নিউজ ডেস্ক, 21 ডিচেম্বৰ : সদ্য-সমাপ্ত জম্মু-কাশ্মীৰ জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰে এগৰাকী পাকিস্তানী মহিলাই ৷ সন্ত্ৰাসজৰ্জৰ উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ ড্ৰাগমুল্লাৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে সোমিয়া চদফ নামৰ পাকিস্তানী মহিলাগৰাকীয়ে ৷
এগৰাকী কাশ্মীৰীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা চদফে কুপৱাৰা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়ায়,যিখন আসন মহিলাৰ বাবে সংৰক্ষিত আছিল ৷ চদফে আজিৰ পৰা 10 বছৰ পূৰ্বে কাশ্মীৰলৈ আহিছিল আৰু আব্দুল মজিদ ভাটৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ লগতে তেওঁলোকৰ তিনিগৰাকী সন্তানো আছে ৷
2015ত চদফে কেন্দ্ৰীয় চৰকাৰৰ "উমীদ" আঁচনিৰ সৈতে জড়িত হৈছিল ৷ এই আঁচনিখন দাৰিদ্ৰতা নিৰ্মূলৰ বাবে গ্ৰহণ কৰা হৈছিল আৰু ইয়াত তেওঁ সফল হৈছিল ৷ 2018ত তেওঁ 'Progressive Women Entrepreneurship' শীৰ্ষক কাৰ্যসূচীত জম্মু-কাশ্মীৰক প্ৰতিনিধিত্ব কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতেও আলোচনাত অংশগ্ৰহণ কৰিছিল ৷
চদফৰ স্বামী আব্দুল মজিদ ভাট কুপৱাৰা বাটেৰগাম গাঁৱৰ বাসিন্দা ৷ 1990ৰ দশকত ভাটে সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিবলৈ সশস্ত্ৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবৰ বাবে পাকিস্তানলৈ গৈছিল ৷ কিন্তু তাত গৈ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত হোৱাৰ বিপৰীতে নিজকে লাহোৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি উচ্চ শিক্ষা গ্ৰহণ কৰিছিল ৷ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়তে চদফৰ সৈতে সাক্ষাৎ হৈছিল ভাটৰ ৷ 2002ত তেওঁলোকে বিবাহপাশত আবদ্ধ হৈছিল আৰু 2010ত কাশ্মীৰলৈ উভটি আহিছিল ৷
সোমিয়া চদফে মৌলানা আজাদ বিশ্ববিদ্যালয়ৰ পৰা নিজৰ স্নাতকোত্তৰ শিক্ষা লাভ কৰিছিল ৷ মানৱ জাতিক সেৱা কৰিবৰ বাবেই তেওঁ জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা বুলি আমাক জানিবলৈ দিয়ে ৷
2010ত ওমৰ আব্দুল্লাৰ চৰকাৰৰ দিনত পাকিস্তানলৈ গৈ সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰা লোকসকলে পাকিস্তানত বিবাহপাশত আবদ্ধ হোৱাৰ পিচতে উভটি আহিলে তেওঁলোকৰ বাবে এখন আঁচনি গ্ৰহণ কৰা হৈছিল ৷ অৱশ্যে এইসমূহ পৰিয়ালে অভিযোগ কৰা অনুসৰি,তেওঁলোকক প্ৰদান কৰা প্ৰতিশ্ৰুতি পালন কৰাত চৰকাৰ সম্পূৰ্ণৰূপে বিফল হৈছে ৷ ইয়াৰ বাবেই পাকিস্তানৰ অধিকসংখ্যক মহিলা যিয়ে কাশ্মীৰী পুৰুষৰ সৈতে বিবাহত আবদ্ধ হৈছে তেওঁলোকে সদায়ে শ্ৰীনগৰৰ পথত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক : মুখ্যমন্ত্ৰী সোণোৱালে প্ৰদান কৰিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ বঁটা