ETV Bharat / bharat

এয়াৰ হোষ্টেছক ধৰ্ষণ কৰাৰ অভিযোগত ৰঙাঘৰত এজন

এয়াৰ হোষ্টেছক ধৰ্ষণ কৰাৰ অভিযোগত পূণেত গ্ৰেপ্তাৰ এজন ২৮ বছৰীয়া যুৱক । এয়াৰ হোষ্টেছ গৰাকীক ডেটিং এপ্লিকেচনত চিনাকী যুৱকজনে শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ । যুৱকজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্য়াহত ৰাখিছে আৰক্ষীয়ে ।

এয়াৰ হোষ্টেছক ধৰ্ষণ কৰি ৰঙাঘৰত এজন
এয়াৰ হোষ্টেছক ধৰ্ষণ কৰি ৰঙাঘৰত এজন
author img

By

Published : Dec 29, 2020, 7:37 PM IST

নেশ্য়নেল ডেস্ক , ২৯ ডিচেম্বৰ: আপুনি অনলাইন ডেটিং এপ্লিকেচন ব্য়ৱহাৰ কৰে নেকি ? যদি কৰে সাৱধান হওক । ডেটিং এপ্লিকেচন ব্য়ৱহাৰ কৰিয়ে সাংঘাতিক বিপদৰ সন্মুখীন হৈছে পুণেৰ এগৰাকী যুৱতী । অনলাইন ডেটিং এপ্লিকেচনৰ মাধ্য়মেৰে চিনাকী হোৱা এজন যুৱকে মহাৰাষ্ট্ৰৰ পুণেত ধৰ্ষণ কৰে ২৬ বছৰীয়া এগৰাকী যুৱতীক । ভুক্তভোগী যুৱতী গৰাকী পিমপ্ৰি চিমচৱাদ অঞ্চলৰ আৰু পেছাত এগৰাকী এয়াৰ হোষ্টেছ ।

অভিযোগ অনুসৰি, যোৱা ২৬ ডিচেম্বৰত যুৱতীগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে ধৰ্ষণ কৰে যুৱকজনে । এই ঘটনাৰ পাছতে ৱাকড আৰক্ষী থানাত দিয়া এক এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ২৮ বছৰীয়া যুৱকজনক । এজাহাৰ অনুসৰি, দুয়োজনে এটা অনলাইন ডেটিং এপ্লিকেচনৰ মাধ্য়মেৰে চিনাকী হৈছিল আৰু ব্য়ক্তিগতভাৱে সাক্ষাৎ কৰাৰ সিদ্ধান্ত লৈছিল । যাৰ পৰিপ্ৰেক্ষিতত দুয়োজনে নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ বাহিৰলৈ গৈছিল ।

অভিযোগ অনুসৰি যুৱকজনে যুৱতীগৰাকীক সুৰাপান কৰিবলৈ জোৰ কৰিছিল আৰু তাইৰ ঘৰলৈ লৈ যোৱাৰ পৰিৱৰ্তে যুৱকজনে নিজৰ ঘৰলৈ লৈ গৈ শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে ধৰ্ষণ কৰে । এই ঘটনাত যুৱতী গৰাকী আঘাতপ্ৰাপ্ত হয় আৰু ওচৰৰে এখন হাস্পতালত ভৰ্তি কৰা হয় । উল্লেখ্য যে আৰক্ষীয়ে ইতিমধ্য়ে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত ৰুজু কৰা গোচৰ সন্দৰ্ভত তদন্ত অব্য়াহত ৰাখিছে ।

লগতে পঢ়ক :ধৰ্ষণৰ বলি হোৱা 12 বছৰীয়া কিশোৰীৰ সন্তান জন্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.