ETV Bharat / bharat

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰথম মৃত্যুবাৰ্ষিকী,ৰাষ্ট্ৰপতি–প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি - BJP

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি প্ৰথম মৃত্যুবাৰ্ষিকী। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে বাজপেয়ীৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন। ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ, প্ৰধানমন্ত্ৰী মোদীৰ লগতে বহু গণ্য–মান্য ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জনালে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক।

বাজপেয়ীৰ প্ৰথম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
author img

By

Published : Aug 16, 2019, 9:34 AM IST

নিউজ ডেস্ক, 16 আগষ্টঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি প্ৰথম মৃত্যুবাৰ্ষিকী।প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে বাজপেয়ীৰ সমাধিস্থলীত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷ আজি পুৱাই অটল সমাধিস্থলত উপস্থিত হৈ বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ, প্ৰধানমন্ত্ৰী মোদী,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী অধ্যক্ষ জে পি নাড্ডাই ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে অটল বিহাৰী বাজপেয়ীৰ জীয়েক নমিতা কৌল ভট্টাচাৰ্য, আৰু নাতিনী নিহাৰিকাই ৷বিগত বৰ্ষৰ আজিৰ দিনটোতে 93 বছৰ বয়সত দিল্লীৰ এইমছ হাস্পতালত মহাপ্ৰয়ান ঘটিছিল ভাৰত ৰত্ন গৰাকীৰ ৷

বাজপেয়ীৰ প্ৰথম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

১৯২৪ চনৰ ২৫ ডিচেম্বৰত গোৱালিয়ৰত জন্মগ্ৰহণ কৰিছিল বাজপেয়ীয়ে। ৷ তিনিবাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ লাভ কৰিছিল বাজপেয়ীয়ে ৷ 1996, 1998 আৰু 2004 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল বাজপেয়ীয়ে ৷ 2014 চনত মৰণোত্তৰ ভাৱে ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল অটল বিহাৰী বাজপেয়ীক ৷ তেওঁৰ জন্মদিন 25 ডিচেম্বৰত সমগ্ৰ দেশতে পালন কৰা হয় সু-শাসন দিৱস (Good Governance Day) হিচাপে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.