নিউজ ডেস্ক, 14 এপ্ৰিলঃ কেৰালা চৰকাৰে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিশেষ বিমানৰ ব্যৱস্থা কৰি উপসাগৰীয় দেশত লক ডাউনৰ বাবে আবদ্ধ হৈ থকা কেৰালাৰ লোকসকলক উদ্ধাৰ কৰি ওভতাই আনিবলৈ অনুৰোধ জনাইছে ।
প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা এখন পত্ৰত এই অনুৰোধ জনাই কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজায়নে কয় যে, ভিছাৰ সহায়ত বিদেশত চাকৰি বিচাৰি যোৱা লোক সকলে চাকৰি অবিহনে বিদেশত চলিবলৈ যথেষ্ট কষ্টৰ সন্মুখিন হ'ব । সেয়ে তেওঁলোকক শীঘ্ৰেই ওভতাই অনাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ।
কৰ'ণা ভাইৰাচ সংক্ৰমণ ৰোধৰ বাবে লক ডাউন ঘোষণা কৰাৰ লগতে সমূহ আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল বাতিল কৰাত লোক সকল বিদেশত আবদ্ধ হৈ পৰে । সেয়ে বিশেষ বিমানৰ ব্যৱস্থা কৰি তেওঁলোকক ওভতাই আনিব লাগে । এই ক্ষেত্ৰত সমূহ স্বাস্থ্য জনিত আন্তঃৰাষ্ট্ৰীয় প্ৰটকল অনুকৰণ কৰি তেওঁলোকক অনাৰ পাচত স্বাস্থ্য পৰীক্ষা, কোৱাৰেন্টাইনৰ ব্য়ৱস্থা, সকলোবোৰ ৰাজ্যচৰকাৰে গ্ৰহণ কৰিব । -এইদৰে উল্লেখ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজায়নে । উল্লেখ্য যে, তেওঁ 11 এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ লগত হোৱা ভিডিঅ' কনফাৰেন্স বৈঠকত এই কথা প্ৰথমে দৃষ্টিগোচৰ কৰাইছিল ।