নিউজ ডেস্ক, ২৪ জুন : বুধবাৰে দেশৰ ৰাজধানীৰ আগ্ৰাত এক আজৱ ঘটনা সংঘটিত হৈছে । এগৰাকী গৰ্ভৱতী মহিলাই অকলে জংঘলত সন্তান প্ৰসৱ কৰাৰ তথ্য আহি পৰিছে । প্ৰাপ্ত তথ্য অনুসৰি, মহিলা গৰাকীয়ে জন্ম দিয়া সন্তানটি নিৰুৰ্দেশ হোৱাৰো খৱৰ আহি পৰিছে ।
জানিব পৰা মতে, উক্ত ঘটনাটি আগ্ৰাৰ যোধপুৰ অঞ্চলত সংঘটিত হৈছে । স্থানীয় লোকৰ সন্দেহ অনুসৰি, জন্ম দিয়া সন্তানটি বনৰীয়া জন্তুৱে হত্যা কৰিছে ।
তথ্য অনুসৰি, মহিলা গৰাকীয়ে সন্তানটি জন্ম দিয়াৰ পিচতে অজ্ঞান হৈ পৰিছে । পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে মহিলা গৰাকীক বিচৰাত জংঘলখনত অজ্ঞান অৱস্থাত উদ্ধাৰ কৰে ।
মহিলা গৰাকীয়ে জনোৱা অনুসৰি, যেতিয়া মই জংঘলত শৌচলায়ত গৈছিলো তেতিয়াই মোৰ বিষ আৰম্ভ হৈছিল আৰু ক'বই নোৱাৰিলে কেতিয়া মই সন্তান প্ৰসৱ কৰিলো ।
মহিলা গৰাকীৰ শহুৰেকে জনোৱা অনুসৰি, মহিলা গৰাকীক আমি জংঘলখনত অসহায় অৱস্থাত পাইছো । কেনেকৈ তাত গ'ল । কোনোবাই লৈ গৈছিল নে নিজেই গৈছিল সেই সম্পৰ্কে আমি একো জ্ঞাত নহয় । লগতে তেওঁ অভিযোগ কৰা অনুসৰি, গ্ৰাম্যঞ্চলত বিজ্ঞানসন্মত শৌচাগাৰ নোহোৱাৰ বাবে উক্ত ঘটনা সংঘটিত হৈছে ।
লগতে পঢ়ক : পৃথিৱীৰ অন্যতম প্ৰাচীন গণতন্ত্ৰৰ এখন গাঁও