নিউজ ডেস্ক, ১১ এপ্ৰিলঃ COVID-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ ৫০০ কোটি টকা দান কৰাৰ সংকল্প গ্ৰহণ কৰিছে ডিজিটেল মাধ্যমত ধন লেন-দেন কৰা কোম্পানী Paytm য়ে । Paytm য়ে শনিবাৰে COVID-19 ৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰধানমন্ত্ৰী সাহয্য পুঁজিৰ বাবে ১০০ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা সদৰি কৰে ।
Paytm য়ে পূৰ্বেই উল্লেখ কৰিছিল যে, দেশৰ সংকটৰ সময়ত প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ ৫০০ কোটি টকা জমা কৰা লক্ষ্য হ'ব প্ৰতিষ্ঠানটোৰ । Paytm ব্যৱহাৰকাৰী লোকে ৱালট, ইউপিআই অথবা পেটিএম বেংক ডেৱিড কাৰ্ডেৰে (Wallet, UPI or Paytm Bank debit card) ধন লেন-দেন কৰাৰ বাবদ অতিৰিক্ত ১০ টকাকৈ অৱদান হিচাপে গ্ৰহণ কৰা হ'ব । এতিয়ালৈ প্ৰতিষ্ঠানটোৱে ১০ দিনৰ অন্তত ১০০ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।
কোম্পানীটোৱে লগতে কয়, তেওঁলোক কৰ্মচাৰীও এই ক্ষেত্ৰত আগবাঢ়ি আহি নিজৰ দৰমহা আগবঢ়াইছে বুলি উল্লেখ কৰে । প্ৰায় ১২ হাজাৰ কৰ্মচাৰীয়ে ১৫ দিন, এমাহ, দুমাহ আৰু তিনি মাহৰ দৰমহা আগবঢ়াইছে বুলি উল্লেখ কৰে । কোম্পানীটোৰ সহ সভাপতি অমিত বীৰে কয়, সকলো নাগৰিকে এই জটিল সময়ত সহায়ৰ বাবে একেলগে আগবাঢ়ি অহাৰ প্ৰয়োজন । কোম্পানীটোৱে ইয়াৰ লগতে KVN ফাউনণ্ডেচনৰ সহযোগত খাদ্য সামগ্ৰীও বিতৰণ কৰিছে দৰিদ্ৰ লোক সকলৰ মাজত ।
Paytm ৰ বাহিৰে অন্যান্য় বেচৰকাৰী সংস্থায়ো চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াইছে । টাটা ট্ৰাষ্ট এণ্ড টাটা গ্ৰুপে ১৫০০ কোটি টকা দিয়াৰ বিপৰীতে Wipro Ltd, Wipro Enterprises Ltd ৰ আজিম প্ৰেমজীয়ে ১,১২৫ কোটি, ৰিলায়েঞ্চৰ স্বতাধিকাৰী মুকেশ আম্বানীয়ে ৫০০ কোটি, Infosys Foundation য়ে ১০০ কোটি টকা প্ৰধানমন্ত্ৰী সাহায্য় পূঁজিলৈ আগবঢ়াইছে ।