ETV Bharat / bharat

জম্মু-কাশ্মীৰত 4জি সেৱা আৰম্ভ কৰিবলৈ আবেদন দাখিল

কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰত 2জি ইন্টাৰনেট সেৱাৰ পৰিৱৰ্তে 4জি ইন্টাৰনেট সেৱা অব্যাহত ৰাখিবলৈ আদালতত এখন আবেদন দাখিল কৰিছে এটা সংস্থাই ৷ 'Private Schools Association J&K' নামৰ সংস্থাটোৱে এইদৰে আদালতত দাখিল কৰিছে আবেদন ৷

জম্মু-কাশ্মীৰত 4জি সেৱা আৰম্ভ কৰিবলৈ আবেদন দাখিল
জম্মু-কাশ্মীৰত 4জি সেৱা আৰম্ভ কৰিবলৈ আবেদন দাখিল
author img

By

Published : Apr 11, 2020, 2:07 PM IST

নিউজ ডেস্ক, 11 এপ্ৰিলঃ জম্মু-কাশ্মীৰত কৰ’ণা ভাইৰাছে আতংকৰ সৃষ্টি কৰাৰ মাজতে প্ৰশাসনক প্ৰত্যাহ্বান জনায় এটা সংস্থাই আদালতত দাখিল কৰিছে এখন ৰাজহুৱা আবেদন ৷ কেন্দ্ৰীয় শাসিত অঞ্চলটোত 2জি ইন্টাৰনেট সেৱাৰ বিপৰীতে 4 জি ইন্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰিবলৈ দাখিল কৰা হৈছে এই আবেদন ৷

'Private Schools Association J&K' নামৰ সংস্থাটোৱে দাখিল কৰা এই আবেদনখনৰ দ্বাৰা জম্মু-কাশ্মীৰ প্ৰশাসনে মাৰ্চৰ 26 তাৰিখে জাৰী কৰা এক নিৰ্দেশনাক প্ৰত্যাহ্বান জনোৱা হৈছে ৷ প্ৰশাসনে কৰ’ণা ভাইৰাছৰ আতংকৰ সময়তে প্ৰশাসনে 2জি সেৱা অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কিন্তু লকডাউনৰ সময়ত শিক্ষাৰ্থীসকলৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি 2জি সেৱাৰ পৰিৱৰ্তে 4জি ইন্টাৰনেট সেৱা প্ৰদান কৰিবলৈ আহ্বান জনায় ৷

সংস্থাটোৱে আবেদনখনত দাখিল কৰা তথ্য অনুসৰি, শিক্ষাৰ অধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি জম্মু-কাশ্মীৰত 4জি ইন্টাৰনেট সেৱা অব্য়াহত কৰক প্ৰশাসনে ৷ যিহেতু লকডাউনৰ সময়ত প্ৰশাসনে সকলো শিক্ষানুষ্ঠান বন্ধ কৰি ৰখাৰ সিদ্ধান্ত লৈছে, তেনে অৱস্থাত ইন্টাৰনেটৰ দ্বাৰা একমাত্ৰ শিক্ষা প্ৰদান কৰিবলৈ সুবিধা হৈছে ৷ এই ব্যৱস্থাৰ দেশৰ বহুকেইখন ৰাজ্যত প্ৰয়োগ কৰা হৈছে কিন্তু জম্মু-কাশ্মীৰ প্ৰশাসনে এই সুবিধাৰ পৰা শিক্ষাৰ্থীসকলক বঞ্চিত কৰিছে ৷

এনে অৱস্থাত অনাগত দুই সপ্তাহৰ ভিতৰত জম্মু-কাশ্মীৰ প্ৰশাসনক সমগ্ৰ বিষয়টো পুনৰীক্ষণ কৰিবলৈ আদালতে নিৰ্দেশনা প্ৰদান কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.