ETV Bharat / bharat

পাৰস্পৰিক ঐক্যমতে বিলম্ব কৰিব আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তিঃ ভাৰতীয় বিষয়া

author img

By

Published : Feb 23, 2020, 12:18 PM IST

আমেৰিকান ৰাষ্ট্ৰপতিৰ প্ৰথম ভাৰত ভ্ৰমণৰ পূৰ্বে প্ৰথমবাৰৰ বাবে নিৰাপত্তা বিষয়ৰ কেবিনেটে সমিতিয়ে ২.৬ বিলিয়ন আমেৰিকান ডলাৰ ব্যয়েৰে ২৪ খন এম এইচ-৬০ আৰ হেলিকপ্টাৰ ক্ৰয় কৰিবলৈ অনুমোদন প্ৰদান কৰিছে । শক্তি খণ্ডত, ভাৰতত খাৰুৱা তেল আমদানিৰ বাবে আমেৰিকা ষষ্ঠ বৃহৎ দেশ । হাইড্ৰ’কাৰ্বনৰ আমদানি বিগত দুটা বছৰত ৭ বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি পাইছে ।

Mutual Consensus To Delay Trade Deal With US - Indian Officials
পাৰস্পৰিক ঐক্যমতে বিলম্ব কৰিব আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তিঃ ভাৰতীয় বিষয়া

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰথম ভাৰত ভ্ৰমণত প্ৰতিৰক্ষা আৰু শক্তি খণ্ডই প্ৰাধান্য লাভ কৰিব । ভাৰতীয় নৌসেনাৰ বাবে মাল্টি-ৰোল হেলিকপ্টাৰৰ ক্ৰয়ৰ ৰাস্তা ইতিমধ্যে মুকলি কৰা হৈছে । যিকোনো আমেৰিকান ৰাষ্ট্ৰপতিৰ প্ৰথম ভাৰত ভ্ৰমণৰ পূৰ্বে প্ৰথমবাৰৰ বাবে নিৰাপত্তা বিষয়ৰ কেবিনেটে সমিতিয়ে ২.৬ বিলিয়ন আমেৰিকান ডলাৰ ব্যয়েৰে ২৪ খন এম এইচ-৬০ আৰ হেলিকপ্টাৰ ক্ৰয় কৰিবলৈ অনুমোদন প্ৰদান কৰিছে । বিগত দশকত ভাৰতে আমেৰিকাৰ পৰা প্ৰায় ১৮ বিলিয়ন আমেৰিকান ডলাৰতকৈ অধিক দামৰ প্ৰতিৰক্ষা সামগ্ৰী কিনিছে । আমেৰিকাৰ সৈতে ভাৰতৰ ট্ৰেড ছাৰপ্ৰালছ হ্ৰাস কৰিবলৈ তেল আৰু গেছৰ উপৰি প্ৰতিৰক্ষাও এক উল্লেখনীয় বিষয় । ট্ৰাম্পে বাৰম্বাৰ ভাৰতৰ বিৰুদ্ধে বাণিজ্যিক অসমতা, বাণিজ্যত পাৰস্পৰিকতাৰ অভাৱ, উচ্চ শুল্কৰ অভিযোগ উত্থাপন কৰি আহিছে । ইয়াৰ বিপৰীতে ভাৰতে এয়া ন্যায়সংগত নহয় বুলি দাবী কৰিছে ।

“আমি বিশ্বাস কৰোঁ যে আন উন্নয়নশীল দেশতকৈ আমাৰ শুল্কৰ হাৰ উচ্চ নহয় । আমাৰ মান এনেধৰণৰ যে সেয়া আন দেশৰ সৈতে তুলনা কৰিব নালাগে ।আনকি কোৰিয়া আৰু জাপানৰ দৰে দেশৰ আমাতকৈ বহু উচ্চ হাৰৰ শুল্ক আছে।”এক চৰকাৰী সূত্ৰই এনেদৰে কয় ।

শক্তি খণ্ডত, ভাৰতত খাৰুৱা তেল আমদানিৰ বাবে আমেৰিকা ষষ্ঠ বৃহৎ দেশ । হাইড্ৰ’কাৰ্বনৰ আমদানি বিগত দুটা বছৰত ৭ বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি পাইছে । “আমেৰিকাৰ সৈতে দুটা বছৰত আমাৰ সম্পৰ্ক দৃঢ় হৈছে । পাৰস্পৰিক নীতিৰে কৌশলগত সম্পৰ্কৰ জৰিয়তে একবিংশ শিতাক আগবাঢ়ি যোৱাৰ চেষ্টা কৰা হৈছে । সন্ত্ৰাসবাদ দমন বা শান্তিপূৰ্ণ আৰু প্ৰগতিশীল ইণ্ডো-পেছিফিক গঢ়াৰ স্বাৰ্থত ভাৰত আৰু আমেৰিকাৰ স্বাৰ্থৰ অভাৱনীয় মিল আছে ।” বৈদেশিক সচিব হৰ্ষ স্ৰিংলাই এনেদৰে কয় ।

কিন্তু আঠ মাহৰ বহু বন্দোবস্তৰ পাছতো এক ক্ষুদ্ৰ বাণিজ্যিক চুক্তি এতিয়াও সুদূৰ পৰাহত আৰু পৰৱৰ্তী সময়লৈ স্থগিত ৰখা হৈছে । চৰকাৰী সূত্ৰই যদিও দাবী কৰে যে ইয়াক চুক্তিহীনতা বা স্তব্ধ চুক্তি হিচাপে চোৱাৰ সলনি জটিল সময় খৰচী প্ৰক্ৰিয়া হিচাপেহে চাব লাগে । বিশেষ সূত্ৰই জাবী কৰা অনুসৰি আমেৰিকাৰ বাণিজ্যিক প্ৰতিনিধি ৰবাৰ্ট লাইটহিজাৰ আৰু ভাৰতৰ বাণিজ্য মন্ত্ৰী পীয়ূষ গোৱেল সন্মত হৈছে যে ট্ৰাম্পৰ ভ্ৰমণৰ বাবে দৌৰাদোৰিকৈ চুক্তিখন স্বাক্ষৰিত কৰিব নালাগে । কিয়নো ইয়াৰ জৰিয়তে সঠিকভাৱে সমতা স্থাপন হ’ব লাগিব । “আমেৰিকাৰ দৰে আমিও বজাৰৰ উপলব্ধিৰ বাবে পাৰস্পৰিকভাৱে উপকাৰী চুক্তি এখন বিচাৰিছোঁ । আমাৰ প্ৰাধান্য জি এছ পি অৰ্থাৎ জেনেৰেল চিষ্টেম অৱ্ প্ৰিফাৰেন্স পুনৰ উদ্ধাৰ কৰাত । জি এছ পি হৈছে একপক্ষীয়ভাৱে প্ৰদান কৰা ৰেহাই । আমাক ৰেহাই বা বজাৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰাত আমেৰিকা দায়বদ্ধ নহয় । এয়া একপক্ষীয়ভাৱে কৰা হৈছিল আৰু একপক্ষীয়ভাৱে প্ৰত্যাহাৰ কৰা হৈছে । আমি এক পুনৰুদ্ধাৰ চাব বিচাৰিছোঁ ।” এক চৰকাৰী উৎসই এনেদৰে কোৱাৰ লগতে এই প্ৰত্যাহাৰে ২০১৯ চনত জি এছ পি প্ৰযোজ্য হোৱা খণ্ডসমূহত ভাৰতৰ ৰপ্তানিক প্ৰভাৱ পেলাব পৰা নাছিল । ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ পূৰ্বে গোয়েলৰ সৈতে এক প্ৰত্যাশিত বৈঠকত ভাগ নোলোৱা লাইটহিজাৰে এতিয়াও আমেৰিকাৰ বাণিজ্যিক সচিব উইলবাৰ ৰোছ, ৰাষ্ট্ৰপতিৰ উপদেষ্টা আৰু ট্ৰাম্পৰ জোঁৱায়েক জাৰেদ কাশ্বনাৰ, কোষাগাৰ সচিব নিউচিন আদিৰে গঠিত প্ৰতিনিধি দলৰ অংশ হোৱাটো অস্বীকাৰ কৰা নাই বুলি এক উৎসই জানিবলৈ দিছে ।সামগ্ৰী আৰু সেৱা খণ্ডত আমেৰিকা ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ ।বিগত দুবছৰত সামগ্ৰিকভাৱে দ্বিপাক্ষিক বাণিজ্য ১০ শতাংশ বৃদ্ধি পাইছে ।২০১৮ চনত ১৪২ বিলিয়ন আমেৰিকান ডলাৰত থকা দ্বিপাক্ষিক বাণিজ্যই এই বৰ্ষত ১৫০ বিলিয়ন অতিক্ৰম কৰিব বুলি আশা কৰা আছে ।

কোনো ধৰণৰ ডাঙৰ ঘোষণা নথকাৰ সম্ভাৱনা আৰু ট্ৰাম্পৰ ৩৬ ঘণ্টীয়া তিনিখন চহৰৰ ভ্ৰমণ কালত কেৱল বাহ্যিক ৰং-চঙত গুৰুত্ব দিয়াৰ বাবে সমালোচনা হোৱাৰ মাজতে নতুন দিল্লীয়ে কূটনৈতিক সম্পৰ্কৰ পৰিপক্কতাৰ ওপৰত জোৰ দিছে আৰু সম্পৰ্কক আগবঢ়াই নিবলৈ ইচ্ছা প্ৰকাশ কৰিছে । ২৪ ফেব্ৰুৱাৰীত ফাৰ্ষ্ট লেডী মেলানিৰ সৈতে ডনাল্ড ট্ৰাম্পে আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা মটেৰাৰ নতুন ক্ৰিকেট ষ্টেডিয়ামলৈকে এক বাইশ কিলোমিটাৰ জোৰা ৰোডশ্ব’ত ভাগ ল’ব । এই পথছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ট্ৰাম্প আৰু তেওঁৰ পত্নীক অসংখ্য জনসাধাৰণে আদৰণি জনাব । ইয়াৰ লগতে মহাত্মা গান্ধীৰ জীৱন আৰু কৰ্মক প্ৰতিফলিত কৰিব পৰাকৈ ২৮খন ৰাজ্যক প্ৰতিনিধিত্ব কৰি ২৮খন মঞ্চও নিৰ্মাণ কৰা হ’ব ।

সূত্ৰই দাবী কৰামতে আঠ মাহত ট্ৰাম্প আৰু মোদীৰ মাজত অনুষ্ঠিত পঞ্চমখন বৈঠকে পুনৰুজ্জীৱিত দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰমাণ দাঙি ধৰাৰ লগতে দুয়ো পক্ষৰ সম্পৰ্কৰ অগ্ৰগতিক দেখুওৱাৰ ইচ্ছাক প্ৰকাশ কৰিছে । “ক্ৰমবৰ্ধমান শক্তি হিচাপে কেৱল লেনদেনৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰিয়েই ভাৰতবৰ্ষই সম্পৰ্ক স্থাপন কৰিব নালাগে ।সকলো ভ্ৰমণৰ ফলতে ডাঙৰ সম্পৰ্ক নহ’ব পাৰে । কোনো ফলাফল নকৰাকৈ সন্মিলন পৰ্যায়ৰ বিনিময় অনুষ্ঠিত নকৰিবলৈ আমেৰিকা পৰিপক্ক ।” চৰকাৰী সূত্ৰই এনেদৰে দাবী কৰে । “এই আোলোচনা ব্যাপক হ’ব আৰু প্ৰতিৰক্ষা, নিৰাপত্তা, সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ, বাণিজ্য, শক্তিমানুহৰ সৈতে মানুহৰ আদান-প্ৰদান আৰু আন দ্বিপাক্ষিক বিষয়বোৰে গুৰুত্ব লাভ কৰিব । পাৰস্পৰিক স্বাৰ্থ জড়িত স্থানীয় আৰু আন্তৰ্জাতিক বিষয়সমূহতো তেওঁলোকে মত প্ৰকাশ কৰিব ।” ভাৰতৰ বৈদেশিক সচিবগৰাকীয়ে এনেদৰে জনায় ।

কাশ্মীৰৰ বিষয়টো ট্ৰাম্প-মোদীৰ বৈঠকত ফেক্টৰ নহয়ঃ সূত্ৰ

ডনাল্ড ট্ৰাম্পৰ ভাৰত আগমনৰ বাবে মাজত মাথো কেইটামান ঘণ্টা বাকী থকাৰ সময়ত কাশ্মীৰ, কা, এন আৰ চিৰ লগত জড়িত বিষয়বোৰে আলোচনাত নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে বুলি নতুন দিল্লী আশাবাদী । চৰকাৰী সূত্ৰৰ তথ্যমতে সংবিধানৰ ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছত জম্মু-কাশ্মীৰত জাৰি কৰা অধিকাংশ বাধা-নিষেধ প্ৰত্যাহাৰ কৰা হৈছে । ইয়াৰ লগতে আমেৰিকাৰ ৰাষ্ট্ৰদূত কেনেথ জাষ্টাৰে আন বিষয়াসকলৰ সৈতে কাশ্মীৰ উপত্যকা ভ্ৰমণ কৰিছে । তেওঁলোকৰ মতে ষ্টেট ডিপাৰ্টমেণ্টৰ ঘোষণাই এই কথা স্পষ্ট কৰিছে যে কাশ্মীৰৰ বিষয়টো ভাৰত আৰু পাকিস্তানে কৰিব আৰু ট্ৰাম্পৰ ভ্ৰমণৰ সময়ত ই বিশেষ প্ৰভাৱ পেলাব নোৱাৰিব ।

“ট্ৰাম্পে এই কথা বাৰে কৈছে যে কাশ্মীৰ সন্দৰ্ভত মধ্যস্থতা কৰাটো দুয়োখন দেশে গ্ৰহণ কৰিলেহে কৰিব পাৰিব । আমি এয়া গ্ৰহণযোগ্য নহয় বুলি বিভিন্ন সময়ত কৈ আহিছোঁ । গতিকে এই প্ৰস্তাৱটো চৰ্তসাপেক্ষ আৰু বৰ বেছি গুৰু্ত্বপূৰ্ণ নহয় ।মধ্যস্থচাৰ বিষয়টো মাত্ৰ কিছুসংখ্।ৰহে মনত আছে । আমাৰ আলোচনাত ই স্থান পাব বুলি নাভাবিব ।” পূৰ্বতে মধ্যস্থতাকাৰীৰভূমিক পালনৰ বাবে ট্ৰাম্পে দিয়া বিতৰ্কিত প্ৰস্তাৱ আৰু ভাৰত ভ্ৰমণত থকা কালত কাশ্মীৰ সন্দৰ্ভত ট্ৰাম্পে দিব পৰা অপ্ৰত্যাশিত বিতৰ্কিত মন্তব্যৰ সম্ভাৱনা সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত এগৰাকী জ্যেষ্ঠ বিষয়াই এনেদৰে কয় ।

জানিব পৰা মতে আফগানিস্তানৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষণা আৰু আমেৰিকা-আফগানিস্তানৰ মাজত শান্তি আলোচনাৰ পাছত আফগানিস্তানৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত ট্ৰাম্প আৰু মোদীৰ আনুষ্ঠানিক বৈঠকত আলোচনা কৰা হ’ব । কিয়নো এই বিষয়টোৰ ভাৰতৰ ওপৰতো প্ৰভাৱ আছে ।সূ্তৰৰ ফালৰ পৰা জনোৱা মতে সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ আৰু নিৰাপত্তাৰ দিশটো দুই গণতন্ত্ৰৰ মাজত সহযোগিতাৰ বিষয় হিচাপে আছে । কিয়নো পাকিস্তানত বংশওদ্ভৱ সন্ত্ৰাসবাদৰ বিৰুদ্ধএ আমেৰিকাই কঠোৰ স্থিতি লৈছে । “ সন্ত্ৰাসবাদ নিৰমূলৰ ক্ষেত্ৰত আমেৰিকাই এক দৃঢ় আৰু শক্তিশালী স্থিতি লৈ আহিছে । পুলৱামাৰ পাছত ভাৰতবৰ্ষৰ কাৰ্য ব্যৱস্থাক দেশখনে সজোৰে সমৰ্থন কৰিছে । ৰাষ্টৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১২৬৭ৰ ভিতৰত মাছুদ আজহাৰক আন্তৰ্ভুক্ত কৰাৰ বিষয়টো উত্থাপন হোৱাৰ সময়ত আমেৰিকাই মুখ্য ভূমিকা লৈছিল । সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আলোচনা কৰিবলৈ সকলো পৰ্যায়তে প্ৰতিষ্ঠানিক ব্যৱস্থাৰ ক্ষেত্ৰত আমেৰিকাৰ সৈতে আমাৰ সহযোগিতা আছে । কূটনৈতিক সম্পৰ্কৰ এয়া অন্যতম শক্তিশালী দিশ হিচাপে আমি সদায় অনুভৱ কৰি আহিছোঁ ।” এগৰাকী জ্যেষ্ঠ বিষয়াই এনেদৰে কয় ।

আৰু পঢ়কঃভাৰতৰ সৈতে বাণিজ্যিক চুক্তি চূড়ান্ত কৰিবলৈ এতিয়াও বাকী আছে : হোৱাইট হাউচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.