নেশ্যনেল ডেস্ক,27 ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখা এখন পত্ৰক লৈ চৰ্চিত হৈ পৰিছে চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰী ৷ কেৰালাৰ মলাপুৰম জিলাৰ এম.আৰ. অথুল্যা নামৰ কনমানি ছাত্ৰীগৰাকীয়ে কলাক্কাম নৈৰ ওপৰত এখন দলং নিৰ্মানৰ বাবে আবেদন জনাই প্ৰধানমন্ত্ৰীলৈ লিখিছিল চিঠি ৷ ছাত্ৰীগৰাকীৰ চিঠিৰ প্ৰতি তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে স্থানীয় প্ৰশাসনক এই সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে ৷
ইয়াৰ পিছতেই পঞ্চায়তৰ কনিষ্ঠ অধীক্ষক জে.এছ জালীল আৰু বিজিয়ে স্থান পৰিদৰ্শন কৰি এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰস্তুত কৰে ৷ পঞ্চায়ত সম্পাদকে জনোৱা অনুসৰি নতুনকৈ নিৰ্বাচিত কৰ্তৃপক্ষই কাৰ্যভাৰ গ্ৰহণৰ পিছতেই তৎপৰতাৰে এই বিষয়টো দৃষ্টিগোচৰ কৰা হৈছে ৷ বিগত কেইবাদশকো ধৰি অঞ্চলটোৰ ৰাইজে কলাক্কাম নৈৰ ওপৰত এখন দলঙৰ অভাৱৰ বাবে স্বাস্থ্য, শিক্ষাৰ সুবিধাৰ আদিৰ ক্ষেত্ৰত বিভিন্ন সমস্যাত ভূগিবলগীয়া হৈ আহিছিল ৷
নিজৰ চিঠিত ৰাইজৰ সমস্যা সন্দৰ্ভত উল্লেখ কৰি অথুল্যাই লিখিছিল , 2019ৰ বানপানীৰ পিছতেই ৰাইজে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে ৷ সাধাৰণ ৰাইজে সকলো কামৰ বাবে নৈখন পাৰ হ’বলগীয়া হয় ৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আদি কৰি বজাৰ সমাৰ কৰা, চিকিৎসালয়লৈ যোৱাৰ ক্ষেত্ৰতো ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ বাৰিষাৰ সময়ত বহু কষ্টেৰে ৰাইজে নৈখন পাৰ হ’বলগীয়া হয় ৷
ৰাইজৰ এই সমস্যা সন্দৰ্ভত জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবে শেষত কনকানিজনীয়ে প্ৰধানমন্ত্ৰীয়ে চিঠিখন লিখে ৷
লগতে পঢ়ক-গণতন্ত্ৰ দিৱসৰ বাবে সাজু হোৱা 150 সেনা জোৱানৰ দেহত কোভিড