ETV Bharat / bharat

বাজাজ অটোৰ মুখ্য সঞ্চালক ৰাজীৱ বাজাজৰে ৰাহুল গান্ধীৰ বাৰ্তালাপ - কৰ'ণা ভাইৰাছ

কোভিড-১৯ৰ ফলত সমগ্ৰ দেশতে হোৱা আৰ্থিক সংকটৰ বিষয়টোত ৰাহুল গান্ধীৰ সৈতে আলোচনাত মিলিত হয় বাজাজ অটোৰ মুখ্য নিৰ্দেশক ৰাজীৱ বাজাজ । লক ডাউনৰ ফলত বাজাজ কোম্পানীয়ে বহু লোকচানৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিয়ে ৰাজীৱ বাজাজে ।

অটো বাজাজৰ মুখ্য নিৰ্দেশক ৰাজীৱ বাজাজৰে ৰাহুল গান্ধীৰ বাৰ্তালাপ

author img

By

Published : Jun 4, 2020, 1:49 PM IST

নেশ্যনেল ডেস্ক, ৪ জুন: শেহতীয়া কোভিড-১৯ৰ বাবে দেশজুৰি আৰ্থিক সংকটৰ বিষয়ত বিখ্যাত উদ্যোগপতি ৰাজীৱ বাজাজৰে ৰাহুল গান্ধীৰ হোৱা সাক্ষাৎ বৃহস্পতিবাৰে পুৱা ১০ বজাত প্ৰচাৰ কৰা হয় । কৰ'ণা ভাইৰাছৰ প্ৰভাৱৰ ক্ষেত্ৰত হোৱা এই আলোচনাত বিভিন্ন ক্ষেত্ৰ বিশেষজ্ঞসকলো জড়িত হৈ আছে ।

চ'ছিয়েল মিডিয়াত এই বাৰ্তালাপৰ এটা অংশ অৰ্থাৎ টিজাৰ ইতিমধ্যে প্ৰচাৰ কৰা হয় আৰু এই প্ৰচাৰৰ যোগেদি ৰাহুল গান্ধীয়ে বিশেষজ্ঞসকলৰ সৈতে কৰণা ভাইৰাছক লৈ সংশয় ব্যক্ত কৰাৰ লগতে এই ভাইৰাছত আক্ৰান্ত হ'লে ইয়াৰ পৰা সুৰক্ষা পোৱাতো অসম্ভৱ বুলি কোৱা পৰিলক্ষিত হৈছে । লগতে বাজাজ অটোৰ মুখ্য সঞ্চালক ৰাজীৱ বাজাজে লক ডাউনৰ ফলত বাজাজ কোম্পানীত হোৱা লোকচানৰ কথা ব্যক্ত কৰে ।

ৰাজীৱ গান্ধীৰ এনেকুৱা ধৰণৰ আন এক বাৰ্তালাপ যোৱা ৩০ এপ্ৰিলত প্ৰচাৰ কৰা হৈছিল, য'ত গান্ধীয়ে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনৰ সৈতে কৰ'ণা ভাইৰাছ মহামাৰী আৰু ইয়াৰ আৰ্থিক দিশত প্ৰভাৱৰ বিষয়ে আলোচনা কৰিছিল ।

ইয়াৰ পিছত ৰাহুল গান্ধীৰ নবেল বঁটা বিজেতা অভিজিত বেনাৰ্জীৰ সৈতে হোৱা আলোচনাত বেনাৰ্জীয়ে উল্লেখ কৰে যে, ভাৰতৰ পূৰ্বৰ আৰ্থিক ক্ষেত্ৰখন ঘূৰাই আনিবলৈ হ'লে এটা ডাঙৰ পেকেজ আহিব লাগিব । ইয়াৰোপৰিও ৰাহুল গান্ধীয়ে বিগত সপ্তাহত প্ৰসিদ্ধ স্বাস্থ্য বিশেষজ্ঞ আশীষ ঝাৰৰ সৈতেও আলোচনাত মিলিত হৈছিল ।

লগতে পঢ়ক:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.