ETV Bharat / bharat

পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীল সংসদৰ পৰৱৰ্তী অধিৱেশন : নাইডু

উপ-ৰাষ্ট্ৰপতি এম. ভেংকায়া নাইডুয়ে ৰাজ্যসভাৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে ৷ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীল কৰি সংসদৰ পৰৱৰ্তী অধিৱেশন অনুষ্ঠিত হ'ব বুলি মন্তব্য কৰে নাইডুয়ে ৷

author img

By

Published : Apr 29, 2020, 10:44 PM IST

ৰাজ্যসভাৰ সদস্যসকলৰ সৈতে মত বিনিময়
উপ-ৰাষ্ট্ৰপতি এম. ভেংকায়া নাইডু

নেশ্যনেল ডেস্ক, 29 এপ্ৰিল : দেশৰ উপ-ৰাষ্ট্ৰপতি এম. ভেংকায়া নাইডুয়ে বুধবাৰে ৰাজ্যসভাৰ সদস্যসকলক কয় যে, কৰ'ণা ভাইৰাছৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিহে পৰৱৰ্তী অধিৱেশন অনুষ্ঠিত কৰা হ'ব ৷ ইয়াৰোপৰি, স্বাভাৱিক অৱস্থা ঘূৰি আহিবলৈ আশা কৰাৰ লগতে কৰ'ণা ভাইৰাছ নিৰ্মূল কৰিবৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাই যোগাত্মক ফলাফল দেখুৱাইছে বুলি নাইডুয়ে মন্তব্য কৰে ৷

ৰাজ্যসভাৰ অধ্যক্ষ নাইডুয়ে 'Mission Connect'ৰ অধীনত ৰাজ্যসভাৰ সাংসদসকলৰ সৈতে মত বিনিময় কৰে ৷ লকডাউনৰ এই সময়ছোৱাত 'Mission Connect'ৰ অধীনত তেওঁ বহুসংখ্যক সাংসদৰ লগতে প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী, বৰ্তমানৰ আৰু প্ৰাক্তন মুখ্য ন্যায়াধীশ, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকল আৰু বিভিন্ন দলৰ নেতাসকলৰ সৈতে বাৰ্তালাপ কৰে ৷

সূত্ৰই জানিবলৈ দিয়ে যে, ৰাজ্যসভাৰ কিছুসংখ্যক সদস্যই তেওঁক পৰৱৰ্তী অধিৱেশন সম্পৰ্কত প্ৰশ্ন কৰাত তেওঁ কয়, "এয়া পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীল ৷ ভাইৰাছবিধ প্ৰতিৰোধৰ বাবে দেশত গ্ৰহণ কৰা ব্যৱস্থাই সঠিক ফলাফল প্ৰদৰ্শন কৰিছে ৷"

উল্লেখ্য যে, যোৱা বছৰ সংসদৰ অধিৱেশন 20 জুনৰ পৰা 7 আগষ্টলৈ অনুষ্ঠিত হৈছিল ৷ আনহাতে, এই বছৰৰ 3 এপ্ৰিলত আয়োজন কৰিবলগা বাজেট অধিৱেশন কৰ'ণা ভাইৰাছৰ বাবে 23 মাৰ্চতে অন্ত পেলোৱা হৈছিল ৷

নাইডুয়ে মত বিনিময় অনুষ্ঠানত প্ৰায় সকলো সদস্যৰে সৈতে বাৰ্তালাপ কৰা পৰিলক্ষিত হয় ৷ তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য আছিল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু প্ৰতিভা পাটিল আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু এইচ. ডি. দেৱেগৌড়া ৷ ইয়াৰোপৰি, তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ এছ. এ. ববডে, প্ৰাক্তন মুখ্য ন্য়ায়াধীশ দিপক মিশ্ৰা আৰু ৰঞ্জন গগৈ, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকল আৰু বিভিন্ন দলৰ বিশিষ্ট নেতাসকলৰে বাৰ্তালাপ কৰে ৷

ৰাজ্যসভাৰ 245 জন সদস্যৰ 241 জনৰ সৈতেই তেওঁ বাৰ্তালাপ কৰে ৷ আনহাতে, চাৰিজন সদস্য এই মত বিনিময় অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.