নিউজ ডেস্ক , 1 ফেব্ৰুৱাৰীঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিত্তমন্ত্ৰী হিচাপে তেখেতৰ কাৰ্যকালৰ দ্বিতীয়খন বাজেট উত্থাপন কৰিলে ৷ দেশৰ সকলো ক্ষেত্ৰকে সন্তুষ্ট কৰিব খোজা দেখা গ’ল বাজেটখনৰ জৰিয়তে ৷ ৰে’ল খণ্ডলৈ আগবঢ়োৱা হ’ল নতুন ৰে’লৰ লগতে আন বহু সেৱা সুবিধা ৷
সংক্ষেপে ভাৰতীয় ৰে’ল খণ্ডলৈ ঘোঘণা কৰা আঁচনি সমূহঃ ভাৰতীয় ৰে’লপথ চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্বৰ মডেলৰ মাধ্যমেৰে কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰিব এখন "কিষান ৰে’ল" ৷ মুম্বাই আৰু হায়দৰাবাদৰ মাজত চলি থকা তীব্ৰবেগী ৰে’লৰ দৰে নতুন ৰে’ল দেশলৈ আগবঢ়োৱা হ’ব ৷ 11,000 ৰে’ল ট্ৰেক বৈদ্যুতিকৰণ কৰা হ’ব অতি শীঘ্ৰেই ৷ ইতিমধ্যে দেশৰ ৰে’লৱে ষ্টেছনত 550 টা ৱাই-ফাই স্থাপন কৰা হৈছে ৷
ব্যক্তিগত আৰু ৰাজহুৱা অংশীদাৰিত্ব মডেলৰ আৰ্হিত ভাৰতত নতুনকৈ আৰম্ভ হ’ব 1,150 খন নতুন ৰে’ল ৷ ব্যক্তিগত খণ্ডৰ সহায়ত পুনঃনিৰ্মাণ কৰা হ’ব দেশৰ 4 টা ৰে’ল ষ্টেছন ৷ দেশৰ পৰ্যটন ক্ষেত্ৰ সমূহ সংযোগ কৰা হ’ব তেজাস ৰে’লৰ মাধ্যমেৰে ৷ ৰে’লৱে লাইন সমূহৰ লগতে বৃহৎ পৰিমাণৰ সৌৰ শক্তি উৎপাদনৰ ক্ষেত্ৰটো গ্ৰহণ কৰা হ’ব বিশেষ ব্যৱস্থা ৷ ৰে’ল বিভাগে তেজাস ৰে’লৰ 27000 কিলোমিটাৰ ৰে’লৱে লাইন বৈদ্যুতিকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷
লগতে পঢ়কঃকেন্দ্ৰীয় বাজেট 2020ঃ কি আছে কৃষিখণ্ডলৈ