নিউজ ডেস্ক, ১১ জুনঃ দেশত কোভিড-১৯ মহামাৰীৰ পৰা আৰোগ্য লাভ কৰিছে অধিকসংখ্যক ৰোগীয়ে। সম্প্ৰতি চিকিৎসাধীন অৱস্থাত থকা ৰোগীৰ তুলনাত আৰোগ্য লাভ কৰা ৰোগীৰ হাৰ অধিক। বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই তথ্য।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ যুতীয়া সঞ্চালক লাভ আগৰৱালাই উল্লেখ কৰা অনুসৰি দেশত কোভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ হাৰ ৪৯.২১ শতাংশ। নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে যুতীয়া সঞ্চালকগৰাকীয়ে।
বৃহস্পতিবাৰে আৱেলি ৪ বজালৈ দেশখনত চিকিৎসাধীন অৱস্থাত আছে ১,৩৭,৪৪৮ গৰাকী কোভিড-১৯ আক্ৰান্ত ৰোগী। আনহাতে, ১,৪১,০২৮ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত এই মহামাৰীৰ ফলত মৃত্যু হৈছে ৮,১০২ গৰাকী লোকৰ।
লগতে চাওকঃ কাৰ দোষত চিকিৎসালয়ৰ পৰা ঘৰ পালেগৈ কৰ'ণাত আক্ৰান্ত ৰোগী ?