ETV Bharat / bharat

মিজোৰামত পুনৰ নিষিদ্ধ হ'ল সুৰা

author img

By

Published : Mar 22, 2019, 1:38 PM IST

মিজোৰামক ইয়াৰ পূৰ্বেও  1997 চনৰ পৰা 2015 চনলৈ ড্ৰাই ষ্টেট হিচাপে ঘোষণা কৰা হৈছিল ৷ কিন্তু কংগ্ৰেছ চৰকাৰে প্ৰত্যাহাৰ কৰিছিল এই নিষেধাজ্ঞা ৷

Mizoram

আইজল, 22 মাৰ্চ : মিজোৰাম বিধান সভাত গৃহীত হ'ল সুৰা নিষেধাজ্ঞা বিধেয়ক৷ বিধেয়ক অনুসৰি পহিলা এপ্ৰিলৰ পৰা ৰাজ্যখনত নিষিদ্ধ হ'ব সুৰাৰ প্ৰস্তুত আৰু বিক্ৰী ৷

নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰিয়ে শাসনাধিষ্ঠিত মিজো নেশ্বনেল ফ্ৰণ্টে ৰাজ্যখনত সুৰা নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ৰাজ্যখনৰআবকাৰী মন্ত্ৰী কে বেইচুৱাই বুধবাৰে বিধান সভাত বিধেয়কখন দাখিল কৰি কয় যে সুৰাৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাই ৰাজ্যখনৰ জনসাধাৰণৰ জনজীৱন উন্নত কৰাত সহায় কৰিব ৷ সুৰাপানৰ ফলত সংঘটিত দুৰ্ঘটনাৰ সংখ্যাও ৰাজ্যখনত বৃদ্ধি পাইছে বুলি তেওঁ প্ৰকাশ কৰে ৷ বিধানসভাত সৰ্বসন্মতিক্ৰমে গৃহীত হয় বিধেয়কখন ৷
মিজোৰামক ইয়াৰ পূৰ্বেও 1997 চনৰ পৰা 2015চনলৈ ড্ৰাই ষ্টেট হিচাপে ঘোষণা কৰা হৈছিল ৷ কিন্তু কংগ্ৰেছ চৰকাৰে প্ৰত্যাহাৰ কৰিছিল এই নিষেধাজ্ঞা ৷ নিষেধাজ্ঞা প্ৰত্যাহাৰৰ সমৰ্থনত কংগ্ৰেছ চৰকাৰে প্ৰকাশ কৰিছিল যে নিষেধাজ্ঞা প্ৰত্যাহাৰে ৰাজহ বৃদ্ধি কৰাৰ লগতে ভেজাল সুৰাৰ ফলত হোৱা মৃত্যুৰ সংখ্যা হ্ৰাস কৰিব ৷ আনহাতে নিৰ্বাচনৰ সময়ৰে পৰা মিজো নেশ্বনেল ফ্ৰণ্টে ৰাজ্যখনত সুৰা নিষিদ্ধ কৰাৰ পক্ষতমাত মাতি আহিছিল ৷

SLUG:-GOALPARA ELEPHANT ATTACK 2 KILLED.VIS+BYTE SEND FTP.JAHIDUL.22/03/19

 ANCHOR+V.O :- গোৱালপাৰাৰ ৰঙাগঢ়াত লাডেনৰ সন্ত্ৰাস। ৰঙাগঢ়া গাঁৱত দুগৰাকী কৈ লোকক  নিশা হত্যা কৰিলে লাডেন নামৰ হাতীটোয়ে। কামাখ্যা-যোগীঘোপা নিৰ্মীয়মান দ্বৈত ৰেল পথটোৰে গৈ থকা এগৰাকী পাগলীক হত্যা কৰাৰ পাছতে ৰঙাগঢ়া গাঁৱৰ ডম্বৰুধৰ ৰাভাৰ পুত্ৰ লখিন ৰাভাক ঘৰৰ চৌহদীৰ পৰা প্ৰায় এশ মিটাৰ দূৰলৈ টানি লৈ যায়। পাগল হৈ পৰা লাডেন নামৰ হাতীটোয়ে লখিন ৰাভাৰ ভৰি দুখন দুফাল কৰি পেলোৱাৰ লগতে সমগ্ৰ শৰীৰ চিন্নভিন্ন কৰি পেলায়। কেইদিনমান পূৰ্বে লাডেনে লখিন ৰাভাৰ ঘৰ ভাঙিছিল। এইবাবে নিশা বিচনাত উঠাৰ পূৰ্বেই তেওঁ হাতী অহাৰ সন্দেহত ঘৰৰ চৌদিশে চুঙা লাইট জ্বলাই চাওঁতে লাডেন নামৰ হাতীটোয়ে তেওঁক আক্ৰমণ কৰে। ঘৰৰ পৰিয়ালৰ লোকসকলৰ চিঞৰত চুবুৰীয়া লোকসকল আহি পোৱাৰ পূৰ্বে হাতীটোয়ে লখিনক হত্যা কৰি গুচি যায়। নিশাই গোৱালপাৰাৰ বনাঞ্চলিক কাৰ্যালয়ত ৰঙাগঢ়াৰ ৰাইজে খবৰ দিছিল যদিও আজি পুৱালৈ ঘটনা স্থলীত উপস্থিত নহল বন বিভাগৰ লোক। বন বিভাগৰ এই কাৰ্যত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ। 
                                              
গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.