নিউজ ডেস্ক, ২৫ জুনঃ সমগ্ৰ দেশতে কালৰূপ ধাৰণ কৰিছে মহামাৰী কোভিড-১৯য়ে। প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড আক্ৰান্ত ব্যক্তিৰ সংখ্যা। এনে পৰিপ্ৰেক্ষিতত ভাৰতীয় স্বাস্থ্য গৱেষণা সংস্থা চমুকৈ 'ICMR' য়ে পূৰ্বৰ তুলনাত বৃদ্ধি কৰিছে কোভিড ১৯ নমুনা পৰীক্ষাৰ সংখ্যা। ভাৰতীয় স্বাস্থ্য গৱেষণা সংস্থাই উল্লেখ কৰা অনুসৰি সমগ্ৰ দেশজুৰি ২৪ জুনলৈকে মুঠ ৭৫ লাখ লোকৰ কোভিড-১৯ নমুনা পৰীক্ষা কৰা হৈছে। বিগত ২৪ ঘণ্টাত ২,০৭,৮৭১ গৰাকী লোকৰ নমুনা পৰীক্ষা সম্ভৱ হৈ উঠিছে।

ৃইয়াৰ উপৰি 'ICMR' য়ে দেশৰ প্ৰায় ১০০০ টা কোভিড-১৯ গৱেষণাগাৰত 'ৰেম্প আপ টেষ্টিঙ'ৰ ব্যৱস্থা কৰিছে। এই গৱেষণাগাৰসমূহৰ ভিতৰত ৭৩০ টা ৰাজহুৱা আৰু ২৭০ টা ব্যক্তিগত খণ্ডৰ বুলি জানিব পৰা গৈছে। 'ৰেম্প আপ টেষ্টিঙ'ৰ সুবিধা থকা এই গৱেষণাগাৰসমূহৰ ভিতৰত ৫৫৭ টা 'RT-PCR', ৩৬৩ টা 'TrueNat' আৰু ৮০ টা 'CBNAAT'গৱেষণাগাৰ।
ভাৰতীয় গৱেষণা সংস্থাই শেহতীয়াকৈ ৰাজ্য চৰকাৰসমূহক চৰকাৰী তথা ব্যক্তিগত সকলো প্ৰতিষ্ঠানতে কোভিড-১৯ৰ পৰীক্ষণ ব্যৱস্থা বৃদ্ধি কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে। একেদৰে, কোভিড-১৯ লক্ষণ থকা সকলো নিগেটিভ ৰোগীকে 'ৰেপিড এণ্টিজেন টেষ্ট' কৰিবলৈ আৰু প্ৰয়োজন সাপেক্ষে 'RT-PCR'টেষ্ট কৰিবলৈ সকলো গৱেষণাগাৰ আৰু হাস্পতালকে 'ICMR' য়ে অনুমতি প্ৰদান কৰিছে।
উল্লেখ্য যে, দেশজুৰি বিগত ২৪ ঘণ্টাত সৰ্বাধিক ১৬,৯২২ গৰাকী লোকৰ দেহত কোভিড-১৯ৰ উপস্থিতি লাভ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বৃহস্পতিবাৰে দিনৰ ১২ বজালৈ মুঠ ৪,৭৩,১০৫ গৰাকী লোক কোভিত-১৯ত আক্ৰান্ত হৈছে। আনহাতে, এই মহামাৰীৰ ফলত বুধবাৰৰ দিনটোত ৪১৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ১৪,৮৯৪ গৰাকীলৈ বৃদ্ধি পাইছে।