নিউজ ডেস্ক,২৬জুন : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক প্ৰভাৱশালী মন্ত্ৰী হিচাপে ঘোষণা ইংলেণ্ডৰ গৃহ সচিৱ সাজিদ জাবিদৰ । সোমবাৰে লণ্ডনৰ সদনত 'ভাৰত দিৱস'ক চিহ্নিত কৰিবলৈ ইংলেণ্ডৰ গৃহ সচিব সাজিদ জাবিদৰ অধ্যক্ষতাত ''ইউ.কে ইণ্ডিয়া ৰিলেশ্বনশ্বীপ : চেলিব্ৰেটিং ওমেন''নামৰ এটা অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানত গৃহ সচিব গৰাকীয়ে অংশগ্ৰহণ কৰি ১০০গৰাকী প্ৰভাৱশালী মহিলাৰ নাম থকা তালিকাৰ কথা উল্লেখ কৰ। য'ত শক্তিশালী মহিলা হিচাপে স্বীকৃতি প্ৰদান কৰে নিৰ্মলা সীতাৰমণক ।
উল্লেখ্য যে,কেবিনেট মন্ত্ৰী পেনী মোৰ্ডনতৰ পাছত মন্ত্ৰী নিৰ্মলা সীতাৰমণ ভাৰতৰ প্ৰথমগৰাকী মহিলা। যিয়ে বৃটেইনৰ লগত ভাৰতৰ সম্বন্ধ পূৰ্বৰ তুলনাত দৃঢ় কৰিবলৈ সক্ষম হৈছে । মন্ত্ৰী নিৰ্মলা সীতাৰমণে লণ্ডনত শিক্ষাগ্ৰহণ কৰি ইংলেণ্ডৰ পৰাই আৰম্ভণি কৰিছিল কৰ্মজীৱন।