ETV Bharat / bharat

কেবিনেটৰ পৰা পদত্য়াগ বিজেপিৰ নৱনিযুক্ত সাধাৰণ সম্পাদক চিটি ৰবিৰ - বিএছ য়েদিয়ুৰাপ্পাৰ কেবিনেটৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী

বিএছ য়েদিয়ুৰাপ্পাৰ কেবিনেটৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী চিটি ৰবিয়ে মন্ত্ৰীসভাৰ পৰা পদত্য়াগ কৰে ৷

কেবিনেটৰ পৰা পদত্য়াগ বিজেপিৰ নৱনিযুক্ত সাধাৰণ সম্পাদক চিটি ৰবিৰ

author img

By

Published : Oct 4, 2020, 12:37 PM IST

নিউজ ডেস্ক, 4 অক্টোবৰ : কৰ্নাটক মন্ত্ৰীসভাৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী চিটি ৰবিয়ে দেওবাৰে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিএছ য়েদিয়ুৰাপ্পাক নিজৰ পদত্যাগ পত্ৰ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : শিৱসাগৰত বিশ্ব খোজকঢ়া দিৱস উদযাপন

শেহতীয়াকৈ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকে দলটোৰ ৰাষ্ট্ৰীয় স্তৰত বহুটো সলনিৰে বহুকেইগৰাকী আঞ্চলিক পৰ্যায়ৰ নেতাক দলটোৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতৃত্ব প্ৰদান কৰে ৷ বিজেপিৰ অধ্যক্ষ জেপি নড্ডাই দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ৰ বাবে এইসকল নেতাক নিৰ্বাচিত কৰে ৷ সেই অনুসৰিয়ে চিটি ৰবিকো দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হয় ৷

বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্বভাৰ লাভ কৰিয়ে তেওঁ কৰ্নাটকৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আনহাতে চিটি ৰবিয়ে সোমবাৰে নতুন দিল্লীত উপস্থিত হ'ব বুলি জানিব পৰা গৈছে ৷ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক কমিটীত চিটি ৰবিৰ লগতে ৰাম মাধৱ, অনিল জৈন, সৰোজ পাণ্ডে, দিলীপ শইকীয়া আদি নেতাৰ নাম সন্নিৱিষ্ট কৰা হৈছে ৷

লগতে পঢ়ক : ভাৰত-বাংলাদেশৰ নৌ-সেনাৰ যৌথ নৌ-সামৰিক অনুশীলন

For All Latest Updates

TAGGED:

CT Ravi
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.