ETV Bharat / bharat

কেৱল অসম-পূৰ্বোত্তৰেই নহয়, দেশজুৰি চলিছে কেবৰ বিৰুদ্ধে প্ৰতিবাদ - দেশজুৰি চলিছে কেবৰ বিৰুদ্ধে প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কেৱল অসম অথবা উত্তৰ-পূৰ্বাঞ্চল নহয়, দেশৰ বিভিন্ন প্ৰান্তত উঠিছে প্ৰতিবাদৰ ঢৌ ৷

protest against CAB
দেশজুৰি চলিছে কেবৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Dec 10, 2019, 9:01 PM IST

নিউজ ডেস্ক, 10 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে All India Student's Association ৰ প্ৰতিবাদ ৷ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সংগঠনটোৰ ৷ এই বিধেয়কক সম্পূৰ্ণ অসংবিধানিক বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে ৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৰ্ণাটক আৰু তামিলনাডুতো তীব্ৰ প্ৰতিবাদ ৷ ৰাজ্য দুখনত বিধেয়কখনৰ বিৰুদ্ধে "চ'ছিয়েল ডেম'ক্ৰেটিক পাৰ্টী অৱ ইণ্ডিয়া"য়ো সাব্যস্ত কৰে প্ৰতিবাদ ৷

ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশতো প্ৰতিবাদৰ ঢৌ উঠিছে কেবৰ বিৰুদ্ধে ৷ দুয়োখন প্ৰদেশৰ স্থানীয় তথা জনজাতীয় লোকসকলে মানি ল'ব খোজা নাই এই বিধেয়ক ৷

protest against CAB
দেশজুৰি চলিছে কেবৰ বিৰুদ্ধে প্ৰতিবাদ

মধ্যপ্ৰদেশৰ ভূপালতো কেবৰ বিৰুদ্ধে প্ৰতিবাদ ৷ জমিয়ত উলেমা মধ্যপ্ৰদেশৰ নেতৃত্বত কেবৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৷

ৰাজধানী দিল্লীত "চ'ছিয়েল ডেম'ক্ৰেটিক পাৰ্টী অৱ ইণ্ডিয়া"ৰ শতাধিক কৰ্মী সমৰ্থকে কেবৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিধেয়কখন সাম্প্ৰদায়িক আৰু যুক্তৰাষ্ট্ৰীয় আন্তঃগাঁথনিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰে দলটোৰ ৰাষ্ট্ৰীয় নেতা তছলিম ৰেহমানিয়ে ৷

ইপিনে মঙলবাৰে প্ৰতিবাদমুখৰ হৈ পৰা যন্তৰ মন্তৰত কেবৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে আন কেইবাটাও বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি ৷ 'ইউনাইটেড এগেইনষ্ট হেট' নামৰ বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি সকলেও বিতৰ্কিত কেবৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

Intro:Body:

protest against CAB in different parts of the Country

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.