ETV Bharat / bharat

কেন্দ্ৰীয় শাসিত অঞ্চলৰ বৰ্ষপূৰ্তি : নতুনত্বৰে ভৰা লাডাখ

কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে মৰ্যদা লাভ কৰাক লৈ যথেষ্ট সুখী লাডাখৰ লোকসকল ৷ লাডাখৰ বাসিন্দাসকলে কুশক বাকুলাৰ নেতৃত্বত দীৰ্ঘদিনৰ পৰাই অঞ্চলটো কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰি আহিছিল ৷ 65 বৰ্ষ পূৰ্বে বাকুলাই উত্থাপন কৰা দাবীক পৰৱৰ্তী সময়ত থুপষ্টান চেৱাঙে আগবঢ়াই নিছিল ৷

কেন্দ্ৰীয় শাসিত অঞ্চলৰ বৰ্ষপূৰ্তি : নতুনত্বৰে ভৰা লাডাখ
কেন্দ্ৰীয় শাসিত অঞ্চলৰ বৰ্ষপূৰ্তি : নতুনত্বৰে ভৰা লাডাখ
author img

By

Published : Aug 2, 2020, 10:39 PM IST

নিউজ ডেস্ক, 2 আগষ্ট : প্ৰতিবছৰ গৰমৰ দিনত পৰ্যটকেৰে ভৰি থকা লেহৰ বজাৰসমূহ চলিত বৰ্ষত কোভিড-19ৰ বাবে একপ্ৰকাৰ স্তব্ধ হৈ আছে ৷ তথাপিও লাডাখৰ সুউচ্চ পাহাৰৰ মাজেৰে উদ্ভাষিত হৈ সূৰ্যই ইয়াৰ গৰম উত্তাপ ওখোৰা মোখোৰা পাহাৰত দি আহিছে ৷ স্থানীয় বাসিন্দাসকলে মাস্ক পিন্ধি হ'লেও বাহিৰলৈ ওলাই আহিছে, আশাৰ সন্ধানত ৷ কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যদাক লৈ তেওঁলোক যথেষ্ট সূখী ৷

বিগত বৰ্ষৰ 5 আগষ্টত কেন্দ্ৰই জম্মু-কাশ্মীৰক দুভাগত বিভক্ত কৰি লাডাখ আৰু জম্মু-কাশ্মীৰ হিচাপে কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যদা প্ৰদান কৰে ৷

লাডাখী জনতাই দীৰ্ঘদিন ধৰি লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰাৰ দাবী উত্থাপন কৰি আহিছিল ৷ আজিৰ পৰা 65 বৰ্ষ পূৰ্বে প্ৰখ্যাত লাডাখী নেতা কুশক বাকুলাই লাডাখৰ বাবে এই দাবী উত্থাপন কৰিছিল আৰু পৰৱৰ্তী সময়ত ইয়াক পূৰ্ণগতি প্ৰদান কৰিছিল আন এগৰাকী লাডাখী নেতা থুপষ্টান চেৱাঙে ৷ দুয়োগৰাকী নেতাই ভাৰতীয় সদনত লাডাখত প্ৰতিনিধিত্ব কৰিছে ৷

"আমি কোনোও আমাৰ জীৱনকালত এই দাবী সম্পূৰ্ণ হ'ব বুলি ভবা নাছিলো ৷ বিগত ছটা দশকে কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে কৰিব নোৱাৰা কামটো বিগত বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ দ্বিতীয়টো কাৰ্যকালত এয়া সম্ভৱ কৰি তুলিছে ৷ তেওঁৰ ঘোষণাক আমি প্ৰথমে বিশ্বাসেই কৰিব পৰা নাছিলো যদিও এয়া সঁচা ৷" লেহস্থিত কেব চালক টাশি নৰ্বুয়ে এইদৰে কয় ৷

"লাডাখৰ অধিকাংশ বাসিন্দাৰ অৰ্থনৈতিক ভেটি নিৰ্ভৰ কৰা পৰ্যটন খণ্ড কোভিড-19ৰ বাবে স্তব্ধ হৈ পৰে ৷ সাময়িকভাৱে বন্ধ হৈ পৰা বজাৰত সাধাৰণ লোকসকলে আজিও আশা লৈ তেওঁলোকৰ ভাল দিনলৈ বুলি অপেক্ষা কৰি আছে ৷ লাডাখ আৰু লাডাখী লোকসকলে তেওঁলোকৰ পৰিচয় জম্মু-কাশ্মীৰৰ পৰা আঁতৰি নিজাকৈ দিবলৈ সক্ষম হৈছে ৷" ষ্টেনজিন, এগৰাকী জৈৱিক সামগ্ৰী বিক্ৰেতাই এইদৰে কয় ৷

সাংবিধানিক পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি, লেহ স্বায়ত্বশাসিত পাহাৰ উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, গ্যাল পি ৱানগ্যালে কয় যে, "জম্মু-কাশ্মীৰ প্ৰশাসনে 45,000 বৰ্গ কিলোমিটাৰজোৰা (65শতাংশ) লাডাখৰ নাম লৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা বৃহৎ পূঁজি আৱন্টন কৰে, যদিও লাডাখৰ বাবে বাজেটত ইয়াৰ পৰা মাত্ৰ 2 শতাংশ ধন আৱন্টন দিয়ে একমাত্ৰ জনসংখ্যাৰ ঘনত্বলৈ লক্ষ্য কৰি ৷"

"বিগত বৰ্ষত লাডাখৰ বাবে 57 কোটিৰ বাজেট ধাৰ্য কৰা হয় ৷ আজিৰ দিনত লাডাখৰ বাজেট ইয়াৰ তুলনাত চাৰিগুন অধিক, 232 কোটি ৷ লাডাখে বিশেষ পূঁজিৰ নামত 6000 কোটিৰ বাজেট লাভ কৰিছে ৷ কিন্তু কোভিড-19 মহামাৰীয়ে আমাক 3 বৰ্ষ পিচলৈ লৈ যায়, কিয়নো আমি ইয়াক নিৰ্ধাৰিত কৰিবৰ বাবে পৰিষদৰ বৈঠক অনুষ্ঠিত কৰিব পৰা নাই ৷" তেওঁ লগতে কয় ৷

"জম্মু-কাশ্মীৰ ইতিমধ্যে প্ৰতিষ্ঠিত হৈছে ৷ কিন্তু আমি শূণ্যৰ পৰা আৰম্ভ কৰিছো ৷ ইয়াৰ বাবে দুইৰ পৰা তিনি বৰ্ষ সময়ৰ প্ৰয়োজন হ'ব ৷ লাডাখৰ ভৱিষ্যত ইয়াৰ ওপৰতে নিৰ্ভৰ কৰিছে ৷" ৱানগ্যালে কয় ৷

লাডাখৰ সমষ্ট কাম লেফ. জেন. আৰ কে মাথুৰ আৰু তেওঁৰ উপদেষ্টাৰ লগতে লেহ স্বায়ত্বশাসিত পাহাৰ উন্নয়ন পৰিষদৰ 30 জনীয়া সদস্যৰ দলে সম্পন্ন কৰি আহিছে ৷

লাডাখত প্ৰথমবাৰৰ বাবে সৃষ্টি কৰা আৰক্ষী মহাপৰিদৰ্শকৰ পদত থকা আৰক্ষী বিষয়া এছএছ খান্দাৰে কয় যে, "লাডাখ আৰক্ষীৰ আন্তঃগাঁথনি ইয়াক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ পূৰ্বে বহুটো পিছপৰা আছিল ৷ এতিয়া আমি উন্নত হৈছো ৷ জম্মু-কাশ্মীৰ আৰক্ষীত সেৱা প্ৰদান কৰি থকা লাডাখীসকলক লাডাখলৈ প্ৰেৰণ কৰা হৈছে আৰু ইয়াত নিজা আৰক্ষী বাহিনীত মকৰল কৰা হৈছে ৷ লাডাখ আৰক্ষীয়ে নতুনত্বৰে ইয়াৰ পৰিচয় লাভ কৰিছে ৷"

লাডাখৰ সৰ্ববৃহৎ সামাজিক-ৰাজনৈতিক সংগঠন লাডাখ বৌদ্ধিষ্ট এশ্ব'ছিয়েশ্বনে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ দাবীক মৰ্যদা দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ সংগঠনটোৰ সভাপতি পিটি কুনজাঙে কয় যে, "ইয়াত থকা প্ৰত্যাহ্বান হৈছে সংস্থাপন, পৰিৱেশ আৰু মাটি ৷ লাডাখীসকলে এই তিনিওটা বিষয়তে নিৰাপত্তা বিচাৰে ৷ আমি আশাবাদী যে, চৰকাৰে শীঘ্ৰেই এই বিষয়ত গুৰুত্ব প্ৰদান কৰিব ৷"

লেহ পৌৰসভাত শাসনাধিস্থিত বিৰোধী দল কংগ্ৰেছেও আনকি, ইয়াক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে দিয়া মৰ্যদাক স্বীকৃতি দিছে ৷ লেহ পৌৰসভাৰ সভাপতি, ইছে নামগাইলে কয় যে, লেহ আৰু কাৰ্গিলক লৈ ঘোষণা কৰা কেন্দ্ৰীয় শাসিত অঞ্চলটোৱে পৰিৱৰ্তনৰ মুখ দেখিছে ৷ অঞ্চলটোৱে শীঘ্ৰেই আন্তঃৰাষ্ট্ৰীয় পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হ'ব ৷

লেহত শেহতীয়াকৈ নিৰ্মাণ কৰি উলিওৱা চৰকাৰী কাৰ্যালয়সমূহৰ ৰঙৰ গোন্ধ এতিয়াও মাৰ যোৱা নাই, আনকি পথত পাৰি দিয়া শিলসমূহো ভালদৰে বহি উঠা নাই যদিও বিষয়াসকলে মাজ নিশালৈ কাম কৰি লাডাখক এক উল্লেখনীয় কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলাত অধিক কষ্ট কৰি আহিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.