নিউজ ডেক্স, ২৯ জুলাই : জনপ্ৰিয় টিভি শ্ব' 'মেন ভাৰ্ছেচ ৱাইল্ড'ত দেখা যাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক । শ্ব''টোত প্ৰকৃতিৰ বিভিন্ন ঘাত-প্ৰতিঘাত নেওচি বিয়েৰ গ্ৰীলছে কিদৰে শিহৰণকাৰীভাৱে নিজৰ জীৱন ৰক্ষা কৰে তাক দেখুওৱা হয় । গ্ৰীলছে আজি নিজৰ অফিচিয়েল টুইটাৰ যোগে শ্ব'টোত মোদীৰ অংশগ্ৰহণৰ কথা সদৰি কৰে । য'ত তেওঁ উল্লেখ কৰে যে অতি শীঘ্ৰে বিশ্বৰ সকলোতকৈ শক্তিশালী নেতাক লগত লৈ তেওঁ আকৌ শিহৰণকাৰী দু:সাহসিক অভিযানৰ বাবে উভতিব । টুইটত প্ৰধানমন্ত্ৰীজনক উত্তৰাখণ্ডৰ এখন নৈৰ মাজেৰে হ’ষ্ট বিয়েৰ গ্ৰীলছৰ লগত এখন নাও চলাই যোৱা দেখা গৈছে । আন এটা দৃশ্যত মোদীয়ে বাঁহৰ এপাত অস্ত্ৰ উপহাৰ দি গ্ৰীলছক স্বাগতম কৰা দেখা গৈছে, য’ত তেওঁ কয় যে 'মই তোমাৰ বাবেই এই পাত মোৰ লগত ৰাখিছো' প্ৰত্যু্ত্তৰত গ্ৰীলছে কয় ' আপুনি ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি, আপোনাক জীয়াই ৰখাটো মোৰ কৰ্তব্য' । বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণ তথা সজাগতা বৃদ্ধিৰ উদ্দেশ্যে এই শ্ব' ছুট কৰা হৈছে বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে । উল্লেখযোগ্য যে, ইয়াৰ আগতে আমেৰিকাৰ প্ৰাক্তম ৰাষ্ট্ৰপতি বাৰাক ওবামাইও বিয়েৰ গ্ৰীলছৰ সৈতে এই শ্ব'ত অংশগ্ৰহণ কৰিছিল । অনুষ্ঠানটো চাবৰ বাবে দৰ্শকে এতিয়া অপেক্ষা কৰিব লাগিব ১২ আগষ্টলৈ ।
-
People across 180 countries will get to see the unknown side of PM @narendramodi as he ventures into Indian wilderness to create awareness about animal conservation & environmental change. Catch Man Vs Wild with PM Modi @DiscoveryIN on August 12 @ 9 pm. #PMModionDiscovery pic.twitter.com/MW2E6aMleE
— Bear Grylls (@BearGrylls) July 29, 2019 " class="align-text-top noRightClick twitterSection" data="
">People across 180 countries will get to see the unknown side of PM @narendramodi as he ventures into Indian wilderness to create awareness about animal conservation & environmental change. Catch Man Vs Wild with PM Modi @DiscoveryIN on August 12 @ 9 pm. #PMModionDiscovery pic.twitter.com/MW2E6aMleE
— Bear Grylls (@BearGrylls) July 29, 2019People across 180 countries will get to see the unknown side of PM @narendramodi as he ventures into Indian wilderness to create awareness about animal conservation & environmental change. Catch Man Vs Wild with PM Modi @DiscoveryIN on August 12 @ 9 pm. #PMModionDiscovery pic.twitter.com/MW2E6aMleE
— Bear Grylls (@BearGrylls) July 29, 2019