ETV Bharat / bharat

মন্টেক আহুলুৱালিয়াক লৈ পঞ্জাৱত বিশেষজ্ঞ কমিটী গঠন চৰকাৰৰ

পঞ্জাৱ চৰকাৰে প্ৰখ্যাত অৰ্থনীতিবিদ আৰু পৰিকল্পনা আয়োগৰ প্ৰাক্তন উপাধ্যক্ষ মন্টেক আহুলুৱালিয়াক লৈ এখন বিশেষজ্ঞ কমিটী গঠন কৰিছে । কোভিড-১৯ মহামাৰীৰ পিচৰ পৰ্যায় সন্দৰ্ভত ৰাজ্যখনে কি ব্যৱস্থা ল'ব তাক লৈ গঠন কৰা হৈছে কমিটীখন ।

author img

By

Published : Apr 26, 2020, 3:40 PM IST

Updated : Apr 27, 2020, 10:08 AM IST

মন্টেক আহুৱালিয়া
মন্টেক আহুৱালিয়া

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ পঞ্জাৱ চৰকাৰে কোভিড-১৯ৰ পিচৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ গঠন কৰিছে বিশেষজ্ঞ কমিটী । দেশৰ পৰিকল্পনা আয়োগৰ প্ৰাক্তন উপাধ্যক্ষ তথা বিশিষ্ট অৰ্থনীতিবিদ মন্টেক আহুলুৱালিয়াক লৈ ৰাজ্য চৰকাৰখনে গঠন কৰিছে ২০জনীয়া কমিটীখন ।

কমিটীখনত অৰ্থনীতি আৰু উদ্যোগ বিশেষজ্ঞসকলক অন্তৰ্ভুক্ত কৰা হৈছে । কমিটীখনে চৰকাৰক এবছৰ আৰু মধ্যৱৰ্তী কৰ্ম পৰিকল্পনা প্ৰদান কৰিব, য'ত বিত্তীয় ব্যৱস্থাপনা নীতিকে ধৰি অন্যান্য আঁচনিসমূহ থাকিব আৰু ইয়াৰ দ্বাৰা কোভিড-১৯ৰ পৰৱৰ্তী সময়ত ৰাজ্যখনৰ অৰ্থনীতি টনকিয়াল কৰি ৰখাৰ চেষ্টা কৰা হ'ব ।

ৰাজ্য চৰকাৰৰ হৈ মুখ্য়মন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে আহুলুৱালিয়াক এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বেই এই বিষয়ক লৈ এখন বিশেষজ্ঞ কমিটী গঠন কৰাৰ কথা প্ৰকাশ কৰিছিল ।

২০জনীয়া এই কমিটীখনে, ৩১ জুলাইত ইয়াৰ প্ৰাৰম্ভিক নীতি তথা প্ৰস্তাৱসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰিব । পৰৱৰ্তী সময়ত ছেপ্টেম্বৰ ৩০ আৰু ডিচেম্বৰ ৩১ত কমিটীখনে আন দুটাকৈ প্ৰতিবেদন দাখিল কৰিব ।

শনিবাৰে পঞ্জাৱত ১০গৰাকীকৈ লোক কোভিড-১৯ ত আক্ৰান্ত হয় । ইতিমধ্যে ৰাজ্যখনত সৰ্বাধিকসংখ্যক ৩০৮গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ।

লগতে পঢ়কঃ কৰ'ণা ভাইৰাছঃ আজিৰ দিনটোত ভাৰতৰ সমগ্ৰ সমীক্ষা

Last Updated : Apr 27, 2020, 10:08 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.