ETV Bharat / bharat

আত্মনিৰ্ভৰ ভাৰতৰ প্ৰসাৰৰ বাবে আধ্যাত্মিক গুৰুৰ প্ৰতি আহ্বান প্ৰধানমন্ত্ৰীৰ - জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ

জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজৰ জন্ম জয়ন্তীত শান্তিৰ প্ৰতিমূৰ্তি উন্মোচন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভ’কেল ফৰ লোকেলক বাস্তৱ ৰূপ দি আত্মনিৰ্ভৰ ভাৰত অভিযানৰ প্ৰসাৰ কৰিবলৈ আধ্যাত্মিক গুৰুসকলৰ প্ৰতি আহ্বান জনায় ।

'আত্মনিৰ্ভৰ ভাৰত'ৰ প্ৰসাৰৰ বাবে আধ্যত্মিক গুৰুৰ প্ৰতি আহ্বান প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Nov 16, 2020, 8:04 PM IST

নেশ্যনেল ডেস্ক,১৬ নৱেম্বৰ: সোমবাৰে ৰাজস্থানৰ পালিত শান্তিৰ প্ৰতিমূৰ্তি উন্মোচন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজৰ ১৫১ সংখ্যক জন্ম জয়ন্তীত ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে 'শান্তিৰ প্ৰতিমূৰ্তি' উন্মোচন কৰি আধ্যাত্মিক গুৰুসকলক আত্মনিৰ্ভৰ ভাৰত অভিযানৰ প্ৰসাৰৰ বাবে আহ্বান জনায় । তেওঁ কয় যে, স্বাধীনতা সংগ্ৰামৰ সময়ৰ দৰে এতিয়াও আধ্যাত্মিক গুৰুসকলে 'আত্মনিৰ্ভৰ ভাৰত' বাৰ্তা সকলোৰে মাজত বিলাই দিয়া উচিত আৰু স্বদেশী বস্তু ব্যৱহাৰৰ লাভৰ বিষয়েও মানুহক সজাগ কৰা উচিত ।

দুগৰাকী 'বল্লভ', চৰ্দাৰ বল্লভ ভাই পেটেল আৰু জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজৰ নাম লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে, 'একতাৰ প্ৰতিমূৰ্তি হিচাপে চৰ্দাৰ বল্লভ ভাই পেটেলৰ বিশ্বৰ ভিতৰত ওখ প্ৰতিমূৰ্তি উন্মোচন কৰি তেওঁ ধন্য হৈছে । লগতে তেওঁ জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজৰ 'শান্তিৰ প্ৰতিমূৰ্তি' উন্মোচন কৰাৰো সুযোগ লাভ কৰিছে । 'ভ'কেল ফৰ লোকেল' মন্ত্ৰৰে স্বদেশী উৎপাদনত গুৰুত্ব আৰোপ কৰি অহা প্ৰধানমন্ত্ৰী গৰাকীয়ে আধ্যাত্মিক গুৰুসকলক ইয়াৰ প্ৰসাৰ কৰিবলৈ আহ্বান জনায় ।'

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা সংবাদ বিবৃতিত উল্লেখ থকা মতে মোডীয়ে কৈছে যে, 'স্বাধীনতা আন্দোলনৰ সময়ৰ দৰে এতিয়াও আধ্যাত্মিক গুৰুসকলে 'আত্মনিৰ্ভৰ ভাৰত'ৰ বাৰ্তা সকলোৰে মাজত বিলাই দিয়া উচিত আৰু স্বদেশী বস্তু ব্যৱহাৰ আৰু উৎপাদনৰ লাভৰ বিষয়েও মানুহক সজাগ কৰা উচিত ।' লগতে তেওঁ কয় যে, 'ভাৰতে সদায় শান্তি, অহিংসা আৰু মিত্ৰতাৰ বাট দেখুৱাইছে । আজি সমগ্ৰ বিশ্বয়ে এনেকুৱা পদক্ষেপৰ বাবে ভাৰতক অনুকৰণ কৰে ।

তেওঁ কয় যে, যদি আপুনি ভাৰতৰ ইতিহাসলৈ দৃষ্টি নিক্ষেপ কৰে, তেন্তে দেখা পাব যে, যেতিয়াই প্ৰয়োজন হৈছে, তেতিয়াই সাধু, আধ্যাত্মিক গুৰুৱে সমাজৰ মাৰ্গ দৰ্শন কৰিবলৈ আগবাঢ়ি আহে আৰু জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজো এনেকুৱা আধ্যাত্মিক গুৰু আছিল । পঞ্জাৱ, ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত শৈক্ষিক ক্ষেত্ৰ স্থাপন কৰিছিল জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজে আৰু সেই স্থানসমূহৰ পৰা বহু উদ্যোগপতি ন্যায়াধীশ, চিকিৎসক, অভিযন্তাৰ জন্ম হৈছে আৰু দেশৰ বাবে সেৱা আগবঢ়াইছে ।'

কন্যা শিশুৰ শিক্ষাৰ বাবে বহু অনুষ্ঠান প্ৰতিষ্ঠা কৰি মহিলাক মূলসূঁতিলৈ আনিবলৈ জৈনাচাৰ্যগৰাকীয়ে অহোপুৰুষাৰ্থ কৰিছিল । জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজে সকলো জীৱকে মৰম, দয়াৰ দৃষ্টিৰে চাইছিল । তেওঁৰ আশীৰ্বাদতে দেশত বহুকেইখন হাস্পতাল আৰু গো-শালা এতিয়াও চলি আছে । সোমবাৰে পালিৰ জেতপুৰাত অষ্টধাতুৰে নিৰ্মিত জৈনাচাৰ্য গৰাকীৰ ১৫১ ইঞ্চি ওখ প্ৰতিমূৰ্তি উন্মোচন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

লগতে পঢ়ক:জম্মু-কাশ্মীৰৰ পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বত অনুৰাগ ঠাকুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.