ETV Bharat / bharat

৬৪ গৰাকী বিদেশীৰ বিৰুদ্ধে গোচৰ ৰুজু মধ্যপ্ৰদেশ আৰক্ষীৰ - ৬৪ গৰাকী বিদেশী

মধ্য প্ৰদেশত ৬৪ গৰাকী বিদেশীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ । ইয়াৰ মাজত আছে COVID-19 আক্ৰান্ত ৰোগী আৰু ১০ খন অন্যান্য ৰাজ্য়ৰ পৰা অহা লোক । ভূপালত আত্মগোপন কৰি আছিল লোক কেইজনে ।

MP books foreign Tablighis under stringent laws

author img

By

Published : Apr 11, 2020, 12:53 PM IST

নিউজ ডেস্ক, ১১ এপ্ৰিলঃ তবলিগী জামাতত অংশগ্ৰহণ কৰা তথ্য গোপন কৰি ৰখাৰ অপৰাধত মধ্যপ্ৰদেশত ৬৪ গৰাকী বিদেশী নাগৰিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে মধ্যপ্ৰদেশ আৰক্ষীয়ে । ইয়াৰ মাজতে আছে COVID-19 আক্ৰান্ত ৰোগী আৰু ১০ খন অন্যান্য ৰাজ্য়ৰ পৰা অহা লোক ।

বিগত মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা নিজামুদ্দিন জামাতত অংশগ্ৰহণ কৰিছিল লোক কেইজনে । আনহাতে এই লোক সকলক বিভিন্ন মছজিদত থাকিবলৈ দিয়া অন্যান্য ১৩ জন লোকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে । পাঁচখন বিভিন্ন আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ ।

বিদেশী লোক সকল হৈছে- ম্যানমাৰ, ইণ্ডোনেছিয়া, ফ্ৰান্স, বেলজিয়াম আৰু কিৰ্গিজস্থানৰ (Kyrgyzstan) । ভাৰতীয় দণ্ডবিধিৰ আইনৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছে এই লোক সকলৰ বিৰুদ্ধে ।

জামাতত অংশ গ্ৰহণ কৰা ৮ গৰাকী বিদেশী নাগৰিকৰ দেহত COVID-19ৰ অৱস্থিতি পোৱা গৈছিল । সুস্থ হৈ উঠাৰ পাচতেই এই সকলক পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে । কিন্তু কেন্দ্ৰীয় চৰকাৰে এই সকল লোকক ভাৰতত প্ৰৱেশত নিষেধজ্ঞা আৰোপ কৰিব বুলি জানিব পৰা গৈছে ।

ভাৰত চৰকাৰে স্পষ্ট ভাৱে উল্লেখ কৰিছিল যে, ধৰ্মীয় অনুষ্ঠান তবলিগী জামাতত অংশ গ্ৰহণৰ বাবে মিশ্বনেৰী ভিছাৰ প্ৰয়োজন । পৰ্যটক ভিছাৰে ধৰ্ম প্ৰচাৰ কৰাত নিষেধজ্ঞা আৰোপ কৰা হৈছিল । ভাৰতীয় দণ্ড বিধি আইনৰ ১৮৮, ২৬৯, ২৭০ ধাৰত গোচৰ ৰুজু কৰা হৈছে এই সকল লোকৰ বিৰুদ্ধে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.