ETV Bharat / bharat

এয়াৰ ইণ্ডিয়াৰ পূৰ্বে MiG-21 ৰ পাইলট আছিল দুৰ্ভগীয়া কেপ্টেইন দীপক ভি. চাথে

author img

By

Published : Aug 8, 2020, 5:58 AM IST

এয়াৰ ইণ্ডিয়াৰ বিমান পাইলট হিচাপে যোগদান কৰাৰ পূৰ্বে MiG-21 ৰ পাইলট আছিল কেপ্টেইন দীপক ৷ আম্বালা স্থিত গ’ল্ডেন এৰ’জ হিচাপে পৰিচিত ভাৰতীয় বায়ুসেনাৰ 17 স্কোৱাড্ৰনত কৰ্মৰত আছিল পাইলটগৰাকী ৷ বায়ুসেনাৰ পৰা অগ্ৰিম অৱসৰ লৈ অসামৰিক বিমান সেৱাৰ সৈতে জড়িত হৈ এয়াৰ ইণ্ডিয়াত যোগদান কৰিছিল এইগৰাকী পাইলটে ৷

Pilot of crashed AI Express flight earlier flew MiG-21s in IAF

নিউজ ডেস্ক, 8 আগষ্ট : এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ IX-1344 নামৰ বিমানখনৰ দুৰ্ঘটনাত নিহত সকলৰ মাজত আছে কেপ্টেইন দীপক ভি. চাথে ৷ কেৰালাৰ কোঝিকাডেৰ কাৰিপুৰ বিমান বন্দৰত শুৰকুৰবাৰে সন্ধিয়া 7.41 বজাত দুৰ্ঘটনাত পতিত হয় বিমানখন ৷

দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ IX-1344

এয়াৰ ইণ্ডিয়াৰ বিমান পাইলট হিচাপে যোগদান কৰাৰ পূৰ্বে MiG-21 ৰ পাইলট আছিল কেপ্টেইন দীপক ৷ আম্বালা স্থিত গ’ল্ডেন এৰ’জ হিচাপে পৰিচিত ভাৰতীয় বায়ুসেনাৰ 17 স্কোৱাড্ৰনত কৰ্মৰত আছিল পাইলটগৰাকী ৷ 1999 চনৰ কৰ্গিল যুদ্ধত 17 স্কোৱাড্ৰণে নিজৰ পৰাক্ৰম দেখুৱাইছিল আৰু শেহতীয়াভাৱে ফ্ৰান্সৰ শক্তিশালী ৰাফেল জেট বিমান সংযুক্ত হৈছে এই গ’ল্ডেন এৰ’জৰ সৈতে ৷

কেপ্টেইন দীপক ভি. চাথে

কেপ্টেইন দীপক বায়ুসেনাৰ প্ৰশিক্ষণ একেডেমীৰ এগৰাকী প্ৰশিক্ষকো আছিল ৷ বায়ুসেনাৰ পৰা অগ্ৰিম অৱসৰ লৈ অসামৰিক বিমান সেৱাৰ সৈতে জড়িত হৈ এয়াৰ ইণ্ডিয়াত যোগদান কৰিছিল এইগৰাকী পাইলটে ৷ তেওঁৰ পৰিয়ালে মুম্বাইত বসবাস কৰে আৰু ইতিমধ্যে এই দুৰ্ভাগ্যজনক খবৰটো তেওঁলোকে লাভ কৰিছে ৷ কেপ্টেইন দীপকৰ পৰিয়ালত আছে তেওঁৰ পত্নী আৰু দুজন পুত্ৰ ৷ এই খবৰ লাভ কৰাৰ পাচতে তেওঁলোক কেৰালাত উপস্থিত হ’ব বুলি আশা প্ৰকাশ কৰিছে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই ৷

পৰিয়ালৰ সৈতে কেপ্টেইন দীপক ভি. চাথে

এটা কালক্ষণৰ সাক্ষী হৈ ৰ’ল কেৰালা ৷ বন্দে ভাৰত মিছনৰ অধীনত 190 গৰাকী যাত্ৰী লৈ ডুবাইৰ পৰা উৰা মাৰিছিল এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ IX-1344 নামৰ বিমানখন ৷ দ্বিতীয় অৱতৰণৰ বাবে প্ৰায় 35 ফুট উচ্চতাত থাকোতেই বিমানখন দুৰ্ঘটনাত পতিত হয় ৷ ঘন বৰষুণৰ মাজতে অৱতৰণ কৰিব খোজা বিমানখন মাজতে দুটুকুৰা হয় ৷ এই দুৰ্ঘটনাত দুগৰাকী পাইলটসহ মুঠ 18 গৰাকী যাত্ৰীয়ে মৃত্যু বৰণ কৰিছে ৷ সমগ্ৰ দেশতে এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি হৈছে এই বিমান দুৰ্ঘটনাক লৈ ৷

লগতে পঢ়ক : এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত শোক প্ৰকাশ পাকিস্তানৰ মুখ্যমন্ত্ৰী ইমৰাণ খানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.