ETV Bharat / bharat

ত্ৰিপুৰাত শিক্ষকৰ প্ৰতিবাদত আৰক্ষীৰ বাধা, ১০০ গৰাকী শিক্ষকক আটক

আগৰতলাৰ চিটী চেণ্টাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি থকা শিক্ষকক বাধা প্ৰদান কৰিলে ত্ৰিপুৰা চৰকাৰে । প্ৰতিবাদকাৰী শিক্ষকে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়াৰ এদিনৰ পিছতে ১০০ জন শিক্ষকক আটক কৰিলে আৰক্ষীয়ে ।

ত্ৰিপুৰাত শিক্ষকৰ প্ৰতিবাদত আৰক্ষীৰ বাধা, ১০০ গৰাকী শিক্ষকক আটক
ত্ৰিপুৰাত শিক্ষকৰ প্ৰতিবাদত আৰক্ষীৰ বাধা, ১০০ গৰাকী শিক্ষকক আটক
author img

By

Published : Jan 27, 2021, 12:35 PM IST

নেশ্যনেল ডেস্ক, ২৭ জানুৱাৰী: আগৰতলাত অব্যাহত আছে চাকৰি হেৰুওৱা শিক্ষকৰ প্ৰতিবাদী কাৰ্যসূচী । এই আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়াৰ এদিনৰ পিছতে বুধবাৰে পুৱাই আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা ১০০ জন শিক্ষকক আটক কৰে । লগতে অস্থায়ী প্ৰতিবাদী শিবিৰ ভাঙি পেলায় । ১০,৩২৩ জন শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পিছৰে পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছিল । বুধবাৰে পুৱাও অস্থায়ী প্ৰতিবাদী শিবিৰত প্ৰায় ১০০ শিক্ষক উপস্থিত আছিল ।

ত্ৰিপুৰাত শিক্ষকৰ প্ৰতিবাদত আৰক্ষীৰ বাধা, ১০০ গৰাকী শিক্ষকক আটক
ত্ৰিপুৰাত শিক্ষকৰ প্ৰতিবাদত আৰক্ষীৰ বাধা, ১০০ গৰাকী শিক্ষকক আটক

আৰক্ষীয়ে আটাইকেইজনকে আটক কৰি অজ্ঞাত স্থানলৈ স্থানান্তৰ কৰে । প্ৰতিবাদৰ মাজতে আৰক্ষীয়ে এনেদৰে বাধা প্ৰদান কৰাত ক্ষুদ্ধ হৈ পৰে শিক্ষকসকল । আটক কৰা প্ৰতিবাদকাৰী শিক্ষক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ মুক্তিৰ দাবীত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে শিক্ষকে । বুধবাৰে পুৱা টি এছ আৰ জোৱানে প্ৰতিবাদস্থলী ঘেৰাও কৰিছিল । ইয়াৰ পিছতে নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰী শিক্ষক, শিশুসহ পৰিয়ালৰ আন সদস্যক আটক কৰি আন স্থানলৈ প্ৰেৰণ কৰে ।

এগৰাকী আৰক্ষী বিষয়াই কয় যে, কোনো প্ৰতিবাদকাৰীয়ে আইন ভংগ কৰিলে অথবা আইন-শৃংখলা পৰিস্থিতি বিঘ্নিত কৰাৰ চেষ্টা কৰে তেন্তে আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব । আৰক্ষীয়ে প্ৰতিবাদকাৰীক আহত নকৰাকৈ বাধা প্ৰদানৰ চেষ্টা কৰিছে বুলি জনাইছে বিষয়াগৰাকীয়ে । আনহাতে, আটক কৰা লোককেইজন বৰ্তমান ক'ত আছে সেই সন্দৰ্ভত তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে আৰক্ষী বিষয়াগৰাকী ।

একে সময়তে বহু শিক্ষকে পুনৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰি চৰকাৰৰ দমন নীতিক অমানৱীয় কাৰ্য আখ্যা দিয়ে । উল্লেখ্য যে, ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে, ২০১৪ চনত ভ্ৰান্ত নিয়োগ প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা ৰাজ্যখনৰ ১০,৩২৩ গৰাকী শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল ।

পিছত ইয়াৰে ৮,০০০ গৰাকীক পুনৰ নিযুক্তি দিয়া হৈছিল যদিও বিগত বৰ্ষৰ ৩১ মাৰ্চত চাকৰিৰ ম্যাদ উকলি যায় । বৰ্খাস্ত হোৱা শিক্ষকৰ তিনিটা সংগঠনে একত্ৰিত হৈ তেওঁলোকৰ সমস্যা সমাধানৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

লগতে পঢ়ক:প্ৰসংগ কৃষক বিদ্ৰোহ: দিল্লী আৰক্ষীৰ সাতখনকৈ FIR ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.