ETV Bharat / bharat

COVID-১৯ ৰ পৰা আৰোগ্য ১২ দিনীয়া সদ্যজাত

author img

By

Published : May 2, 2020, 4:52 PM IST

মধ্যপ্ৰদেশত শনিবাৰে COVID-১৯ ৰ পৰা আৰোগ্য লাভ কৰিলে এগৰাকী ১২ দিনীয়া কন্যা শিশুৱে । জন্ম লাভ কৰাৰ ১২ দিনৰ পাচত পোহৰলৈ আহিছিল COVID-১৯ ত আক্ৰান্ত হোৱাৰ কথা ।

COVID-১৯ ৰ পৰা আৰোগ্য ১২ দিনীয়া এগৰাকী সদ্যজাত

মধ্য়প্ৰদেশ, ২ মে': মধ্যপ্ৰদেশৰ ভূপালত COVID-১৯ ৰ পৰা আৰোগ্য লাভ কৰে এগৰাকী ১২ দিনীয়া সদ্যজাত কন্যা শিশুৱে । বৰ্তমান শিশুটিক চিকিৎসা প্ৰদান কৰি আৰোগ্য লাভ কৰাৰ পাচতেই হাস্পতালৰ পৰা মুকলি কৰি দিয়া হৈছে বুলি শনিবাৰে জানিবলৈ দিয়ে জিলা অধিকাৰীয়ে ।

জিলা অধিকাৰীয়ে জনোৱা মতে, যেতিয়া COVID-১৯ পৰীক্ষাৰ বাবে শিশুটিৰ নমুনা প্ৰেৰণ কৰা হৈছিল তেতিয়া শিশুটিৰ বয়স আছিল কেৱল ৯ দিন । অৱশেষত ১২ দিনৰ চিকিৎসাৰ পাচত শুকুৰবাৰে নিশা আৰোগ্য মুক্ত হৈ ঘৰলৈ উভতি আহিবলৈ সক্ষম হৈছে শিশুটি ।

শিশুটিৰ পিতৃৰ মতে, চুলতানিয়া জানানা চৰকাৰী হাস্পতালত যোৱা ৭ এপ্ৰিলত জন্মগ্ৰহণ কৰিছিল শিশুটিয়ে । সেই হাস্পতালত কৰ্মৰত এগৰাকী মহিলা স্বাস্থ্য় বিষয়াৰ সংস্পৰ্শতেই আক্ৰান্ত হৈছিল শিশুটি । বৰ্তমান শিশুটি সুস্থ আৰু শুকুৰবাৰে নিশা ঘৰলৈ অনা হয় বুলি জনায় । উল্লেখ্য যে, কন্যা শিশুটিৰ নাম প্ৰকৃতি ৰাখিছে পৰিয়ালৰ লোকে ।

জন্ম লাভ কৰাৰ পাচত শিশুটি আৰু মাতৃক যোৱা ১১ এপ্ৰিলত হাস্পতালৰ পৰা মুকলি কৰি দিয়া হৈছিল । কিন্তু যেতিয়াই মহিলা স্বাস্থ্য় কৰ্মীগৰাকী COVID-১৯ আক্ৰান্ত বুলি জানিবলৈ পায় তেতিয়াই হাস্পতাল কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে পৰিয়ালটোৱে । যোৱা ১৯ এপ্ৰিলত শিশুটিৰ COVID-১৯ ত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছিল । অৱশ্য়ে পৰিয়ালৰ অন্য়ান্য় সদস্য়ৰ ফলাফল নিগেটিভ পোৱা গৈছিল ।

আনহাতে জিলা অধিকাৰীৰ পৰা কোৱা হৈ যে, আক্ৰান্ত শিশুটি আৰু মাতৃক ১৫ দিনৰ কোৱাৰেণ্টাইনত ৰাখি এখন বে-চৰকাৰী চিকিৎসালয়ত চিকিৎসা কৰা হৈছিল ।

  • লক্ ডাউনত আৱদ্ধ লোক সকলৰ বাবে কৰ্ণাটক চৰকাৰৰ অনলাইন ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.