ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ কুৰুক্ষেত্ৰত ভীষ্ম হৈ অকলেই যুঁজ দিলে শাৰদ পাৱাৰে - কংগ্ৰেছ

আজি ঘোষিত হ'ল মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ য'ত মহাৰাষ্ট্ৰত শেষ হাহি মাৰিলে বিজেপি-শিৱসেনা মিত্ৰজোঁটে ৷ মহাৰাষ্ট্ৰত বিজেপি আৰু শিৱসেনা মিত্ৰজোঁট চৰকাৰ পুনৰ ক্ষমতালৈ আহিল যদিও পিছপৰি নাথাকিল এনচিপি ৷ বিজেপিয়ে 105 খন আসন, শিৱসেনায়ে 56 খন আসন পোৱাৰ বিপৰীতে 2014 চনতকৈ ভাল ফলাফল দেখুওৱাই মুঠ 98 খন আসন নিজৰ দখললৈ নিলে এনচিপি মিত্ৰজোঁটে ৷

মহাৰাষ্ট্ৰৰ কুৰুক্ষেত্ৰত ভীষ্ম হৈ অকলেই যুঁজ দিলে শৰদ পাৱাৰে
author img

By

Published : Oct 25, 2019, 5:56 AM IST

Updated : Oct 25, 2019, 11:28 AM IST

নিউজ ডেস্ক, 25 অক্টোৱৰ: আজি ঘোষিত হ'ল মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ য'ত মহাৰাষ্ট্ৰত শেষ হাঁহি মাৰিলে বিজেপি-শিৱসেনা মিত্ৰজোঁটে ৷ মহাৰাষ্ট্ৰত বিজেপি আৰু শিৱসেনা মিত্ৰজোঁট চৰকাৰ পুনৰ ক্ষমতালৈ আহিল যদিও পিছপৰি নাথাকিল এনচিপি ৷ বিজেপিয়ে 105 খন আসন, শিৱ সেনায়ে 56 খন আসন পোৱাৰ বিপৰীতে 2014 চনতকৈ ভাল ফলাফল দেখুওৱাই মুঠ 98 খন আসন নিজৰ দখললৈ নিলে এনচিপি মিত্ৰজোঁটে ৷

এনচিপিৰ এই সফলতাৰ আঁৰত এজন ব্যক্তিৰ অৰিহণা অস্বীকাৰ কৰিব নোৱাৰি ৷ সেইজন হ'ল এনচিপিৰ অধ্যক্ষ তথা কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ শাৰদ পাৱাৰ ৷ জনতাৰ প্ৰতি তেওঁৰ যি নিষ্ঠা আৰু স্নেহ, এনচিপিৰ সফলতাৰ আঁৰত তেখেতৰ সেইসমূহ গুণৰ ভূমিকা যথেষ্ট ৷ যোৱা শুক্ৰবাৰে সাতাৰাত অনুষ্ঠিত এক নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি জনতাৰ প্ৰতি থকা তেওঁৰ সেই সততা, নিষ্ঠা আৰু প্ৰেমৰেই প্ৰমাণ দিলে তেওঁ ৷ ধাৰাষাৰ বৰষুণৰ সত্বেও 79 বছৰীয়া নেতাজনে কংগ্ৰেছৰ হৈ যিদৰে প্ৰচাৰ চলালে সি বহু পৰিমাণে দলৰ আন আন নেতাসকলৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিলে ৷ পাৱাৰৰ সেই মৰমৰ প্ৰত্যুত্তৰ দিলে জনতায়ে ৷ আজি মহাৰাষ্ট্ৰ বিধানসভাৰ ফলাফলত প্ৰতিফলিত হ'ল জনতাৰ পাৱাৰৰ প্ৰতি থকা মৰম আৰু সহানুভুতি ৷

Etv Bharat Assam
মহাৰাষ্ট্ৰৰ কুৰুক্ষেত্ৰত ভীষ্ম হৈ অকলেই যুঁজ দিলে শৰদ পাৱাৰে

শাৰদ পাৱাৰ যিহেতু নিজেও এজন খেতিয়ক পৰিয়ালৰ সন্তান, সেয়েহে মহাৰাষ্ট্ৰৰ গ্ৰাম্যাঞ্চলৰ লোকসকলৰ লগতো তেওঁৰ এক সূদৃঢ় সম্পৰ্ক আছে ৷ যিয়ে তেওঁক দুখীয়া জনতাৰ সমস্যাসমূহ পুংখানুপুংখভাৱে বুজাত বহু পৰিমাণে সহায় কৰিছে ৷

সদায় জনতাৰ সমস্যাৰ কথা আলোচনা কৰে পাৱাৰে ৷ আৱেগিক কৰি জনসাধাৰণৰ পৰা ভোট ভিক্ষা কৰাৰ পৰিৱৰ্তে সদায় ব্যৱহাৰিক দৃষ্টিৰে সমস্যা সমূহৰ সমাধান বিচৰা এজন ব্যক্তি হ'ল পাৱাৰ ৷ আয়তকৈ অধিক সম্পত্তি, ডাঙৰ ব্যৱসায়ী সকলৰ সৈতে সম্পৰ্ক ইত্যাদিবোৰ বিতৰ্কৰ সত্বেও এই ফলাফলে যেন মঁচি পেলাবলৈ সক্ষম হৈছে তেওঁৰ সেই সমূহ বিতৰ্ক ৷

বিদৰ্ভ আৰু মুম্বাইৰ গ্ৰাম্যাঞ্চলসমূহত এনচিপিৰ শিপা ইমান শক্তিশালী নহয় যদিও শাৰদ পাৱাৰৰ শক্তিশালী ব্যক্তিত্বৰ শিপাডাল সিঁচৰতি হৈ আছে চাৰিওপিনে ৷ ইয়াৰ উপৰিও অজিত পাৱাৰ, জয়ন্ত পাটিল, ধনঞ্জয় মুণ্ডীৰ ৰূপত তেওঁ এতিয়াও দলত নিজৰ নেতৃত্ব অক্ষুণ্ণ ৰাখিব পাৰিব ৷

আজিৰ ফলাফলে কিছু পৰিমাণে হ'লেও সলনি কৰিব দৃশ্যপট ৷ প্ৰথমতে শিৱসেনা আৰু কংগ্ৰেছ মিত্ৰজোঁটক চৰকাৰ গঠন কৰাত সকলো প্ৰকাৰে বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰিব এনচিপি মিত্ৰজোঁটে ৷ তৃতীয়তে, নিজৰ দলটোৰ শিপা শক্তিশালী কৰাৰ এইটোৱেই অন্তিম সুযোগ পাৱাৰৰ বাবে ৷

ইয়াৰ উপৰিও মহাৰাষ্ট্ৰৰ যুৱচাম যিয়ে শিৱসেনা আৰু বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে যুঁজিবলৈ সম্পূৰ্ণৰূপে সাজু, তেওঁলোকৰ পৰা তেওঁ যি সঁহাৰি পাইছে সেই সঁহাৰিয়ে তেওঁক এক দুধুৰ-মুধুৰ পৰিস্থিতিত পেলাই়ছে ৷ আৰু দেশৰ এই পৰিস্থিতিৰ বিষয়ে সম্পূৰ্ণ ৰূপে অৱগত শাৰদ পাৱাৰ ৷

বিতৰ্ক আছে, বদনামো আছে কিন্তু বিধ্বস্ত এটা শিবিৰৰ নেতৃত্ব অকলে দি কিছু পৰিমাণে হ'লেও জনতাৰ সহানুভুতি বুটলিবলৈ সক্ষম হৈছে শাৰদ পাৱাৰে ৷ নিজৰ দলটটোৰ হকে সদায় কৰি আহিছে আৰু কৰি যাব ৷ কিজানি হয়তো, এইবাৰৰ এই অন্তিম সুযোগ অথলে যাব নিদিয়ে শৰদ পাৱাৰে ৷ নিজৰ অভিজ্ঞতা আৰু সৰ্বশক্তিৰে মহাৰাষ্ট্ৰত বিজেপি-শিৱসেনা চৰকাৰ গঠনত পূৰ্ণৰূপে বাধা প্ৰদান কৰিবলৈ চাব কংগ্ৰেছ নেতাগৰাকীয়ে ৷

Intro:Body:

Editorial 3

Conclusion:
Last Updated : Oct 25, 2019, 11:28 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.