যে, ৭ জুনৰ পৰা প্ৰতিদিনে বৃদ্ধি হৈ আছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য । সোমবাৰৰ দিনটোত দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লত ৫ পইচাকৈ বৃদ্ধি হৈ ৮০.৪৩ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ১৩ পইচা বৃদ্ধি হৈ ৮০.৫৩ টকা হয়। বিগত কেইবাদিন ধৰি ৰাজধানী চহৰখনত পেট্ৰ'লৰ তুলনাত অধিক হৈ আছে ডিজেলৰ মূল্য। কংগ্ৰেছে পেট্ৰ'ল আৰু ডিজেলৰ এই মূল্যবৃদ্ধিক জনসাধাৰণৰ প্ৰতি অন্যায় বুলি অভিহিত কৰিছে।

Rahul Gandhi urges people to 'Speak Up Against Fuel Hike'
'Speak Up Against Fuel Hike' অভিযানত অংশ ল'বলৈ দেশবাসীক আহ্বান ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.