ETV Bharat / bharat

ৰাজকোটৰ এইমছৰ আধাৰশিলা স্থাপন কৰিব মোডীয়ে

author img

By

Published : Dec 31, 2020, 10:32 AM IST

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুজৰাটৰ ৰাজকোটত ১,১৯৫ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এইমছৰ আধাৰশিলা স্থাপন কৰিব । নিৰ্মাণকাৰ্য্যৰ বাবে ২০১ একৰ ভূমি আৱন্টন কৰা হৈছে ।

ৰাজকোটৰ এইমছৰ আধাৰশিলা স্থাপন কৰিব মোডীয়ে
ৰাজকোটৰ এইমছৰ আধাৰশিলা স্থাপন কৰিব মোডীয়ে

নেশ্যনেল ডেস্ক, ৩১ ডিচেম্বৰ: বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুজৰাটৰ ৰাজকোটত সৰ্ব ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছৰ আধাৰশিলা স্থাপন কৰিব । ভিডি'অ কনফাৰেন্সিঙৰ জৰিয়তে আজি পুৱা ১১ বজাত আধাৰশিলা স্থাপন কৰিব । প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা জনোৱা অনুসৰি প্ৰায় ১,১৯৫ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্য্য ২০২২ চনৰ মধ্য ভাগত সমাপ্ত হোৱাৰ সম্ভাৱনা কৰা হৈছে । চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্য্যৰ বাবে ২০১ একৰ ভূমি আৱন্টন কৰা হৈছে ।

অত্যাধুনিক ৭৫০ খন বিচনাৰ ভিতৰত ৩০ খন বিচনা আয়ুষ (AAYUSH) ব্লকৰ বাবে নিৰ্মাণ কৰা হ'ব । লগতে ১২৫ টা এম বি বি এছ আৰু ৬০ টা নাৰ্চৰ পাঠ্যক্ৰমৰ বাবে আসন থাকিব । আজিৰ এই আধাৰশিলা স্থাপন অনুষ্ঠানত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য্য দেৱব্ৰত, মুখ্যমন্ত্ৰী বিজয় ৰুপানী, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড: হৰ্ষবৰ্ধনৰ লগতে কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যিক মন্ত্ৰীও উপস্থিত থাকিব ।

লগতে পঢ়ক:ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বিষয়ত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.