ETV Bharat / bharat

ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতি: মোতায়েন NDRF বাহিনীৰ 11টা উদ্ধাৰকাৰী দল - পোহনীয়া জন্তু

বৰপেটা জিলাৰ 487 গৰাকী বানাক্ৰান্তক উদ্ধাৰ NDRF বাহিনীৰ ৷ দলটোৱে বানাক্ৰান্ত ৰাইজক কোভিড-19ৰ পৰা ৰক্ষা কৰিবলৈ মাস্ক বিতৰণ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি আৰু স্বাৱ পৰীক্ষাৰো ব্যৱস্থা কৰে ৷ বৰ্তমান 33খন জিলাৰ 24 খন জিলাই বানৰ কৱলত৷ বানৰ ফলত 8.03 লাখ পোহনীয়া জন্তুৰ মৃত্যু ৷

NDRF carry out rescue operations in affected areas
ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতি
author img

By

Published : Jul 13, 2020, 11:33 AM IST

নিউজ ডেস্ক,13জুলাই: বানৰ কৱলত এতিয়া ৰাজ্যৰ প্ৰতিখন জিলা ৷ বানাক্ৰান্ত ৰাইজক উদ্ধাৰৰ বাবে প্ৰতিদিনে ব্যস্ত NDRF বাহিনী ৷ বৰপেটা জিলাত NDRF বাহিনীয়ে হাতত লয় এক উল্লেখনীয় পদক্ষেপ ৷ জিলাখনত বানত আৱদ্ধ হৈ থকা 487 লোকক উদ্ধাৰ কৰে NDRF বাহিনীয়ে ৷ ইয়াৰ লগতে, দলটোৱে জিলাবাসীক কোভিড-19ৰ পৰা ৰক্ষা কৰিবলৈ মাস্কৰ লগতে জিলা প্ৰশাসনৰ সৈতে একত্ৰিত হৈ সামাজিক দূৰত্ব আৰু স্বাৱ পৰীক্ষাৰো ব্যৱস্থা কৰে ৷

এক বিবৃতিত NDRF বাহিনীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰথম বেটেলিয়ান, এনডিআৰএফ বাহিনীৰ দলে অত্যাধিক বৰষুণৰ বাবে চলিত বৰ্ষত গুৱাহাটী মহানগৰীৰ 950 টা অঞ্চলক খালী কৰি দিয়াৰ ব্যৱস্থা কৰিছে ৷ ইপিনে, অসমৰ যোৰহাট, বঙাইগাঁও, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, বাক্সা, বৰপেটা, কাছাৰ, শিৱসাগৰ, শোণিতপুৰ, ধেমাজি আৰু তিনিচুকীয়াত 11টাকৈ NDRFৰ অনুসন্ধান আৰু উদ্ধাৰকাৰী দল মোতায়ন কৰা হৈছে ৷ আনকি, বানাক্ৰান্ত এলেকা অঞ্চলসমূহ নিৰীক্ষণ কৰিবলৈ NDRF বাহিনীৰ এটি নিয়ন্ত্ৰণ কক্ষৰো ব্যৱস্থা কৰা হৈছে ৷

অন্য এক খবৰৰ বাবে: কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ নকৰে শচিন পাইলটে!

বিগত এসপ্তাহৰ পৰা ৰাজ্যত নেৰা-নেপেৰা বৰষুণ দি থকাৰ বাবে বঙাইগাঁও, কামৰূপ গ্ৰাম্য, বাক্সা আৰু বৰপেটাত ভয়ংকৰ ৰূপ লৈছে বান পৰিস্থিতিয়ে ৷ পুথিমাৰী,বেকী,আই আৰু পাহুমাৰা নদীৰ জলস্তৰ বৃদ্ধি হৈ জিলাকেইখনত সৃষ্টি হৈছে ভয়ংকৰ বান ৷

ৰাজ্যৰ 33খন জিলাৰ ভিতৰত 24খন জিলাই বৰ্তমান বানৰ কৱলত ৷ ইয়াৰে, 16খন জিলা অৰ্থাৎ ধেমাজি,ওদালগুৰি,বিশ্বনাথ, লখিমপুৰ , চিৰাং ,বৰপেটা ,বঙাইগাঁও, কোকৰাঝাৰ, গোৱালপাৰা, নগাঁও, যোৰহাট, মাজুলী, ডিব্ৰুগড়,পশ্চিম কাৰ্বি আংলং আৰু তিনিচুকীয়া জিলা অধিক ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য প্ৰকাশিত হৈছে ৷

অন্য এক খবৰৰ বাবে: জম্মু কাশ্মীৰত আটক চাৰিটা সন্ত্ৰাসবাদী

বৰ্তমানলৈকে বানৰ ফলত 18খন জিলাৰ মথাউৰিৰ বান্ধ, পথ, কালভাৰ্টৰ লগতে 810টা পৰিয়ালৰ বাসগৃহৰ ক্ষতিগ্ৰস্ত হৈছে ৷ ইফালে ৰাজ্যত সৃষ্টি হোৱা ভয়ংকৰ বানত সৰ্বমুঠ 8.03লাখ পোহনীয়া জন্তুৰ লগতে 4.24লাখ মুৰ্গী ক্ষতিগ্ৰস্ত হৈছে ৷ এই ক্ষেত্ৰত বানাক্ৰান্ত ৰাইজক উদ্ধাৰৰ লগতে সাহায্য বিতৰণৰ বাবে NDRF বাহিনীৰ কৰ্মীসকলে স্থানীয় প্ৰশাসনৰ সহযোগত অবিচ্ছিন্ন ভাৱে কাম কৰি আছে ৷

উল্লেখ্য যে, ৰাজ্যত কেইবাদিন ধৰি নেৰা-নেপেৰা বৰষুণ দি থকাৰ ফলত উত্তৰ-পুৰ্বাঞ্চলীয় ৰাজ্যৰ বহুকেইটা নদী উফন্দি উঠিছে ৷ দেওবাৰৰ দিনটোতো অধিক বৰষুণ দি থকাৰ ফলত ৰাজ্যৰ বহুকেইটা অঞ্চল পানীৰে উপচি পৰে ৷ ৰাজ্যৰ বতৰ বিভাগৰ মত অনুসৰি, অনাগত কিছু দিন ধৰি ৰাজ্যত অব্যাহত থাকিব নেৰা-নেপেৰা বৰষুণ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.