ETV Bharat / bharat

বহু দুৱাৰত পাকিস্তানে টুকুৰিয়ালেও বিশ্ববাসীয়ে ভাৰতৰ সৈতে থিয় দিলে, জাভাদেকাৰ

author img

By

Published : Sep 8, 2019, 7:20 PM IST

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভাদেকাৰে দেওবাৰে কাশ্মীৰ বিষয়ক পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ ঠেলি নিয়াৰ চেষ্টা কৰাক লৈ মন্তব্য আগবঢ়াইছে ৷ এক সংবাদমেল সম্বোধন কৰি বহু দুৱাৰত পাকিস্তানে টুকুৰিয়ালেও বিশ্ববাসীয়ে ভাৰতৰ সৈতে থিয় দিলে বুলি মন্তব্য কৰে তেওঁ ৷

বহু দুৱাৰত পাকিস্তানে টুকুৰিয়ালেও বিশ্ববাসীয়ে ভাৰতৰ সৈতে থিয় দিলে, জাভাদেকাৰ

নেশ্বনেল ডেস্ক, 8 ছেপ্তেম্বৰ : কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভাদেকাৰে দেওবাৰে কাশ্মীৰ বিষয়ক পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ ঠেলি নিয়াৰ চেষ্টা কৰাক লৈ মন্তব্য আগবঢ়াইছে ৷ এক সংবাদমেল সম্বোধন কৰি জাভাদেকাৰে মন্তব্য কৰে, "অনুচ্ছেদ 370 বাতিলকৰণৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে পাকিস্তানে ৰাষ্ট্ৰসংঘৰ লগতে অন্য ৰাষ্ট্ৰৰ পৰা সহায়ৰ ভিক্ষা মাগিছিল যদিও সমগ্ৰ বিশ্ববাসীয়ে ভাৰতৰ সৈতে থিয় দিলে ৷" মোডী নেতৃত্বাধীন বিজেপি কেন্দ্ৰীয় চৰকাৰৰ 100 দিন সম্পূৰ্ণ হোৱাৰ বাবে আয়োজন কৰা এক অনুষ্ঠানত উপস্থিত হৈছিল প্ৰকাশ জাভাদেকাৰ ৷

জম্মু - কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ অধিকাৰ খৰ্ব কৰাটো এক মহান সিদ্ধান্ত আছিল বুলি মন্তব্য কৰে জাভাদেকাৰে ৷ লগতে তেওঁ কয় যে, ই সিদ্ধান্তৰ ফলত জম্মু - কাশ্মীৰৰ পৰিস্থিতি সুস্থিৰ অৱস্থালৈ ঘূৰি আহিছে ৷

জাভাদেকাৰে কয় যে, ইয়াৰ ফলত জম্মু - কাশ্মীৰৰ লোকসকলে কেন্দ্ৰীয় চৰকাৰৰ পৰা সকলো ধৰণৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব ৷ পঞ্চায়ত নিৰ্বানৰ পৰা আদি কৰি অনুসূচিত জাতি - জনজাতিৰ লোকে সংৰক্ষণৰ সুবিধা লাভ কৰাৰ লগতে শিক্ষা আৰু তথ্য সংগ্ৰহৰ ক্ষেত্ৰত অধিকাৰ লাভ কৰিব ৷ জম্মু - কাশ্মীৰ আৰু লাডাখৰ লোকসকলে চাকৰিৰ সুবিধাও লাভ কৰিব বুলি মন্তব্য কৰে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰীগৰাকীয়ে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.