ETV Bharat / bharat

10 আগষ্টলৈ ভাৰতত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 20 লাখ হ’ব : ৰাহুল গান্ধী

কৰ’ণা ভাইৰাছক লৈ কেন্দ্ৰীয় চৰকাৰক সকীয়নি কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীৰ ৷ মহামাৰী কৰ’ণাৰ প্ৰকোপ হ্ৰাস কৰিবলৈ কেন্দ্ৰই উচিত সিদ্ধান্ত গ্ৰহণ কৰক,কিয়নো শুকুৰবাৰলৈ ভাৰতত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 10 লক্ষাধিক হয় ৷ তেওঁ অনুমান কৰি কয় যে,কৰ’ণাৰ প্ৰকোপ ৰোধ কৰিব নোৱাৰিলৈ 10 আগষ্টলৈ ভাৰতত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 20 লাখ হ’ব ৷

Rahul Gandhi warning for coronavirus
কৰ’ণাক লৈ ৰাহুল গান্ধীৰ সকীয়নি
author img

By

Published : Jul 17, 2020, 2:49 PM IST

নেশ্যনেল ডেস্ক, 17 জুলাই : শুকুৰবাৰে কংগ্ৰেছ যুৱ নেতা ৰাহুল গান্ধীয়ে দেশত বৃদ্ধি পোৱা কৰ’ণা ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা সন্দৰ্ভত কয় যে,কৰ’ণাৰ প্ৰকোপ ৰোধ কৰিব নোৱাৰিলৈ 10 আগষ্টলৈ ভাৰতত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 20 লাখ হ’ব ৷

  • 10,00,000 का आँकड़ा पार हो गया।

    इसी तेज़ी से #COVID19 फैला तो 10 अगस्त तक देश में 20,00,000 से ज़्यादा संक्रमित होंगे।

    सरकार को महामारी रोकने के लिए ठोस, नियोजित कदम उठाने चाहिए। https://t.co/fMxijUM28r

    — Rahul Gandhi (@RahulGandhi) July 17, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে তেওঁ কেন্দ্ৰীয় চৰকাৰলৈ টুইটযোগে অনুৰোধ জনাই কয় যে,চৰকাৰে অতি শীঘ্ৰেই কৰ’ণাৰ প্ৰকোপ ৰোধ কৰিবলৈ উচিত পদক্ষেপ গ্ৰহণ কৰিব লাগে ৷ উল্লেখ্য যে,চলিত সপ্তাহত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 10 লক্ষাধিক হ’ব বুলি 14 জুলাইত কংগ্ৰেছ নেতাগৰাকীয়ে টুইটযোগে সদৰি কৰিছিল ৷

ইফালে ভাৰতত বৃহস্পতিবাৰলৈ সৰ্বাধিক 32,695 টা আক্ৰান্তৰ ঘটনা আৰু 606 গৰাকীৰ মৃত্যুৰ সৈতে মুঠ আক্ৰান্তৰ সংখ্যা 9,68,876 গৰাকীলৈ বৃদ্ধি পাইছে ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে সদৰি কৰে এই কথা ৷

লগতে পঢ়ক : হৰ্ছ ট্ৰেডিঙৰ অডিঅ’ ক্লিপে খলকনি লগাইছে ৰাজস্থানৰ ৰাজনীতিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.