নিউজ ডেস্ক, 1 অক্টোবৰ : বিশ্বত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্য়াই 10 লাখৰ ঘৰ অতিক্ৰম কৰিলে ৷ বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কবাণী প্ৰেৰণ কৰিছে যে, ৰাষ্ট্ৰসমূহে সন্মিলিতভাৱে ব্যৱস্থা গ্ৰহণ নকৰিলে এই সংখ্যাই 20 লাখৰ ঘৰ অতিক্ৰম কৰিব ৷ কৰ'ণা ভাইৰাছৰ উৎপত্তিস্থল চীনত মৃতকৰ সংখ্যা 4,650 হোৱাৰ পৰিৱৰ্তে আমেৰিকাৰ দৰে দেশত মৃত্যু হৈছে দুই লাখৰো অধিক লোকৰ ৷ আনহাতে, আমেৰিকাৰ দৰে একে অৱস্থা ভাৰতৰো ৷ কিন্তু কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে যদিও আৰোগ্য হৈ উঠা লোকৰ সংখ্যা লাহে লাহে বৃদ্ধি পোৱাটো এক ভাল দিশ হিচাপে পৰিগণিত হৈছে ৷ যিদৰে এই ৰোগ ৰোধৰ দায়িত্ব চৰকাৰৰ সেইদৰে সাধাৰণ ৰাইজো সতৰ্ক আৰু সাৱধান হোৱাটো অতি প্ৰয়োজনীয় ৷
দেশৰ 90 শতাংশ জনসাধাৰণে মাস্ক পৰিধান কৰাটো প্ৰয়োজনীয় বুলি জানে যদিও ইয়াক লৈ কেৱল 44 শতাংশ লোকহে চিন্তিত ৷ মাস্ক পৰিধান কৰিলে উশাহ বন্ধ হয় বুলি বহু লোকে অজুহাত দেখায় আৰু সামাজিক দূৰত্ব মানি চলা বাবে মাস্কৰ প্ৰয়োজনীয়তা নাই বুলি ভবা লোকসকলে ক'ভিডক আমন্ত্ৰণ জনোৱাহে হ'ব ৷ ইয়াৰ ফলত সকলোৱে নিজৰ স্বাস্থ্যৰ সৈতে ধেমালি কৰা বুলি ভাবিব পৰা যায় ৷
মানৱ জাতিক ভিতিগ্ৰস্ত কৰা প্ৰশ্নটো হৈছে...ক'ভিড কেতিয়া নিয়ন্ত্ৰণলৈ আহিব ? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল যে, বিশ্বৰ সৰ্বাধিক ভেকছিন নিৰ্মাণকাৰী দেশ ভাৰতে সকলো দেশকে ক'ভিডৰ দৰৱ নিৰ্মাণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে যোগানৰ ব্যৱস্থা কৰিব ৷ ছেৰাম ইনষ্টিটিউটৰ মুখ্য কাৰ্যবাহী বিষয়া আদৰ পুনাৱালাই কয়, "দেশৰ জনসাধাৰণৰ বাবে ভেকছিন আমদানি কৰিব লগা হ'লে আগন্তুক বছৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ক প্ৰয়োজন হ'ব 80,000 কোটি টকাৰ ৷" ভাৰত বায়টেক, জায়দাছ কেডিলা আৰু ছেৰাম ইনষ্টিটিউটৰ দ্বাৰা প্ৰস্তুত কৰি থকা ভেকছিন বৰ্তমান মানৱ শৰীৰত পৰীক্ষণ পৰ্যায়ত আছে ৷ দেশৰ 130 কোটি জনতাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে স্বাস্থ্য সম্পৰ্কীয় ৰণকৌশল প্ৰস্তুত কৰিব লাগিব ৷
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, কেন্দ্ৰই এক আঁচনিৰ অধীনত সকলো জিলালৈ ভেকছিন প্ৰেৰণ কৰিব ৷ ঘৰুৱা ফাৰ্মাচিউটিকেল কোম্পানীয়ে জানিবলৈ দিয়া অনুসৰি, এই ভেকছিন প্ৰদানৰ জৰিয়তে বৈশ্বিক প্ৰয়োজন পূৰণ কৰিব পাৰিব ৷
লগতে পঢ়ক : ট্ৰাম্প-বিডেনৰ তৰ্কযুদ্ধৰ অৰাজকতাৰ বাবে সলনি কৰা হ'ব আৰ্হি