ETV Bharat / bharat

জনা-নজনা: দেৱতাৰ ভয়ৰ বাবেই এই গাঁৱত নাই পকী ঘৰ - দেৱতা

এইখন গাঁৱত সূৰ্য ডুবিলেই আন্ধাৰ ৷ বিদ্যুৎ,গেছ আদিতো বাদেই গাঁওখনত নাই এটা পকী ঘৰো ৷ কেৱল দেৱতাৰ ৰোষৰ পৰা বাচি থাকিবৰ বাবে এনেদৰে বাস কৰে গাঁওখনৰ বাসিন্দাই ৷ গাঁওখন ক'ত জানেনে ?

জনা-নজনা
জনা-নজনা
author img

By

Published : Oct 9, 2020, 4:11 PM IST

নিউজ ডেস্ক, 9 অক্টোবৰ: আশেপাশে থকা গাঁও সমূহত বহু ডাঙৰ ডাঙৰ ঘৰ ৷ কিন্তু এই গাঁওখনত কেৱল কেঁচা ঘৰ ৷ কাষৰ গাঁও খনত বিদ্যুৎ, গেছ আদিৰ দৰে সকলো যাৱতীয় আধুনিক সা-সৰঞ্জাম তথা উপাদান আছে,এইখন গাঁৱত সূৰ্য ডুবিলেই আন্ধাৰ হয় ৷ এনেকুৱা নহয় গাঁওখনৰ বাসিন্দা সকল অতি দৰিদ্ৰ ৷ তেনেহ'লে বিষয়টো কি ?

উত্তৰ হ'ল,বিশেষ বিশ্বাস ৷ ৰাজস্থানৰ মৰু অঞ্চলৰ দেৱমালী গাঁৱৰ কাহিনী সঁচাকৈয়ে অদ্ভুত ৷ দেৱমালীবাসী ৰাইজ দেৱ নাৰায়ণৰ উপাসক ৷ চাবলৈ গ'লে ভাৰতৰ আন 5 খন গাঁৱৰ দৰেই দেৱমালী ৷ মুঠ 80 টা পৰিয়ালৰ বসতিস্থল গাঁওখন ৷ স্থানীয় বাসিন্দা সকলৰ জীনিতা হ'ল কৃষিকৰ্ম ৷ কিন্তু এডোখৰো ভূমি নাই গাঁওবাসীৰ নামত ৷ সেই ভূমি সমূহ কেৱল চিনাক্তহে কৰি থোৱা হৈছে ৷ সকলো ভূমি পঞ্জীয়ন হৈ আছে গাঁও দেৱতা দেৱ নাৰায়ণৰ নামত ৷ গাঁওখনৰ লোকে পকী ঘৰ নবনোৱাৰ এটাই কাৰণ যে, তেওঁলোকৰ ব্যক্তিগত মালিকীস্বত্ব নাই কোনো এডোখৰ ভূমিতো ৷ স্থানীয় লোকৰ বিশ্বাস যে, গাঁও খনত পকী ঘৰ নিৰ্মাণ কৰিলেই তেওঁলোকৰ উপাস্য দেৱতা ৰুষ্ট হ'ব ৷ সেই বাবেই কোনোদিন বিলাসীতাৰ ফালে ধাৱমান হ'ব নিবিচাৰে তেওঁলোক ৷ কিন্তু কেৱল এইয়াই নেকি তেওঁলোকৰ বিশ্বাসৰ কাৰণ ?

জানিব পৰা গৈছে যে, এবাৰ গাঁৱৰ এগৰাকী বাসিন্দাই পকী ঘৰ নিৰ্মাণৰ চেষ্টা কৰিছিল ৷ কিন্তু তেতিয়াই সংঘটিত হয় অঘটন ৷ কিয় জানো তেওঁৰ ঘৰটো ভাগি পৰে ৷ তাৰ পাচৰ পৰাই দেৱমালীৰ বাসিন্দা সকলৰ ধাৰণা যে, সেই গাঁৱত পকী ঘৰ নিবিচাৰে দেৱতাই ৷ গাঁওখনত যে গেছৰ ব্যৱস্থাও নাই সেই কথা পূৰ্বেই উল্লেখ কৰা হৈছে ৷ আনকি কয়লাৰে চলা ৰন্ধনযন্ত্ৰও নাই গাঁওখনত ৷ কেৱল কাঠ খৰি জ্বলায় তেওঁলোকে ৷ ৰন্ধনকাৰ্য চলে সেই কাঠ খৰিৰ জুইৰেই ৷ নিশা দেৱতা অহাত অসুবিধা হ'ব, সেই কথা ভাবিয়েই তেওঁলোকে গাঁওখনত পৰিব দিয়া নাই বিদ্যুতৰ পোহৰ ৷ আনকি নৱ প্ৰজন্ময়ো সেই পুৰণিকলীয়া নীতি-নিয়ম সমূহ এৰাই চলিব নিবিচাৰে ৷ বয়োজ্যেষ্ঠ সকলৰ মতে, সেই গাঁৱত সৰু ল'ৰা-ছোৱালীয়েও আমিষ নাখায়, লগতে গাঁওখনত নিষিদ্ধ মদ্যপানো ৷

লগতে পঢ়ক: জনা-নজনা: 180 বছৰে সংৰক্ষিত হৈ আছে এজন অপৰাধীৰ মূৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.