নেশ্যনেল ডেস্ক, 8 অক্টোবৰ : পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে বিজেপিয়ে চলোৱা 'নৱন্না চলো' আন্দোলনে হিংসাত্মক ৰূপ লোৱাত কলকাতাৰ হেষ্টিংগছত বহু সংখ্যক আৰক্ষী জোৱান মোতায়েন কৰা হৈছে ৷ কলকাতাস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখত বিজেপি কৰ্মীসকলে চৰকাৰবিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখ্য যে, ৰাজ্যখনত বিজেপি নেতাৰ হত্যাৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷ বিজেপিৰ আন্দোলন ৰোধৰ বাবে আৰক্ষীয়ে বেৰিকেড আৰু পানীৰ বাৰুদ সাজু কৰি ৰাখিছিল ৷ আনহাতে, আন্দোলনত অংশগ্ৰহণ কৰা বিজেপি কৰ্মীসকলৰ ওপৰত লাঠিচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী ৷ ইয়াৰোপৰি প্ৰতিবাদকাৰীৰ ওপৰত পানী হিলৈ বৰ্ষণ কৰে আৰক্ষীয়ে ৷
প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বেৰিকেড ভাঙিবলৈ চেষ্টা কৰাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ প্ৰয়োগ কৰে ৷ লগতে প্ৰতিবাদকাৰীয়ে পথৰ মাজত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷
লগতে পঢ়ক : আজি ইনভেষ্ট ইণ্ডিয়া সন্মিলনক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে