নিউজ ডেস্ক, 6 জুন : 35 টা বৰ্ষ অতিক্ৰম কৰিলে 'অপাৰেচন ব্লু ষ্টাৰে'৷ অমৃতসৰৰ স্বৰ্ণ মন্দিৰত ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত কৰা দিনটোক উলহ-মালহেৰে পালন কৰা হৈছে অমৃতসৰত ৷
1984 চনত ভাৰতীয় সেনাই 'অপাৰেচন ব্লু ষ্টাৰ'ৰ জৰিয়তে উৎখাত কৰিছিল স্বৰ্ণ মন্দিৰত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ ঘাটি ৷ অপাৰেচন ব্লু ষ্টাৰৰ বৰ্ষপূৰ্তিৰ বাবে অমৃতসৰৰ স্বৰ্ণ মন্দিৰত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ খালিস্তান আন্দোলনৰ গুৰি ধৰি পাকিস্তানৰ লগত লগ-লাগি সাধাৰণক জনতাক হত্যা কৰি স্বৰ্ণ মন্দিৰত আত্মগোপন কৰি আছিল বিসম্বাদী ধৰ্মীয় নেতা জাৰ্ণাইল সিং ভিন্দ্ৰাৱালেয়ে ৷ সন্ত্ৰাসবাদীৰ দলটোৱে হত্যা কৰিছিল 410 জনকৈ লোকক ৷ সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰ্দেশ অনুসৰি ভাৰতীয় সেনাই চলাইছিল 'অপাৰেচন ব্লু ষ্টাৰ'৷