ETV Bharat / bharat

পাৰভেজ মুছাৰাফক মৃত্যুদণ্ড পাকিস্তান পেশ্বাৱাৰ উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Dec 21, 2019, 4:04 PM IST

অৱশেষত পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰাফ মৃত্যুদণ্ডৰ ৰায় পেশ্বাৱাৰ উচ্চ ন্যায়ালয়ৰ ৷ মুখ্য ন্যায়াধীশ ৱাকাৰ আহমেদ চেঠে প্ৰদান কৰে এই ৰায়দান ৷

পাৰৱেশ মুশ্বাৰাফক মৃত্যুদণ্ড পাকিস্তান পেশ্বাৱাৰ উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক, 21 ডিচেম্বৰ: অৱশেষত পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰাফক মৃত্যুদণ্ড পেশ্বাৱাৰ উচ্চ ন্যায়ালয়ৰ ৷ মুখ্য ন্যায়াধীশ ৱাকাৰ আহমেদ চেঠে প্ৰদান কৰে এই ৰায়দান ৷ সংবিধান উলংঘাৰ লগতে পাকিস্তানত 2007 চনৰ নৱেম্বৰ মাহত অতিৰিক্ত জৰুৰীকালীন ঘোষণা কৰাৰ অপৰাধত মৃত্যুদণ্ড দিয়া হয় ৰাষ্ট্ৰপতিগৰাকীক ৷

এইটো অবিশ্বাস্য আৰু অকল্পনীয় যে, এজন পোছাকধাৰী অকলশৰীয়া লোকে ইমানবোৰ অপৰাধত লিপ্ত থাকিব পাৰে ৷ পোছাকধাৰী আন-আন আৰক্ষী বিষয়াসমূহ যিসকল লোকে 24 ঘণ্টা তেওঁক ৰক্ষণাবেক্ষণ দি থাকে সেইসকল সেই পোছাকধাৰী লোকসকলো এই অপৰাধত সমানেই জড়িত থকাৰ কথা প্ৰকাশ কৰে মুখ্য ন্যায়াধীশ ৱাকাৰ আহমেদে ৷ 2016 চনৰ পৰা পাকিস্তানৰ বাহিৰত বাস কৰি থকা মুছাৰাফক যিকোনো সময়তে ফাঁচী দিয়া হ'ব ৷

এই ৰায়দানে সুদূৰ-প্ৰসাৰী প্ৰভাৱ পেলাব পাৰে পাকিস্তানৰ জনতা আৰু সামৰিক বাহিনীৰ সম্বন্ধৰ ওপৰত ৷ ইয়াৰ সম্ভাৱনীয়তাহে আছে, কাৰণ এইটো সম্পূৰ্ণৰূপে এতিয়া নিৰ্ভৰ কৰিব পাকিস্তানৰ ৰাজনৈতিক নেতাসকলে এই পৰিস্থিতিটো কিদৰে নিয়ন্ত্ৰণ কৰে ৷ এই বিশেষ আদালতে এইবাৰ ন্যায় প্ৰদান কৰিছে ৷ প্ৰথমাৱস্থাত পাকিস্তানৰ আদালতসমূহে দেশৰ সামৰিক বাহিনী সমূহৰ সকলোবোৰ ময়-মতালিক পূৰ্ণ সমৰ্থন জনাইছিল ৷ 1977 চনত পাকিস্তানৰ প্ৰধানমন্ত্ৰী জুলফিকাৰ আলি ভুট্টক জেনৰেল জিয়া উল হকে ক্ষমতাচ্যুত কৰাটোৱেই পাকিস্তানক সৈন্য বাহিনীৰ শক্তিৰ প্ৰমাণ দাঙি ধৰে ৷

বৰ্তমান পাকিস্তানৰ ন্যায় ব্যৱস্থা সত্যৰ লগত থিয় দিছে ৷ যোৱা মাহত পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে মুখ্য সেনাধ্যক্ষ জেনেৰেল বাজৱাৰ ক্ষেত্ৰত যি ৰায়দান দিছিল সেই কথাটোৱে প্ৰমাণ কৰে যে, দেশৰ আইনৰ উৰ্ধত সামৰিক শক্তিও নহয় ৷ সামৰিক বাহিনীয়ো আইনৰ ওচৰত মূৰ দোঁৱাবলৈ বাধ্য ৷

পাকিস্তানৰ সামৰিক প্ৰতিনিধি সকলৰ মতে পাৰভেজ মুছাৰাফক সন্দৰ্ভত দিয়া বিশেষ ন্যায়ালয়ৰ ৰায়দান সংবিধান বিৰোধী আৰু অবৈধ আছিল ৷ সেয়েহে এই বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে নিৰপেক্ষ হোৱাটো উচিত ৷ গতিকে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব পাকিস্তানৰ সামৰিক শক্তি ৷ অৱশেষত এইটো লক্ষণীয় হ'ব যে, পাকিস্তানৰ ৰাজনৈতিক নেতাসকলে এইক্ষেত্ৰত কিদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ পাকিস্তানত যিদৰে সামৰিক শক্তিয়ে নিজৰ প্ৰভুত্ব বিস্তাৰ কৰি আছিল তাৰো অন্ত পেলাবলৈ সক্ষম হৈছে এই ঐতিহাসিক ৰায়দানে ৷

Opinion piece on Musharaf verdict  
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.