নতুন দিল্লী, ২ চেপ্তেম্বৰঃ ৰাজ্যসভাৰ সচিবালয়ে জাৰি কৰা এক নিৰ্দেশ অনুসৰি সাম্প্ৰতিক কোভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত সংসদৰ বৰ্ষাকালীন অধিবেশন চলি থকা সময়ত কোনে প্ৰশ্নকালীন সময় নাথাকিব আৰু আগতীয়াকৈ জাননী নিদিয়াকৈ কোনে প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব ।
ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা পৰা জাৰি কৰা এক নিৰ্দেশ অনুসৰি ২০ চেপ্তেম্বৰ (সোমবাৰ)ত নতুন দিল্লীত বৈঠক অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনাইছে ৰাজ্যসভাৰ সচিবালয়ক । সংসদৰ ব্যস্ততাৰ বাবে ৰাজ্যসভাৰ সচিবালয়লৈ জাৰি কৰা নিৰ্দেশ অনুসৰি এই অধিবেশন অহা এক অক্টোবৰত সমাপ্ত হব বুলি ৰাজ্যসভাৰ সচিবালয়ে জানিবলৈ দিছে।
যদিও ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা অনুসৰি আন আন কাৰ্যসূচী সমূহ পূৰ্ব নিৰ্ধাৰিত সময়তে অনুষ্ঠিত হব । সংসদৰ বৰ্ষাকালীন অধিবেশন অহা ১৪ চেপ্তেম্বৰৰ পৰা আৰম্ভ হব আৰু ১ অক্টোবৰত সমাপ্ত হব ।
আনহাতে ৰাজ্যসভাৰ সচিবালয়ে জাৰি কৰা বিজ্ঞপ্তি অনুসৰি অধিবেশন ভাগ লোৱা সাংসদসকলে ৭২ ঘন্টাৰ আগতে কোভিড-১৯ ৰ পৰীক্ষা কৰোৱাৰ লগতে কৰণা ভাইৰাছৰ প্ৰয়োজনীয় প্ৰটকল মানি চলিব লাগিব অধিবেশনৰ সময়ছোৱাত । লগতে চৰকাৰী সূত্ৰই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি বৰ্ষাকালীন অধিবেশন চল থকা সময়ত কোনো ধৰণৰ বিৰতি নাথাকিব । সাপ্তাহিক ছুটীৰ দিনতো এই অধিবেশন চলি থাকিব । সংসদৰ উভয় সদনৰ কাৰ্যসূচী নিয়মিত ভাৱে চলি থাকিব । প্ৰথমদিনা অৰ্থাত ১৪ চেপ্তেম্বৰৰ পৰা পুৱা ৯ বজাৰ পৰা দিনৰ ১ বজা পৰ্যন্ত ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা চলাৰ লগতে বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে নিয়মিত কাৰ্যসূচী সমূহ অনুষ্ঠিত হব ।
১৪ চেপ্তেম্বৰৰ পিচত ৰাজ্যসভা পুৱা ৯ বজাৰ পৰা দিনৰ ১ বজা পৰ্যন্ত প্ৰথমাৰ্ধত অনুষ্ঠিত হোৱাৰ বিপৰীতে লোকসভাৰ কাৰ্যসূচী সমূহ বিয়লি ৩ বজাৰ পৰা সন্ধ্যা ৭ বজা পৰ্যন্ত চলি থাকিব । উভয় সদনৰ কাৰ্যসূচী সমূহ দৈনিক ৪ ঘন্টাকৈ চলিব প্ৰতিদিনে । সংসদৰ এই অধিবেশনৰ সময়ছোৱাত কৰণা মহামাৰী প্ৰতি লক্ষ্য ৰাখি সকলো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জানিবলৈ দিছে সংবাদ মাধ্যমক ।
অধিবেশনৰ প্ৰাকমূহুৰ্তত ৰাজ্যসভা আৰু লোকসভাৰ অধ্যক্ষই সচিবালয়ৰ কৰ্মকৰ্তাসকলৰ সৈতে এক বৈঠকতো মিলিত হৈছে । কেনেধৰণে বৰ্ষাকালীন অধিবেশন খন অনুষ্ঠিত কৰা হব এই সম্পৰ্কত আলোচনা কৰা হয় এই বৈঠকত । লগতে অধিবেশনৰ সময়ত কোভিড-১৯ ৰ নিৰ্দেশনা অনুসৰণ কৰিব লাগিব সেই সম্পৰ্কত স্বাস্থ্য মন্ত্ৰণালয়ৰ বিষয়ববীয়া সকলৰ সৈতেও আলোচনা কৰা হয় ।
তথ্য অনুসৰি বিগত ৫ মাহত প্ৰায় ১১ টা অধ্যাদেশ জাৰি কৰিছে বিভিন্ন কাৰ্যসূচী সম্পৰ্কত । এই তালিকাত কৃষকসকলৰ বাবে ৱান নেশ্যন ৱান মাৰ্কেট সম্পৰ্কীয় এখন অধ্যাদেশো আছে যাক বিৰোধী কংগ্ৰেছ দলে আপত্তি দৰ্শাইছে ।
সূত্ৰ অনুসৰি ৰাজ্যসভাৰ উপাধ্যক্ষ নিৰ্বাচনৰ কথাও প্ৰথমদিনাৰ অধিবেশনৰ কাৰ্যসূচীত থাকিব বুলি ধাৰণা কৰা হৈছে । জনতা দল(ইউনাইটেড)ৰ সাংসদ হৰিবংশ সংসদৰ বৰ্ষাকালীন অধিবেশনৰ প্ৰথন দিনা অৰ্থাত ১৪ চেপ্তেম্বৰৰ দিনা উপাধ্যক্ষ পদৰ বাবে পুনৰ নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে । উল্লেখ্য যে, মাৰ্চৰ প্ৰথম সপ্তাহৰ পিচতে সংসদ স্থগিত থকাৰ কথা ঘোষণা কৰাৰ লগতে দেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক ডাউন ঘোষণা কৰিছিল কৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত ।
লগতে চাওকঃ