ETV Bharat / bharat

"আপদা সেৱা সদেৱ": ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ এক চমু অৱলোকন !

দেশত সংঘটিত হোৱা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ, অন্যান্য মানৱসৃষ্ট দুৰ্যোগৰ বাবে সদায় দেশবাসীৰ ওচৰত থিয় দি আহিছে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী চমুকৈ এনডিআৰএফ বাহিনী ৷ সদ্যহাতে দেশত বাহিনীটোৰ 12টা বেটালিয়ন আছে আৰু প্ৰতিটো বেটালিয়নে নিজৰ নিজৰ কাৰ্যদায়িত্বক্ষেত্ৰত নিষ্ঠাৰে কৰ্তব্য পালন কৰি আহিছে ৷ 2006 চনত 8টা বেটালিয়নৰ সৈতে কেন্দ্ৰীয় গৃহ-মন্ত্ৰালয়ৰ অধীনত স্থাপন কৰা হৈছিল এইটো বাহিনী ৷

ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ এক চমু অৱলোকন

author img

By

Published : May 28, 2020, 11:16 PM IST

তেজপুৰ, 28 মে' : যেতিয়াই দেশত কোনোধৰণৰ প্ৰাকৃতিক দুৰ্যোগ নাইবা বিপদে দেখা দিয়ে তেতিয়াই আমি দেখিবলৈ পাঁও তেওঁলোকক ৷ গেৰুৱা ৰঙৰ ইউনিফৰ্ম পৰিহিত এইসকল হৈছে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ সাহসী যোদ্ধা ৷ দেশৰ বিভিন্ন দুৰ্যোগ-আপদৰ সময়ত এইসকল যোদ্ধাই প্ৰথমে ঠিয় দিয়ে আপোনাৰ কাষত ৷ বহুতেই এওঁলোকক এনডিআৰএফ হিচাপে চিনি পায় যদিও সৰহসংখ্যকে নাজানে তেওঁলোকৰ কাৰ্যনীতি অথবা কিদৰে তেওঁলোকে সম্পাদন কৰে নিজৰ কাম ৷ এই সন্দৰ্ভত এক বিতং তথ্য দাঙি ধৰাৰ বাবে আমি উপস্থিত হৈছিলো শেহতীয়াকৈ গঠন হোৱা বাহিনীটোৰ শেষৰটো বেটালিয়ন অৰ্থাৎ 12 বেটালিয়নৰ কাষত ৷ আছাম ৰাইফলছৰ পৰা ফালৰি কাটি আনি 12সংখ্যক বেটালিয়নটো গঠন কৰা হৈছিল আৰু এওঁলোকক অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মনিপুৰ আৰু অসমৰ 9খন জিলাৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷

"আপদা সেৱা সদেৱ": ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী

বাহিনীটোৰ বাবে অধিক জানিবলৈ আমি উপস্থিত হৈছিলো শেহতীয়াকৈ গঠিত 12 বেটালিয়নৰ মুখ্য কাৰ্যালয়ত ৷ মহামাৰী কৰ'ণা ভাইৰাছৰ এই সংকটৰ কালত দেশৰ সেৱা আগবঢ়াই আহিছে বাহিনীটোৱে ৷ অৰুণাচল প্ৰদেশৰ দৈগ্ৰুঙত থকা মুখ্য কাৰ্যালয়ৰ বিপৰীতে তেজপুৰত থকা অস্থায়ী কাৰ্যালয়ৰ পৰাই বাহিনীটোৱে সদ্যহাতে কাৰ্যসম্পাদন কৰি আহিছে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল, মনিপুৰ, নাগালেণ্ড আৰু অসমৰ লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড় আৰু শোণিতপুৰকে ধৰি নখনকৈ জিলাত কাৰ্যসম্পাদন কৰি আহিছে বাহিনীটোৱে ৷ বাহিনীটোৰ কাৰ্যসম্পাদন প্ৰণালীৰ বিষয়ে সম্যক আভাষ প্ৰদান কৰে পৰিদৰ্শক মনিশ চৌধুৰীয়ে ৷

ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী চমুকৈ এনডিআৰএফক The Disaster Management Act ৰ দ্বাৰা 2006 চনত 8টা বেটালিয়নৰ সৈতে গঠন কৰা হৈছিল ৷ সদ্যহাতে এনডিআৰএফত 12টা বেটালিয়ন আছে আৰু তাৰ ভিতৰত বিএছএফ, চিআৰপিএফৰ তিনিটাকৈ, চিআইএছএফ, আইটিবিপি আৰু এছএছবিৰ দুটাকৈ আৰু বাকী দুটা সেনা আৰু আছাম ৰাইফলছৰ পৰা ফালৰি কাটি আনি গঠন কৰা হৈছিল ৷ 2007 চনৰ 25 অক্টোবৰত প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা এনডিএমএৰ আলোচনাত ইয়াক এক স্বয়ংচালিত বাহিনী হিচাপে স্বীকৃতি প্ৰদান কৰাৰ লগতে এগৰাকী মহাপৰিদৰ্শকৰ নেতৃত্বত কাৰ্যক্ষম হোৱাকৈ অনুমতি প্ৰদান কৰা হৈছিল ৷ এই আলোচনাৰ পিচতে 2008 চনৰ 14 ফেব্ৰুৱাৰীত এনডিআৰএফ অধিনিয়ম প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই অধিনিয়ম অনুসৰিয়ে এনডিআৰএফে কৰ্ম সম্পাদন কৰে ৷ বাহিনীটোৰ প্ৰতিটো বেটালিয়ন 1149গৰাকীকৈ জোৱানৰ দ্বাৰা গঠিত আৰু ইয়াৰ বৰ্তমান মহানিৰ্দেশক হৈছে সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শ্ৰী এছএন প্ৰধান ৷

এনডিআৰএফৰ বিষয়া মনিশ চৌধুৰী

বাহিনীটো অভিযন্তা, প্ৰযুক্তিবিদ, বৈদ্যুতিক বিশেষজ্ঞ, ডগ স্কোৱাডৰ লগতে স্বাস্থ্যকৰ্মী আৰু পাৰমানৱিক, ৰাসায়নিক, জৈৱিক আৰু ৰেডিঅ'লজিকেল কৰ্মীৰ দ্বাৰা সংগঠিত ৷ মানৱসৃষ্ট দুৰ্যোগৰ লগতে প্ৰাকৃতিক দুৰ্যোগ আৰু সাধাৰণ আইন-শৃংখলা জনিত কৰ্তব্যটো এনডিআৰএফ বাহিনীক নিয়োজিত কৰা হয় ৷ বাহিনীটোৰ প্ৰতিটো বেটালিয়নতে 45 গৰাকী বিষয়া-জোৱানৰ দ্বাৰা গঠিত 18টা স্বয়ংচালিত বিশেষজ্ঞৰ দল আছে ৷ এই দলবোৰে বিশেষ পৰিস্থিতিত সহায়কাৰ্য অথবা উদ্ধাৰকাৰ্যত লিপ্ত হয় ৷

ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ সৈতে বিশেষ সাক্ষাৎকাৰত প্ৰণৱ কুমাৰ দাস

মহামাৰী কৰ'না ভাইৰাছৰ ভয়াৱহ সংক্ৰমণ মাজত জনসাধাৰণৰ সুৰক্ষাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত তেওঁলোকৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰিছে । বাহিনীটোৰ 12 বেটালিয়নৰ বিষয়া পৰিদৰ্শক মনিশ চৌধুৰীৰ লগত আমি ইটিভি ভাৰতে এক আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ সময়তে তেওঁ জনায় যে, উত্তৰ পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যত কোভিড-19ৰ প্ৰতিষেধকৰ বাবে সংক্ৰমণ মুক্ত কৰাৰ দায়িত্ব তেওঁলোকে পালন কৰি আছে । বেটালিয়নে সকলো দুৰ্যোগ প্রশমন, বানপানী, ভূঁইকঁপ, মহামাৰী ইত্যাদি সময়তে গুৰু দায়িত্ব পালন কৰে । কোভিড-19ৰ বাবে লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ জিলাৰ সকলো বিমানবন্দৰ সংক্ৰমণ মুক্ত কৰে । অৰুণাচল প্ৰদেশৰ নাহৰলগুন হেলিপেড আৰু হলঙিত প্ৰতিষেধক প্ৰদান আৰু প্ৰথমটো বানত দুটাকৈ অভিযান চলায় এনডিআৰএফে । প্ৰতিটো অভিযানৰ বাবে পৃথক সাজ পৰিহিত এই ব্যক্তিসকল দুৰ্যোগৰ বাবে সদায় সাজু হৈ থাকে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.