ETV Bharat / bharat

দেশবাসীৰ পৰা ভাষণৰ বিষয় বস্তু বিচাৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে

author img

By

Published : Sep 17, 2019, 3:22 PM IST

Updated : Sep 17, 2019, 4:05 PM IST

আমেৰিকাৰ হাউচটনত অহা 22 চেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া ‘Howdy Modi’ নামৰ বিশেষ অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে৷ উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিবলগীয়া ভাষণৰ বিভিন্ন বিষয় বিচাৰি দেশবাসীক আহ্বান জনাইছে মোডীয়ে ৷

আমেৰিকাৰ 'Howdy' ৰ বাবে দেশবাসীৰ পৰা ভাষণ আহ্বান প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক, 17 চেপ্তেম্বৰঃ আমেৰিকাৰ হাউচটনত অহা 22 চেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া ‘Howdy Modi – Shared Dreams, Bright Futures’ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ প্ৰথমবাৰৰ বাবে বিশেষ অনুষ্ঠানটোলৈ নিমন্ত্ৰণ লাভ কৰা মোডীয়ে আমেৰিকাত থকা ভাৰতীয়সকলৰ লগতে আমেৰিকান জনতাক সম্বোধন কৰিব ৷ উক্ত অনুষ্ঠানত প্ৰদান কৰিবলগীয়া ভাষণত কি কি বিষয় সন্নিৱিষ্ট কৰিব তাক লৈ দেশবাসীৰ পৰা পৰামৰ্শ বিচাৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

  • There is great enthusiasm towards the #HowdyModi programme in Houston on 22nd. For my speech that day, I want to hear from you.

    Share your ideas for my address. I would refer to some of them during my remarks.

    Express your thoughts on the special Open Forum on the NaMo App. pic.twitter.com/IgH97MQBDc

    — Narendra Modi (@narendramodi) September 16, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰা "নমো" এপত দেশবাসীক নিজৰ নিজৰ ভাৱধাৰা ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ নিজৰ টুইটাৰত এই কথা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
আমেৰিকাৰ হাউচটনত আয়োজিত হ'বলগীয়া ‘Howdy Modi’ নামৰ বিশেষ জনগোষ্ঠীয় অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৷ অহা 22 চেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ব্যক্তিগতভাৱে আমন্ত্ৰণ জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণ লাভ কৰাৰ পিচতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৷ নৰেন্দ্ৰ মোডীয়ে টুইটযোগে, দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক ভাৰতীয় আৰু আমেৰিকাবাসীসকলৰ মাজৰ সামাজিক আৰু অৰ্থনৈতিক সহযোগিতাৰ বিষয়ে প্ৰকাশ কৰে ৷ দুয়োখন দেশৰ মাজত থকা সকলোধৰণৰ বৈদেশিক, কূটনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সামৰিক সম্পৰ্ক বন্ধুত্বৰ ভেটিত প্ৰতিষ্ঠিত বুলি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

উল্লেখ্য যে, এই বিশেষ জনগোষ্ঠীয় অনুষ্ঠানক লৈ হুৱাইট হাউচে চৰকাৰী অধিসূচনা জাৰি কৰি বিশ্বৰ সৰ্ববৃহৎ আৰু অতি পুৰনি দুখন গণতন্ত্ৰৰ মাজত বাণিজ্যিক সম্পৰ্কৰ দ্বাৰা কূটনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰে ৷ ‘Howdy Modi – Shared Dreams, Bright Futures’ হৈছে আমেৰিকাত থকা টেক্সাছ ইণ্ডিয়া ফ'ৰামৰ দ্বাৰা আয়োজিত এক সন্মিলিত জনগোষ্ঠীয় সন্মিলন ৷ অহা 22 চেম্পেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাউচটনস্থিত এনআৰজি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব শীৰ্ষক সন্মিলনখন ৷ সন্মিলনখনত অতি কমেও 50হাজাৰ লোকে অংশগ্ৰহণ কৰাৰ লগতে মুখ্য অতিথিৰূপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷

Intro:Body:

আমেৰিকাৰ 'Howdy' ৰ বাবে দেশবাসীৰ পৰা ভাষণৰ বিষয় আহ্বান প্ৰধানমন্ত্ৰীৰ 

আমেৰিকাৰ হাউচটনত অহা 22 চেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া ‘Howdy Modi’ নামৰ বিশেষ অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে৷ উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিবলগীয়া ভাষণৰ বিভিন্ন বিষয় বিছাৰি দেশবাসীক আহ্বান জনাইছে মোডীয়ে ৷  

নিউজ ডেস্ক, 17 চেপ্তেম্বৰঃ আমেৰিকাৰ হাউচটনত অহা 22 চেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া  ‘Howdy Modi – Shared Dreams, Bright Futures’ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ প্ৰথমবাৰৰ বাবে বিশেষ অনুষ্ঠানটোলৈ নিমন্ত্ৰণ লাভ কৰা মোডীয়ে আমেৰিকাত থকা ভাৰতীয়সকলৰ লগতে আমেৰিকান জনতাক সম্বোধন কৰিব ৷ উক্ত অনুষ্ঠানত প্ৰদান কৰিবলগীয়া ভাষণত কি কি বিষয় সন্নিৱিষ্ট কৰিব তাক লৈ দেশবাসীৰ পৰা পৰামৰ্শৰ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ 

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰা "নমো" এপত দেশবাসীক নিজৰ নিজৰ বিচাৰ ৰাখিবলৈ অনুৰোধ জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ নিজৰ টুইটাৰত এই কথা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ টুইটটোত নিজৰ ভাষণৰ বাবে দেশবাসীৰ পৰা শুনিব বিচাৰিছো বুলি লিখিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ 

আমেৰিকাৰ হাউচটনত আয়োজিত হ'বলগীয়া ‘Howdy Modi’ নামৰ বিশেষ জনগোষ্ঠীয় অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৷ অহা 22 চেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ব্যক্তিগতভাৱে নিমন্ত্ৰণ জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিমন্ত্ৰণ লাভ কৰাৰ পিচতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৷ নৰেন্দ্ৰ মোডীয়ে টুইটযোগে, দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক ভাৰতীয় আৰু আমেৰিকানসকলৰ মাজৰ সামাজিক আৰু অৰ্থনৈতিক সহযোগিতাৰ বিষয়ে প্ৰকাশ কৰে ৷ দুয়োখন দেশৰ মাজত থকা সকলোধৰণৰ বৈদেশিক, কূটনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সামৰিক সম্পৰ্ক বন্ধুত্বৰ ভেটিত প্ৰতিষ্ঠিত বুলি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ 

উল্লেখ্য যে, এই বিশেষ জনগোষ্ঠীয় অনুষ্ঠানক লৈ হুৱাইট হাউচে চৰকাৰী অধিসূচনা জাৰি কৰি বিশ্বৰ সৰ্ববৃহৎ আৰু অতি পুৰনি দুখন গনতন্ত্ৰৰ মাজত বাণিজ্যিক সম্পৰ্কৰ দ্বাৰা কূটনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰে৷  ‘Howdy Modi – Shared Dreams, Bright Futures’ হৈছে আমেৰিকাত থকা টেক্সাছ ইণ্ডিয়া ফ'ৰামৰ দ্বাৰা আয়োজিত এক সন্মিলিত জনগোষ্ঠীয় সন্মিলন ৷ অহা 22 চেম্পেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাউচটনস্থিত এনআৰজি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব শীৰ্ষক সন্মিলনখন ৷ সন্মিলনখনত অতি কমেও 50হাজাৰ লোকে অংশগ্ৰহণ কৰাৰ লগতে মুখ্য অতিথিৰূপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷

Conclusion:
Last Updated : Sep 17, 2019, 4:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.