ETV Bharat / bharat

CAA বিৰোধীক সমৰ্থনৰ লক্ষ্যৰে অসম ভ্ৰমণ কৰিব ৰাহুল গান্ধীয়ে

author img

By

Published : Dec 28, 2019, 9:54 AM IST

এদিনীয়া ভ্ৰমণসূচীৰে অসম ভ্ৰমণ কৰিব ৰাহুল গান্ধীয়ে ৷ নাগৰিকত্ব সংশোধনী আইনৰ (CAA) বিৰোধিতা কৰা লোকসকলক সমৰ্থন প্ৰদান কৰিব গান্ধীয়ে ৷

অসম ভ্ৰমণ
ৰাহুল গান্ধী

নেশ্যনেল ডেস্ক, 28 ডিচেম্বৰ : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শনিবাৰে এদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰিব ৷ কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতাই জানিবলৈ দিয়া অনুসৰি, নাগৰিকত্ব সংশোধনী আইনৰ (CAA) বিৰোধিতা কৰা লোকসকলক সমৰ্থন প্ৰদান কৰাৰ উদ্দেশ্যে অসম ভ্ৰমণ কৰিব গান্ধীয়ে ৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা হৰিশ ৰাৱটে জানিবলৈ দিয়া অনুসৰি, এক জনসভাত অংশগ্ৰহণ কৰাৰ উপৰি প্ৰতিবাদ কৰি প্ৰাণ হেৰুওৱা অসমৰ পাঁচজনকৈ লোকক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰিব ৰাহুল গান্ধীয়ে ৷

উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাৱটে কয়, "কিদৰে কেন্দ্ৰীয় আৰু অসম ৰাজ্যিক চৰকাৰে গণতান্ত্ৰিক প্ৰতিবাদক নাইকিয়া কৰাৰ লগতে বৰ্বৰতা প্ৰদৰ্শন কৰিছে সেই বিষয়ে অসমৰ লোকৰ সৈতে আলোচনা কৰিব ৷"

গুৱাহাটীৰ ছয়গাঁৱত আৰক্ষীৰ গুলীত প্ৰতিবাদৰ সময়ত নিহত হোৱা ছেম ষ্টেফৰ্ড (16) আৰু দীপাঞ্জল দাসৰ (17) পৰিয়ালকো ৰাহুল গান্ধীয়ে সাক্ষাৎ কৰিব ৷ ৰাৱটে কয়, "CAA বিৰোধী প্ৰতিবাদত দিল্লী আৰু উত্তৰ প্ৰদেশত মৃত্যু হোৱা লোকৰ পৰিয়ালকো ৰাহুল গান্ধীয়ে লগ কৰিছে ৷" তেওঁ কয়,"ৰাহুল গান্ধীৰ পিতৃ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে 1985 চনত অসম চুক্তিত স্বাক্ষৰ কৰিছিল ৷ সেয়েহে তেওঁ অসমৰ লোকৰ অনুভূতিক বুজি পায় ৷"

উল্লেখ্য যে, অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত অসমত হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে ক্ষমতাৰ পৰা পদত্যাগ কৰিছিল ৷ নাগৰিকত্ব বিলখন (CAB) লোকসভা আৰু ৰাজ্যসভাত উত্থাপন কৰাৰ সময়ত কংগ্ৰেছেই প্ৰথমে ইয়াৰ বিৰোধিতা কৰিছিল বুলি মন্তব্য কৰি ৰাৱটে কয় যে,বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সৰু সৰু ৰাজনৈতিক দলসমূহক দমন কৰি সংসদত বিলখন গৃহীত কৰালে ৷ তেওঁ কয় যে, অসমৰ এটা সঁজাতি দলে AICC ৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ সৈতে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত আলোচনা কৰিবৰ বাবে মিলিত হৈছিল ৷ এই দলটোক ছোনিয়া গান্ধীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে,অসমীয়া লোকৰ অনুভূতিত আঘাত সানিবলৈ দিয়া নহ'ব ৷ ৰাৱটে কয়, "মই বিশ্বাস কৰো যে, আমাৰ ধৰ্মনিৰপেক্ষ সংবিধান আৰু সাংস্কৃতিক একতাই ভাৰতীয়ৰ ধাৰণাক বৰ্তাই ৰাখিব ৷ কিন্তু CAA য়ে এই ক্ষেত্ৰত বিভেদ সৃষ্টি কৰিছে ৷"

আৰু পঢ়ক : ২০১৯ চনৰ ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ মূল দিশসমূহ

Intro:Body:

Rahul Gandhi to visit Assam today, extend solidarity to anti-CAA protesters

Guwahati, Dec 27 (PTI) Congress leader Rahul Gandhi will pay a day-long visit to Assam on Saturday to extend the party's solidarity to the people protesting against the contentious Citizenship (Amendment) Act, its senior leader said.

Gandhi will also address a party rally and pay the party's tributes to the five people who were killed in the state during the stir against the Act, Congress in-charge of Assam, Harish Rawat told reporters here on Friday.

"Rahul Gandhi will speak to people about how the Centre and the BJP government in the state are trying to crush a democratic movement and stifle dissent with brutality.

"When people of Assam had hit the streets against the undemocratic move, five fell to bullets and several others were injured," Rawat, a former Uttarakhand chief minister, said.

He said Rahul Gandhi also wishes to meet the families of 16-year-old Sams Steford and 17-year-old Dipanjal Das, who were killed during the stir at Chaygaon near Guwahati.

"Rahul Gandhi had visited the families of those killed in unprovoked firing during anti-CAA protests in Delhi and Uttar Pradesh as he believes it is his humanitarian duty," Rawat said.

He said Gandhi's father former prime minister Rajiv Gandhi had signed the Assam Accord in 1985 "sacrificing" the Congress government in the state. "Rahul Gandhi understands the sentiments of the people of Assam as the state is close to him," Rawat said.

The Hiteswar Saikia-led Congress government in Assam had stepped down after the signing of the Accord.

Stating that Congress was the first party to speak against the Citizenship (Amendment) Bill when it was tabled in the Lok Sbha and the Rajya Sabha, Rawat accused the BJP-led government at Centre of using "defection, allurements and suppressing smaller parties" to get the Bill passed in Parliament.

He said AICC president Sonia Gandhi had told a visiting delegation of the Assam's civil society that the party was "obliged" to heed the sentiments of the people of the state on CAA.

"We believe that our secular Constitution and our cultural unity forge the concept of India. CAA crushes and destroys everything," Rawat said.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.